Rupaliparda.com
"আহিবলগীয়া সময়ত সংগীতৰ লগতে অভিনয়ৰ ক্ষেত্ৰতো মোৰ যাত্ৰা অব্যাহত থাকিব"- পিংকল প্ৰত্যুষ 1

“আহিবলগীয়া সময়ত সংগীতৰ লগতে অভিনয়ৰ ক্ষেত্ৰতো মোৰ যাত্ৰা অব্যাহত থাকিব”- পিংকল প্ৰত্যুষ

অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন তেনেই চহকী; নৱপ্ৰজন্মৰ অন্তৰ্ভূক্তিয়ে এই ক্ষেত্ৰখনক আৰু অধিক মনোগ্ৰাহী কৰি তুলিছে। এই ক্ষেত্ৰখনৰ কেৱল মাত্ৰ এটা বিভাগতেই নহয়; দুই-তিনিটাকৈ বিভাগত তেওঁলোকে সমানেই পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। পিংকুল প্ৰত্যুষ; নামটো হয়টো আপোনালোকৰ বাবেও অচিনাকী নহয়। এগৰাকী সংগীত পৰিচালকৰ ৰূপে জনসাধাৰণৰ হৃদয়ত নিজ ঠাই বনাবলৈ সক্ষম হোৱা পিংকলৰ অভিনয়ৰ দ্বাৰা শেহতীয়াকৈ নিৰ্মিত চুটি ছবিয়ে দৰ্শকক তেওঁৰ অভিনয়ৰো অনুৰাগী কৰি তুলিছে। পিংকল প্ৰত্যুষৰ ইউটিউব চেনেলতো ভিউৱাৰচৰ যথেষ্ট পয়োভৰ দেখিবলৈ পোৱা যায়। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ যোগে যেতিয়া পিংকল প্ৰত্যুষক একোটা গীতৰ সফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “বৰ্তমান সময়ত ভাল ভাল গীতৰ সমাহাৰ ঘটিছে অসমীয়া সংগীত জগতত। এটি গীতৰ স্থায়ীয়তা লাভ কৰিব হ’লে প্ৰথমতে গীতটি শ্ৰুতিমধুৰ হ’ব লাগিব। গীতৰ সুৰ লগতে কণ্ঠশিল্পী গৰাকীৰ উপস্থাপনৰ দিশটো হ’ব লাগিব অনবদ্য। সংগীতৰ অলংকাৰে মনত আলোড়নৰ সৃষ্টি কৰিব পৰা ক্ষমতা থাকিলেই মই ভাবো এটি গীতে সমাদাৰ লাভ কৰাটো নিশ্চিত হৈ পৰে।” সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত পিংকলে কয় যে, “লৰালি কালৰ পৰাই মই সংগীতৰ জগত খনৰ সৈতে জড়িত হৈ আছো। সৰু কালতেই অসমৰ বহু জনপ্ৰিয় শিল্পীৰ সান্নিধ্য লাভ কৰাৰ উপৰিও মোৰ ঘৰখনতো এটি সংগীতৰ পৰিবেশে বিৰাজ কৰিছিল বুলি ক’ব পাৰো।”

"আহিবলগীয়া সময়ত সংগীতৰ লগতে অভিনয়ৰ ক্ষেত্ৰতো মোৰ যাত্ৰা অব্যাহত থাকিব"- পিংকল প্ৰত্যুষ 2
"আহিবলগীয়া সময়ত সংগীতৰ লগতে অভিনয়ৰ ক্ষেত্ৰতো মোৰ যাত্ৰা অব্যাহত থাকিব"- পিংকল প্ৰত্যুষ 3


তেওঁ আগলৈ কয় যে, “ষষ্ঠমান শ্ৰেণীত পঢ়ি থাকোতেই মই দিয়া সংগীতত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত বা, অনিন্দিতা প’লকে আৰম্ভ সীমান্ত শেষৰ দা আদিৰ দৰে বহু কেইজন প্ৰতিষ্ঠিত শিল্পীয়ে গীত পৰিৱেশন কৰিছিল ৷” সংগীতৰ লগতে অভিনয়ৰ দিশটোকো সুন্দৰকৈ সাঙুৰি লোৱা ক্ষেত্ৰত তেওঁৰ কি ইচ্ছা; সেই বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মোৰ দেউতা কিশোৰ বৰুৱাই পৰিচালনা কৰা ছবিৰ লগতে কেইবাখনো ভিচিডি এলবামত অভিনয় কৰিবলৈ অহা বহু অভিনেতা অভিনেত্ৰীক মোৰ প্ৰায় তিনি বছৰ বয়সৰ পৰাই মই লগ পাইছিলো। মোৰ এতিয়াও মনত আছে তেতিয়াৰ কথা; সমান্তৰালকৈ মই সুশান্ত কাশ্যপে কণ্ঠদান কৰা “ল’ৰালি ল’ৰালি ” গীতটিত ৰবি শৰ্মা দাৰ সৈতে পাঁচ বছৰ বয়সতে অভিনয় কৰিছিলো। যিটো গীতে বহুল জনপ্ৰিয়তা লাভ কৰিছিল ৷


অভিনয় কৰাটো মোৰ ইচ্ছা বুলিও ভাবিব পাৰে। কিন্তু মই ঘৰুৱা প্ৰডাকচনতহে সময় মিলাই মাজে সময়ে অভিনয় কৰো ৷ অসমৰ ৰাইজে অভিনয়ৰ ক্ষেত্ৰত মোক অনুপ্ৰেৰণা জগোৱা বাবে মই অকণমান হ’লেও অভিনয় কৰিবলৈ সাহস গোটাব পাৰিছো ৷ আহিবলগীয়া সময়ত সংগীতৰ লগতে অভিনয়ৰ ক্ষেত্ৰতো মোৰ যাত্ৰা অব্যাহত থাকিব।” পিংকল প্ৰত্যুষৰ আগন্তুক সময়ৰ প্ৰতিটো পৰিকল্পনা অথবা প্ৰকল্পৰ বাবে আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰাও তেওঁলৈ যাঁচিছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform