Rupaliparda.com
এইবাৰ "লভ জিহাদ" ৰ ওপৰত প্ৰশ্ন কংগনা ৰাণাওঁটৰঃ 1

এইবাৰ “লভ জিহাদ” ৰ ওপৰত প্ৰশ্ন কংগনা ৰাণাওঁটৰঃ

কংগনা ৰাণাওঁটক প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়। তেওঁ বহু এনে প্ৰসংগত মাত মাতে যিটো হয়টো তেওঁৰ ফালেৰে গতি নকৰে তৎস্বত্বেও বিষয়সূহত মাত মাতি সংবাদ মাধ্যমৰ শীৰ্ষস্থান দখলত সক্ষম হৈ পৰে অভিনেত্ৰী গৰাকী। শেহতীয়াকৈ তেওঁ মাত মাতিছে “লভ জিহাদ” ক কেন্দ্ৰ কৰি; তেওঁ চচিয়েল মিডিয়াৰ এক খবৰক ৰিটুইট কৰে; যিটো আছিল সেইসকল লোকৰ ওপৰত যিসকল ব্যক্তিয়ে নিজ ধৰ্ম আৰু নামৰ অস্তিত্ব লুকুৱাই হিন্দু ধৰ্মৰ নাৰীক প্ৰেমৰ জালত পেলাই বিবাহ পাশত আৱদ্ধ হয়। কংগনাই টুইটত “লভ জিহাদ” ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে, “প্ৰতিদিনে আমি এনে বহু বাতৰি সংবাদ মাধ্যম যোগে পঢ়িবলৈ পাওঁ অথবা দেখিবলৈ পাওঁ। মই বুজি নাপাওঁ যে “লভ জিহাদ” ৰ আইনী ব্যৱস্থাক লৈ কিছুমান লোকৰ কি অসুবিধা আছে! তেওঁলোকৰ মাজত যদি প্ৰেম আছে তেতিয়াহ’লে তেওঁলোকে নিজ নিজ বাস্তৱ পৰিচয় ব্যক্ত কৰি বিবাহ পাশত আৱদ্ধ হ’লে একোটো অসুবিধা নহয়।

এইবাৰ "লভ জিহাদ" ৰ ওপৰত প্ৰশ্ন কংগনা ৰাণাওঁটৰঃ 2


কিন্তু, কোনো মহিলাক যদি কোনোবাই মিছা কৈছে তেতিয়াহ’লে তেওঁলোকক সহায় কৰিবলৈ কোন আগবাঢ়ি আহিব?” এনেবোৰ কথাৰেই নিজ মত ব্যক্ত কৰে কংগনাই। ইয়াৰ কিছুদিন পূৰ্বে, কংগনা সংবাদ মাধ্যমৰ শীৰ্ষস্থানত আছিল পঞ্জাৱৰ সংগীতশিল্পী দিলজিৎ ডোচাঞ্জৰ সৈতে চচিয়েল মিডিয়াত হোৱা মতবিৰোধৰ বাবে। দিলজিতে ভিন্ন ধৰণে কংগনাক ককৰ্থনা কৰাৰ উপৰিও কংগনাৰ প্ৰতিটো কথাৰ প্ৰতিউত্তৰ দিবলৈ প্ৰস্তুত আছিল দিলজিৎ। ইয়াৰ উপৰিও, কংগনাই শিৱসেনা নেতা সঞ্জয় ৰাওটৰ সৈতেও কাজিয়াত অৱতীৰ্ণ হয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform