Rupaliparda.com
"পথাৰ আমাৰ বজাৰ আমাৰ"; জুবিন গাৰ্গৰ নতুন পদক্ষেপৰ শুভাৰম্ভ- 1

“পথাৰ আমাৰ বজাৰ আমাৰ”; জুবিন গাৰ্গৰ নতুন পদক্ষেপৰ শুভাৰম্ভ-

নতুন বছৰত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ লগতে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ নতুন পদক্ষেপ। বৃন্দাবন চুপাৰ মাৰ্কেটত “পথাৰ আমাৰ বজাৰ আমাৰ” নামে এখন সুন্দৰ বিপণীৰ মুকলি কৰে কন্ঠশিল্পী গৰাকীৰ লগতে তেওঁৰ পত্নীয়ে। কিছুদিন পূৰ্বে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ এখন ফটো ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। বিভিন্ন জনে শিল্পী গৰাকীক ফটোখনৰ ভিত্তিত প্ৰশ্ন কৰাৰ লগতে সমালোচনা কৰাও আৰম্ভ কৰিছিল; ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ কৰিবলৈ যোৱা অৱস্থাত এই ফটোখন লোৱা হৈছিল আৰু তেওঁৰ সৈতে ফটোখনত আছিল তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গো। বিতৰ্কিত “কা” বিৰোধী আইনৰ বিৰোধিতাত বিগত দিনত জুবিন গাৰ্গে বিভিন্ন ধৰণে আন্দোলন অব্যাহত ৰাখিছিল; গতিকে এনেক্ষেত্ৰত কন্ঠশিল্পী গৰাকী মূখ্যমন্ত্ৰী সোণোৱালৰ কাষ চপাত প্ৰত্যেকেই সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁক লৈ নানানটা প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু সেই প্ৰশ্নৰ উত্তৰ জুবিনক ৰাজহুৱাকৈ দিবলৈ আৱেদন জনাইছিল তেওঁৰ অনুৰাগীয়ে। আজি এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ দিয়ে হাৰ্টথ্ৰৱ গৰাকীয়ে।


এখন সংবাদ পত্ৰ যোগে এই আটাইবোৰ কথা খুলি কৈছিল জুবিন গাৰ্গে। তেওঁ বহু দিনৰ পৰাই অসমৰ থলুৱা বস্তুবোৰ লৈ এক অৰ্থনৈতিক আন্দোলনৰ ইচ্ছা কৰিছিল আৰু সেইবাবেই তেওঁ মূখ্যমন্ত্ৰী গৰাকীক লগ কৰা বুলি ব্যক্ত কৰিছিল। লগতে তেওঁ চৰকাৰৰ লগত বানপানী, ক’ভিডৰ বিষয়ক লৈও আলোচনা কৰা বুলি কয় আৰু জাতি, মাটি,ভেঁটিৰ বাবে যে শিল্পী গৰাকীয়ে সদায় আন্দোলন কৰি যাব তাক লৈও নিজ মত স্পষ্ট কৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। জুবিন গাৰ্গে মূখ্যমন্ত্ৰীক লগ কৰা স্বাৰ্থ বৰ্ষটোৰ প্ৰথমটো দিনতেই সম্পূৰ্ণ হোৱা দেখি উৎসাহিত হৈ পৰিছে বৰ্তমান অনুৰাগী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform