Rupaliparda.com
"সমাজৰ ভয়ত হেৰাই যায় বহু সপোন"- ৰুদ্ধদ্বাৰ (চুটি ছবি) 1

“সমাজৰ ভয়ত হেৰাই যায় বহু সপোন”- ৰুদ্ধদ্বাৰ (চুটি ছবি)

কেতিয়াবা চাৰিবেৰৰ মাজত আৱদ্ধ হয় তাতেই বিৰাম লাগি শুই পৰে বহুতৰ ইচ্ছা অথবা আশাবোৰ। সমাজৰ ভয়ত হেৰাই যায় বহু সপোন; দুটা অশ্লীল শব্দ শুনাৰ আগত আমি নিজৰ ইচ্ছাৰ হত্যাতেই বিশ্বাস কৰো। এনে বহু উদাহৰণ আছে; আমি গতানুগতিক জীৱনতো এয়া দেখিছো অথবা চিনেমাৰ কাহিনীটো এনে কিছু কথাৰ উপস্থাপন দেখিবলৈ পোৱা গৈছে। আপোনালোকক পূৰ্বতেও কৈছিলো যে, একোখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ বৰ্তমান একোখন চুটি ছবিৰ গ্ৰহণযোগ্যতা আৰু উপভোগ্যতা বৃদ্ধি পাইছে। তিনিঘন্টাৰ সলনি নাই কমেও ১০-১৫ মিনিট দৈৰ্ঘ্যৰে দৰ্শকৰ ওচৰত উপস্থাপন কৰা এটা বিষয়বস্তুয়ে বেছিকৈ আপ্লুত কৰে জনসমাজক। “লক-ডাউন” ৰ সময়ছোৱাতটো আমি বহু এনে চুটি ছবি উপভোগ কৰিছো যাৰ কাহিনীয়ে হয়টো বৰ্তমানলৈ আমাৰ মন-মগজুত ক্ৰিয়া কৰি আছে। আচলতে, কেৱল “লক-ডাউন” বুলিয়েই নহয়; পূৰ্বৰে পৰা একাংশ চুটি ছবিয়ে জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ হেমন্ত গগৈৰ দ্বাৰা পৰিচালিত “ৰুদ্ধদ্বাৰ” শীৰ্ষক চুটি ছবিখনে লাভ কৰিছে জনসাধাৰণৰ বহুল সমাদৰ।


“ৰুদ্ধদ্বাৰ” চুটি ছবিখন সংলাপেৰে ভৰপূৰ নাছিল যদিও চুটি ছবিখনত অভিনীত অভিনেতা-অভিনেত্ৰী দ্বয়ৰ দ্বাৰা মুখৰ অংগী-ভংগীৰে কথাখিনি প্ৰকাশ কৰাত বেছি গুৰুত্ব প্ৰদান কৰিছিল পৰিচালক গৰাকীয়ে। সীমা বৰুৱা আৰু হীৰক জ্যোতি বৰদলৈৰ অভিনয়ৰে “ৰুদ্ধদ্বাৰ” পৰিচালনাৰ লগতে চুটি ছবিখন লিখিছে আৰু প্ৰযোজনা কৰিছে পৰিচালক হেমন্ত গগৈ নিজেই। সৌৰভ মহন্তৰ সংগীতেৰে ইয়াক সম্পাদনা কৰিছে ঋতুৰাজ দত্তই। জি ব্ৰাদাছ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনৰ শব্দ বলেন পাঠকৰ। “ৰুদ্ধদ্বাৰ” প্ৰতিফলিত কাহিনীভাগে সম্প্ৰতি সমাজৰ কিছু পৰিস্থিতিক বাখ্যা কৰাত সক্ষম হৈছে।

"সমাজৰ ভয়ত হেৰাই যায় বহু সপোন"- ৰুদ্ধদ্বাৰ (চুটি ছবি) 2


পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ সৈতে জড়িত নহ’লেও পৰিচালক হেমন্ত গগৈয়ে চুটি ছবি নিৰ্মাণৰ দ্বাৰাই নিজৰ আশা সমূহক পূৰ্ণাংগ ৰূপ দিয়াৰ চেষ্টা কৰিছে। হেমন্ত গগৈৰ “ৰুদ্ধদ্বাৰ” ৰ পিছত তেওঁৰ আহিবলগীয়া প্ৰতিটো প্ৰকল্পৰ বাবে বৰ্তমান অপেক্ষাৰত দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform