Rupaliparda.com
ৰণৱীৰ কাপুৰৰ ঘোষণাঃ "এনিমেল" ত দেখিবলৈ পোৱা যাব তেওঁক- 1

ৰণৱীৰ কাপুৰৰ ঘোষণাঃ “এনিমেল” ত দেখিবলৈ পোৱা যাব তেওঁক-

নতুন বৰ্ষৰ আৰম্ভণিৰ লগতে ৰণৱীৰ কাপুৰে ঘোষণা কৰিলে তেওঁৰ আগন্তুক ছবিখনৰ কথা। সন্দীপ ৰেড্ডী বাংগাৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ নাম হৈছে “এনিমেল”। ছবিখনৰ ঘোষণা কৰাৰ পিছতেই ই সকলোকে উৎসাহিত কৰাৰ লগতে আকৰ্ষিত কৰিবলৈও সক্ষম হৈছিল। ছবিখন ঘোষণা কৰিবলৈ আপলোড কৰা ভিডিঅ’টোক আচলতে সাধাৰণজনৰ উপৰিও পচন্দ কৰিছে আন কেইবাগৰাকীও চিলেব্ৰেটীয়ে; তাৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে অভিনেতা ঋত্বিক ৰোশনৰ নাম। এই ছবিখন পিতা-পুত্ৰৰ সম্পৰ্কৰ ওপৰত আধাৰিত। আনহাতে, ছবিখনত পিতাৰ চৰিত্ৰ ৰূপায়ন কৰিব অনিল কাপুৰে আৰু ইয়াত নিগেটিভ চৰিত্ৰ ৰূপায়ন কৰিব ববী দেউলে। ২০২১ বৰ্ষৰ মাজভাগত এই ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব আৰু ২০২২ চনলৈ ছবিখনে মুক্তি লাভ কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। ইয়াৰ উপৰিও, ৰণৱীৰ কাপুৰক দেখিবলৈ পোৱা যাব “ব্ৰহ্মাস্ত্ৰ” ত; য’ত তেওঁৰ সৈতে অভিনয় কৰিব প্ৰেয়সী আলিয়া ভাটে।

ৰণৱীৰ কাপুৰৰ ঘোষণাঃ "এনিমেল" ত দেখিবলৈ পোৱা যাব তেওঁক- 2
ৰণৱীৰ কাপুৰৰ ঘোষণাঃ "এনিমেল" ত দেখিবলৈ পোৱা যাব তেওঁক- 3


১৯৯৩ চনত জন্মগ্ৰহণ কৰা আলিয়া ভাটে সৰুতেই “সংঘৰ্ষ” নামে ছবিখনত অভিনয় কৰিছিল লগতে কৰণ জহৰৰ ছবি “ষ্টুডেন্ট অৱ দা ইয়েৰ” ৰ পৰা তেওঁ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ লগতে, অভিনেতা ঋষি কাপুৰৰ পুত্ৰ ৰণৱীৰে বলীউডত খোজ দিয়ে “সাৱৰিয়া” ছবিখনৰ পৰা। প্ৰথমখন ছবি ফ্লপ হৈছিল যদিও তেওঁৰ আগন্তুক কেইবাখনো ছবিয়ে দৰ্শকৰ সমাদৰ লাভ কৰে। । আয়ান মূখাৰ্জীৰ দ্বাৰা পৰিচালিত “ব্ৰহ্মাস্ত্ৰ” ছবিখনৰ প্ৰযোজনা কৰণ জহৰৰ। এই ছবিখনত আলিয়া-ৰণৱীৰৰ সৈতে অভিনয় কৰিব অমিতাভ বচ্চন, মৌনী ৰয় তথা দিম্পল কপাদিয়াই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform