Rupaliparda.com
হাতত এৱাৰ্ডঃ আকৌ উৎসাহী নেহা কক্কড় 1

হাতত এৱাৰ্ডঃ আকৌ উৎসাহী নেহা কক্কড়

নিজ বিবাহক লৈ বিগত বহু দিনৰ পৰা চৰ্চালৈ আহি থকা নামটো হৈছে নেহা কক্কৰৰ। নিজ কেৰিয়াৰক লৈ নেহা কক্কড়ৰ সফল কাহিনী সকলোৱে জানে; ইয়াৰ সমান্তৰালকৈ তেওঁৰ ব্যক্তিগত জীৱনক লৈও আচলতে উৎসাহী হৈ থাকে সকলো। শেহতীয়াকৈ আন এক সুখবৰ লৈ জনসাধাৰণৰ কাষ চাপিছে নেহা কক্কড়; তেওঁ লাভ কৰিছে ইউটিউবৰ তৰফৰ পৰা ডায়মণ্ড এৱাৰ্ড।এই ডায়মণ্ড এৱাৰ্ডটোৰ সৈতে নেহা কক্কড় হৈ পৰিছে প্ৰথমগৰাকী ভাৰতীয় যিয়ে লাভ কৰিছে এই ডায়মণ্ড। ইয়াৰ উপৰিও, ফৰ্বসৰ এখন তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে নেহা কক্কড়ৰ নাম। চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ লগতে আনক প্ৰেৰণা দিয়াৰ ক্ষেত্ৰত এই তালিকাত নাম অন্তৰ্ভূক্ত কৰা হৈছে নেহা কক্কড়ৰ। ইণ্ডাষ্ট্ৰীটোত নেহা কক্কড় এনে এগৰাকী তাৰকা যিয়ে নিজৰ প্ৰতিভাৰে সকলোবোৰ অৰ্জন কৰি আজিৰ এই পৰ্যায় লাভ কৰিবলৈ সক্ষম হৈছে। নেহা কক্কড়ে সফলতাৰ বাৰ্তা প্ৰেৰণ কৰি নিজ সুখ ব্যক্তি কৰি কৈছিল যে, “নিজক লৈয়ে বহুত গৌৰৱ অনুভৱ কৰিছো। আপোনালোকে জানে যে এই তালিকাখনত অমিতাভ বচ্চন ছাৰ, শ্বাহৰুখ খান ছাৰ আৰু মোৰ নাম আছে। ভগৱানক শতকোটি প্ৰণাম; আপোনালোক সকলোকে ধন্যবাদ।”


নেহা কক্কড়ে এৱাৰ্ড প্ৰাপ্তিৰ কথাটোৱে এতিয়া নেহাকে নহয়; উৎসাহিত কৰি তুলিছে তেওঁৰ স্বামী ৰোহনপ্ৰীতৰ লগতে কেইবাগৰাকীও অইন চিলেব্ৰেটীকো। তেওঁক লৈ শেহতীয়াকৈ গৌৰৱ অনুভৱ কৰা বুলি প্ৰকাশ কৰিছে এতিয়া সকলোৱে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform