Rupaliparda.com
প্ৰিয়ংকা ভৰালীলৈ শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পীৰ বঁটাঃ 1

প্ৰিয়ংকা ভৰালীলৈ শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পীৰ বঁটাঃ

“এচেৰেঙা ৰ’দালী” ৰ তৰফৰ পৰা প্ৰিয়ংকা ভৰালীলৈ সন্মান; ২০২০ বৰ্ষটোৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান প্ৰদান কৰা হৈছে কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীক। কন্ঠশিল্পী গৰাকীয়ে নিজৰ পুৰষ্কাৰৰ এখন ফটো চচিয়েল মিডিয়া যোগে আপলোড কৰে আৰু এই প্ৰাপ্তিৰ বাবে নিজৰ সুখানূভূতিও ব্যক্ত কৰে। প্ৰিয়ংকা ভৰালীৰ ক্ষেত্ৰত তেওঁৰ অনুৰাগীৰ পৰিয়াল যে সঁচাকৈ ডাঙৰ যাক নুই কৰিব পৰা নাযায়। ১৯৮৮ চনৰ ১০ অক্টোবৰত জন্মগ্ৰহণ কৰা প্ৰিয়ংকা ভৰালীয়ে সৰুৰ পৰাই বিভিন্ন জন গুৰুৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল। এটা সাক্ষাৎকাৰত কন্ঠশিল্পী গৰাকীয়ে নিজেই ব্যক্ত কৰিছিল যে তেওঁলোকৰ ঘৰুৱা অৱস্থা অৰ্থনৈতিকভাৱে টনকিয়াল নোহোৱাত কন্ঠশিল্পী গৰাকীয়ে ঘৰতেই টিউচন কৰোৱাই সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।

https://www.instagram.com/p/CJ3VEgmn8HF/?utm_source=ig_web_copy_link
প্ৰিয়ংকা ভৰালীলৈ শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পীৰ বঁটাঃ 2


২০০৯ চনতে তেওঁ এই সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি সোমাই পৰিছিল; তেওঁৰ প্ৰথমটো গীত আছিল “জানমণি” ভিচিডিৰ “কাহিলী পুৱাতে জান ঐ”। ইয়াৰ পিছৰ পৰাই তেওঁ কেইবাটাও গীতত কন্ঠদান কৰি শ্ৰোতাক গুণমুগ্ধ কৰি তুলছিল। ইয়াৰ ভিতৰত আছিল “চেঁচা পৰি যাব নিদিবা”, “অকুৱা পকুৱা”, “হেভি হেণ্ডচাম”, টেক্সি গাড়ী” লৈ ইত্যাদি। মিলিয়নৰ অংকত ভিউৱাৰচ তেওঁৰ প্ৰতিটো গীতত। বিগত বৰ্ষত তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “এধানি কলিজা” শীৰ্ষক গীতটিয়ে লাভ কৰিছে অনুৰাগীৰ বহুল সমাদৰ লগতে ক্ষন্তেকতে ই চচিয়েল মিডিয়াত লাভ কৰিছিল বহুল চৰ্চা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform