Rupaliparda.com
"পদ্মনাভৰ কোঠাত কথা" ৰ জনপ্ৰিয়তাঃ দুটা খণ্ডই টানিছে দৰ্শক- 1

“পদ্মনাভৰ কোঠাত কথা” ৰ জনপ্ৰিয়তাঃ দুটা খণ্ডই টানিছে দৰ্শক-

আমি সাধাৰণজনে প্ৰায়ে কোনো নহয় কোনো চিলেব্ৰেটীক অনুসৰণ কৰো; তেওঁলোকৰ পিন্ধণ-উৰণৰ পৰা আৰম্ভ কৰি তেওঁলোকে কেতিয়া শোৱাপাটীৰ পৰা উঠিব অথবা কেতিয়া শোৱাপাটীলৈ যাব। সেই আটাইবোৰ আমি জানিবলৈ বিচাৰো; আচলতে এনে বহু সাক্ষাৎকাৰৰ ভিডিঅ’ দেখিছো যদিও কেতিয়াবা এই ভিডিঅ’ সমূহৰ উপস্থাপন শৈলীয়ে বাৰুকৈয়ে উৎসাহিত কৰে জনসাধাৰণক। শেহতীয়াকৈ অসমীয়া অন্যতম জনপ্ৰিয় সংগীতশিল্পী পদ্মনাভ বৰদলৈৰ পৰিচালনাৰে তথা “ডা গ্ৰেট কামৰূপ” ৰ সৌজন্যত পদ্মনাভৰ ব্যক্তিগত ইউটিউব চেনেল যোগে সম্প্ৰচাৰিত কৰা হৈছে এক অনুষ্ঠান The Great Kamrup presents “পদ্মনাভৰ কোঠাত কথা”। ইতিমধ্যে অনুষ্ঠানটোৰ দুটা খণ্ডই দৰ্শকৰ মনত উৎকন্ঠাৰ সৃষ্টি কৰাও দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গ, নীল আকাশকে আৰম্ভ কৰি নিশিতা গোস্বামী, কপিল বৰা, ৰবি শৰ্মা, সুবাসবা দত্তকে ধৰি আন কেইবাগৰাকীও অসমীয়া সংগীত ক্ষেত্ৰৰ সুদক্ষ শিল্পীৰ মনৰ কথা আৰু তেওঁলোকৰ ভাব ধাৰণাৰ ওপৰত কেন্দ্ৰ কৰিয়ে নিৰ্মাণ কৰা হৈছে এই অনুষ্ঠানটোৰ। এগৰাকী ঘোষক ৰূপে পদ্মনাভ বৰদলৈৰ উপস্থাপনে যে দৰ্শকক বাৰুকৈয়ে আকৰ্ষিত কৰিছে সেই কথা একাষাৰে ক’লেও হয়টো ভুল কোৱা নহ’ব।


১৯৮৮ চনত জন্মগ্ৰহণ কৰা পদ্মনাভে কেৱল মাত্ৰ অসমীয়াই নহয়; তেওঁ কন্ঠদান কৰিছিল হিন্দী বাংলা তথা মাৰাঠী ভাষাৰ গীতটো। হিন্দুস্তানী ক্লাচিকেল ও পাশ্চাত্য সংগীতৰ প্ৰশিক্ষণ প্ৰাপ্ত পদ্মনাভ বৰদলৈ হৈছে প্ৰথম গৰাকী অসমীয়া; যিয়ে ৰাষ্ট্ৰীয় ক্ষেত্ৰত অনুষ্ঠিত ৰিয়েলিটী শ্ব’ “ইণ্ডিয়ান আইডল” ত ফাইনেলিষ্ট হোৱাৰ লগতে পিছলৈ জি.ভি “সা ৰে গা মা পা” ত অংশগ্ৰহণ কৰি তেওঁ সেই সংগীত ৰিয়েলিটী শ্ব’টোৰো ফাইনেলিষ্ট হৈ পৰে। পদ্মনাভ বৰদলৈ কন্ঠদান কৰা প্ৰথমটো হিন্দী গীত “তেৰী জ্যে বাতে হে” ৰ বাবে তেওঁ গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটাৰ “নন ফিল্ম” শাখাত মনোনয়ন লাভ কৰে। পদ্মনাভ বৰদলৈৰ প্ৰথম একক এলবাম হৈছে “ধ্বনি”; ইয়াৰ পিছতেই তেওঁ এজন গীতিকাৰ আৰু সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। গতিকে, পদ্মনাভৰ কথাই উক্ত শ্ব’টোৰ ক্ষেত্ৰত অনুৰাগীৰ শাৰীও দীঘলীয়া কৰি তুলিছে।

"পদ্মনাভৰ কোঠাত কথা" ৰ জনপ্ৰিয়তাঃ দুটা খণ্ডই টানিছে দৰ্শক- 2


আহিবলগীয়া সময়ত “পদ্মনাভৰ কোঠাত কথা” ই আৰু কেনে ধৰণে জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হ’ব সেয়া হ’ব লক্ষণীয়। এই শ্ব’টোক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform