Rupaliparda.com
ৰুদ্ৰ বৰুৱাৰ তত্ত্বাৱধানত থোৱা হৈছিল খগেন মহন্তকঃ কিন্তু কিয়? 1

ৰুদ্ৰ বৰুৱাৰ তত্ত্বাৱধানত থোৱা হৈছিল খগেন মহন্তকঃ কিন্তু কিয়?

“পকা ধানৰ মাজে মাজে” তথা “কলৰে পাততে কাউৰী পৰে” আদি গীতবোৰ প্ৰত্যেক অসমীয়াৰ প্ৰিয় গীত হোৱাৰ উপৰিও ই বৰ্তমানেও জনপ্ৰিয়। আধুনিক অসমীয়া গীতৰ এক উল্লেখনীয় শিল্পীৰ দ্বাৰা সৃষ্ট এই গীত সমূহ এতিয়াও শুনিবলৈ ভাল পায় বহু লোকে। এই শিল্পী গৰাকীৰ নাম হৈছে ৰুদ্ৰ বৰুৱা; “লুইত কোঁৱৰ” তথা “কলংপৰীয়া গীতিকাৰ” হৈছে তেওঁৰ অন্যতম উপাধি। একাধাৰে সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক তথা অভিনেতা ৰুদ্ৰ বৰুৱাৰ সৃষ্টিৰ মূল আছিল আনন্দিৰাম বৰুৱাৰ “বনগীত” সমূহ। ১৯২৬ চনত নগাঁওত জন্মগ্ৰহণ কৰা ৰুদ্ৰ বৰুৱা সৰুৰে পৰাই নাম-প্ৰসংগ, ভাওঁনা আদিৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে অসমীয়া লোক-সংগীতক লৈও তেওঁৰ হেঁপাহ জন্মছিলি। সৰুতেই তেওঁ নিজ গাওঁখনক লৈ ৰচনা কৰি উলিয়াইছিল “বোৱতী নৈৰ পাৰৰ মোৰ” শীৰ্ষক গীতটি।


ইয়াৰ পিছত জীৱিকাৰ সন্ধানত তথা উচ্চ শিক্ষা গ্ৰহণৰ বাবে শ্বিলঙলৈ গৈছিল যদিও তাতেই তেওঁ কেশৱ মহন্তৰ দ্বাৰা লিখা এটি চিৰযুগমীয়া গীত “কলৰে পাততে কাউৰী পৰে” শীৰ্ষক গীতটিত সুৰ প্ৰদান কৰে। কেশৱ মহন্তই গীতটিৰ সুৰকাৰ জনক বিচাৰি ৰুদ্ৰ বৰুৱাৰ ঘৰ পাইছিলগৈ আৰু ৰুদ্ৰ বৰুৱাৰ তত্ত্বাৱধানত কেশৱ মহন্তৰ পুত্ৰ খগেন মহন্তক ৰাখিছিল।

ৰুদ্ৰ বৰুৱাৰ তত্ত্বাৱধানত থোৱা হৈছিল খগেন মহন্তকঃ কিন্তু কিয়? 2


ৰুদ্ৰ বৰুৱাৰ জীৱনৰ পিছৰ সময়ছোৱাত গুৱাহাটীলৈ উভতি আহিছিল। তেওঁ প্ৰস্তুত কৰি উলিওৱা গীতসমূহত কন্ঠদান কৰিছিল অসমীয়া কেইবাগৰাকীও উল্লেখনীয় কন্ঠশিল্পীয়ে। সেই কেইগৰাকী হৈছে ক্ৰমে খগেন মহন্ত, দীপালী বৰঠাকুৰ,অৰ্চনা মহন্ত, মৃদুলা দাস, অপূৰ্ব দাস, অণিমা ভট্টাচাৰ্য, নীলিমা খাতুন, মহানন্দ মজিন্দাৰ বৰুৱাৰ উপৰি মান্না দে’, সুমন কল্যাণপুৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform