Rupaliparda.com
"কোনো এটা দিশত আগবাঢ়িবলৈ হ'লে ডাঙৰ জনৰ জ্ঞান, বুদ্ধি আৰু সহায়ৰ যথেষ্ট প্ৰয়োজন হ'ব"- দীপৰাজ চক্ৰৱৰ্তী 1

“কোনো এটা দিশত আগবাঢ়িবলৈ হ’লে ডাঙৰ জনৰ জ্ঞান, বুদ্ধি আৰু সহায়ৰ যথেষ্ট প্ৰয়োজন হ’ব”- দীপৰাজ চক্ৰৱৰ্তী

নৱপ্ৰজন্মৰ প্ৰয়াস তথা প্ৰচেষ্টা আদিয়ে প্ৰায়ে প্ৰত্যেকটো সময়তে জনসাধাৰণক উৎসাহিত কৰি ৰখা দেখিবলৈ পোৱা যায়। কেতিয়াবা তেওঁৰ সংগীত, ছবি, চুটি ছবি অথবা কেতিয়াবা তেওঁলোকৰ পৰিকল্পনা আদিয়ে প্ৰায়ে এনে কিছু সৃষ্টি কৰে যাক জনসাধাৰণে আকোঁৱালি ল’বলৈ সক্ষম হয়। দেশত হোৱা বিভীষিকাময় পৰিস্থিতিয়ে আচলতে প্ৰায় প্ৰতিজন ব্যক্তিৰ পৰাই কিবা নহয় কিবা এটা বস্তুক কাঢ়ি নিছে। প্ৰাপ্তিৰ ঠাইডোখৰৰ তুলনাত অপ্ৰাপ্তিৰ ৰেখা ক্ৰমশ বাঢ়ি আকাশলংঘী হৈছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰাও এনে বহু শিল্পী আঁতৰি গৈছে যি বৰ্তমানেও সাধাৰণজনৰ কল্পনাৰো অগোচৰ। কিন্তু, বিগত বৰ্ষটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ সাধাৰণজনে বহু প্ৰতিভাক ওলাই অহাও দেখিবলৈ পাইছে। সেয়া চুটি ছবিৰ ক্ষেত্ৰতেই হওঁক অথবা সংগীত ক্ষেত্ৰখনতেই হওঁক; নৱপ্ৰজন্মৰ প্ৰতিভাই বৰ্তমান সকলোকে আপ্লুত কৰিছে। “লক-ডাউন” য়ে প্ৰতিজন ব্যক্তিৰ জীৱনত যিমানেই সন্ত্ৰাসৰ সৃষ্টি নকৰক কিয়; ই কেতিয়াও সৃষ্টিৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে। সংগীত প্ৰযোজনাৰ লগতে মনোৰঞ্জন ক্ষেত্ৰখনৰ আন কেইবাটাও দিশত আগৰণুৱা হৈ অহা এগৰাকী নৱপ্ৰজন্মৰ নাম হৈছে দীপৰাজ চক্ৰৱৰ্তী। ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত আজি আমি আপোনালোকৰ মাজলৈ লৈ আনিছো এইগৰাকী নৱপ্ৰজন্মক; জানিব বিচাৰিছিলো তেওঁৰ কিছু পৰিকল্পনাৰ কথা। চাওঁচোন আহকঃ

"কোনো এটা দিশত আগবাঢ়িবলৈ হ'লে ডাঙৰ জনৰ জ্ঞান, বুদ্ধি আৰু সহায়ৰ যথেষ্ট প্ৰয়োজন হ'ব"- দীপৰাজ চক্ৰৱৰ্তী 2

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

দীপৰাজ চক্ৰৱৰ্তীঃ সৰুৰ পৰাই মোৰ মন-মগজুত সংগীত অথবা মনোৰঞ্জন ক্ষেত্ৰখনে ক্ৰিয়া কৰিবলৈ লৈছিল। অসমীয়া সংগীত ক্ষেত্ৰৰ কেইবাগৰাকীও সুদক্ষ তথা গণ্য-মান্য সংগীতশিল্পীৰ গীত শুনি মই নিজৰ শৈশৱ অতিবাহিত কৰিছো; আচলতে, তেওঁলোকৰ সান্নিধ্যতে এই ক্ষেত্ৰখনৰ প্ৰতি অধিক আকৰ্ষিত হৈছিলো। আৰু, যেতিয়াৰ পৰা এমিনেন্ট আৰু অসমৰ জনপ্ৰিয় কন্ঠশিল্পী পদ্মনাভ বৰদলৈক মই নিজৰ গুৰু হিচাপে পাবলৈ সক্ষম হ’লো তেতিয়াৰ পৰাই মই সংগীত ক্ষেত্ৰখনত নিজ যাত্ৰা আৰম্ভ কৰিছো। বিগত ৩ টা বৰ্ষৰ পৰাই মই এই মনোৰঞ্জন ক্ষেত্ৰখনত পেছাগত ভাৱে নিজ যাত্ৰা আৰম্ভ কৰিছিলো।

"কোনো এটা দিশত আগবাঢ়িবলৈ হ'লে ডাঙৰ জনৰ জ্ঞান, বুদ্ধি আৰু সহায়ৰ যথেষ্ট প্ৰয়োজন হ'ব"- দীপৰাজ চক্ৰৱৰ্তী 3

প্ৰশ্নঃ “লক-ডাউন” য়ে মনোৰঞ্জন ক্ষেত্ৰখনত কিবা প্ৰভাব পেলাইছে বুলি তুমি ভাবানে?

দীপৰাজ চক্ৰৱৰ্তীঃ “লক-ডাউন” য়ে মনোৰঞ্জন ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পেলাইছে যেনেই মোৰ অনুভৱ হয়। ঋণাত্মক প্ৰভাৱ তুলনামুলকভাৱে ধনাত্মক প্ৰভাৱতকৈ কিছু বেছি যদিও সেই সময়খিনিত বহু কেইজন নতুন নতুন প্ৰতিভাৰ নিদৰ্শন আমি পাইছিলো। ৯ মাহ ধৰি কোনো ধৰণৰ পৰিৱেশ্য কলা পৰিৱেশন কৰিবলৈ নোৱাৰাত শিল্পীসকলৰ লগতে মনোৰঞ্জন ক্ষেত্ৰখনতো অৰ্থনৈতিক ভাৱেও ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। কিন্তু এইখিনিতে এটা কথা ক’বই লাগিব যে, “লক-ডাউন” ৰ সময়ত বহু নতুন নতুন বিচাৰ, ধাৰণা আদিৰ উদয় হোৱাৰ লগতে দেখিবলৈ পোৱা গৈছিল বহুকেইখন সুন্দৰ সুন্দৰ চুটি ছবি। জনসাধাৰণে উপভোগ কৰি আচলতে আমোদো লাভ কৰিছিল এই চুটি ছবিকেইখন। গতিকে এক কথাত ক’বলৈ গ’লে যদিও কিছু ঋণাত্মক প্ৰভাৱে মনোৰঞ্জন ক্ষেত্ৰখন আগ্ৰাসনত লৈছিল তৎস্বত্বেও কিন্তু নতুন সঞ্চাৰ হৈছিল ইয়াত।

"কোনো এটা দিশত আগবাঢ়িবলৈ হ'লে ডাঙৰ জনৰ জ্ঞান, বুদ্ধি আৰু সহায়ৰ যথেষ্ট প্ৰয়োজন হ'ব"- দীপৰাজ চক্ৰৱৰ্তী 4

প্ৰশ্নঃ সম্প্ৰতি মনোৰঞ্জন ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ প্ৰচেষ্টা আৰু প্ৰয়াস মন কৰিবলগীয়া; তুমি এই বিষয়ত কি ক’বা?

দীপৰাজ চক্ৰৱৰ্তীঃ আচলতে, সঁচাকৈ ক’বলৈ গ’লে আমাৰ দৰে নৱপ্ৰজন্মৰ সৃষ্টিক যেতিয়া জনসাধাৰণে সঁহাৰি জনায় তেতিয়া আমাৰ খুব ভাল লাগে। আমি কাৰিকৰী দিশটোৰ ফালৰ পৰা যথেষ্ট সক্ৰিয় আৰু আমি যিকোনো মহুূৰ্ততে কিবা এটা ডাঙৰ আৰ্জি ল’ব পাৰিম যদিও আমাক এই সমূহ অৰ্জনত সহায় কৰিব সুদক্ষ তথা আমাৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ গণ্য-ব্যক্তি সকলৰ আশীৰ্বাদে। আমি কোনো এটা দিশত আগবাঢ়িবলৈ হ’লে ডাঙৰ জনৰ জ্ঞান, বুদ্ধি আৰু সহায়ৰ যথেষ্ট প্ৰয়োজন হ’ব।

"কোনো এটা দিশত আগবাঢ়িবলৈ হ'লে ডাঙৰ জনৰ জ্ঞান, বুদ্ধি আৰু সহায়ৰ যথেষ্ট প্ৰয়োজন হ'ব"- দীপৰাজ চক্ৰৱৰ্তী 5

প্ৰশ্নঃ তুমি আগন্তুক প্ৰকল্প সমূহৰ বিষয়ে জানিব বিচাৰিম।

দীপৰাজ চক্ৰৱৰ্তীঃ “ডা গ্ৰেট কামৰূপ” ৰ এজন গুৰুত্বপূৰ্ণ সদস্য ৰূপে মই শেহতীয়াকৈ “পদ্মনাভৰ কোঠাত কথা” শীৰ্ষক এক জনপ্ৰিয় অনুষ্ঠানৰ প্ৰথমটো চিজন সমাপ্ত কৰিলো। আমাৰ গোটেই টীমটোৱে আহিবলগীয়া সময়ত উক্ত অনুষ্ঠানটোৰ চিজন ২ ৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছো; লগতে আমি “ok Bye” শীৰ্ষক এখন চুটি ছবি নিৰ্মাণৰ বাবেও আগবাঢ়িছো; যাৰ পৰিচালনাৰ দায়িত্বত আছে জনপ্ৰিয় পদ্মনাভ বৰদলৈ। সমান্তৰালকৈ মই নিজাববীয়াকৈ এটি গীত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছো।

"কোনো এটা দিশত আগবাঢ়িবলৈ হ'লে ডাঙৰ জনৰ জ্ঞান, বুদ্ধি আৰু সহায়ৰ যথেষ্ট প্ৰয়োজন হ'ব"- দীপৰাজ চক্ৰৱৰ্তী 6

ৰূপালীপৰ্দাঃ ধন্যবাদ দীপৰাজ; আগন্তুক পৰিকল্পনা সফল হোৱাৰ কামনাৰে…

দীপৰাজ চক্ৰৱৰ্তীঃ ধন্যবাদ ৰূপালীপৰ্দা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform