Rupaliparda.com
আজি "শিল্পী দিৱস"; জ্যোতিপ্ৰসাদ আগৰৱালালৈ সহস্ৰ প্ৰণামঃ 1

আজি “শিল্পী দিৱস”; জ্যোতিপ্ৰসাদ আগৰৱালালৈ সহস্ৰ প্ৰণামঃ

“ৰূপকোঁৱৰ” খ্যাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি। একাধাৰে এগৰাকী পৰিচালক, নাট্যকাৰ, সুৰকাৰ লেখক আৰু প্ৰৱন্ধকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৫১ চনৰ আজিৰ দিনটোতেই ইহলীলা সম্বৰণ কৰিছিল। তেওঁৰ মৃত্যুৰ দিনটোকেই “শিল্পী দিৱস” ৰূপে পালন কৰে সমগ্ৰ অসমবাসীয়ে। অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা এই গৰাকী শিল্পীয়ে সংস্কৃতিৰ প্ৰতিটো দিশতেই বৰঙণি যোগাইছে। সৰুতেই সকলোৱে শিকি লোৱা “গছে গছে পাতি দিলে” শীৰ্ষক গীতটি আগন্তুক প্ৰতিটো প্ৰজন্মই যে প্ৰথমেই শিকিবলৈ সক্ষম হ’ব সেয়া নিশ্চিত বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামুলবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া ছবিক্ষেত্ৰতো উদ্গনি জগাইছে। তেওঁৰ দ্বাৰা নিৰ্মিত “জয়মতী” প্ৰথম অসমীয়া ছবি আছিল যদিও ই বহুল ৰূপত দৰ্শকৰ পৰা সঁহাৰি লাভ কৰা নাছিল। কিন্তু, পিছলৈ তেওঁৰ দ্বাৰা নিৰ্মিত “ইন্দ্ৰমালতী” য়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাৰ দিশত সুখ্যাতি প্ৰদান কৰিবলৈ সক্ষম হয়। বিগত বৰ্ষত ৮৫ টা বৰ্ষ সম্পূৰ্ণ কৰিছিল অসমীয়া ছবি “জয়মতী” য়ে। ১৯৩৫ চনত মুক্তি লাভ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত অসমীয়া প্ৰথমখন ছবি “জয়মতী”। যেতিয়াই কোনো লোকে অসমীয়া ছবি জগত খনৰ উল্লেখ কৰিব;সমান্তৰালকৈ উল্লেখ কৰিব লাগিব জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত ছবি “জয়মতী” ৰ। কলিকতাৰ ৰৌণক থিয়েটাৰত ১০ মাৰ্চত মুকলি কৰা ছবিখনৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনৰ পৰা।

আজি "শিল্পী দিৱস"; জ্যোতিপ্ৰসাদ আগৰৱালালৈ সহস্ৰ প্ৰণামঃ 2


ভোলাগুৰি চাহ বাগিচাত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজাববীয়াকৈ সজাই লৈছিল “চিত্ৰৱন ষ্টুডিঅ”। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই।শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, নিমাতী কইনা, খনিকৰ আদি নাট হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ অন্যতম সৃষ্টি। প্ৰায় তেৰটামান শিশু উপযোগী কবিতাও লিখি থৈ গৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform