Rupaliparda.com
"সকলো ৰাইজৰ পৰা মই এনে সহাঁৰিৰেই আশা কৰিছো"- বিশ্বজিৎ বৰা 1

“সকলো ৰাইজৰ পৰা মই এনে সহাঁৰিৰেই আশা কৰিছো”- বিশ্বজিৎ বৰা

আকৌ এগৰাকী অসমীয়া পৰিচালকে আজুৰিলে সন্মান; আকৌ এবাৰ গৌৰন্বম্বিত অসমবাসী। মুক্তিৰ পূৰ্বেই একোখন ছবিৰ এনে জয়যাত্ৰাই আচলতে অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজক উৎসাহিত কৰি তোলাত সক্ষম হৈছে। ২৬ তম কলকাতা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত ভাৰতীয় চিনেমাৰ শাখাত মনোনয়ন প্ৰাপ্ত পৰিচালক বিশ্বজিৎ বৰাৰ আহিবলগীয়া ছবি “বেলকনিত ভগৱান” ৰ বাবে তেওঁ লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ “গল্ডেন ৰ’য়েল বেংগল টাইগাৰ” বঁটা। জনপ্ৰিয় ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অসমীয়া ছবি “জেতুকা পাতৰ দৰে” ৰ ছবিৰ প্ৰযোজক নুৰুল চুলতানৰ প্ৰযোজনাৰ দায়িত্বৰ থকা “বেলকনিত ভগৱান” শীৰ্ষক ছবিখনেও ইতিমধ্যে বুটলিছে প্ৰশংসা। বঁটা লাভ কৰাৰ পিছতেই পৰিচালক গৰাকীৰ মনৰ কথা অনুভৱৰ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জানিবলৈ বিচৰাত তেওঁ কয় যে, “ভাল লাগিছে কাৰণ মুক্তিৰ পূৰ্বেই ছবিখনে ইমানখিনি সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ২৬ তম কলকাতা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত “বেলকনিত ভগৱান” য়ে মনোনয়ন লাভ কৰা কথাটোৱে আচলতে এক ডাঙৰ কথা আছিল; সেইটো সময়তে কিবা এটা ভাল হোৱাৰ উমান পাইছিলো যদিও শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিম বুলি মই ভবা নাছিলো।”

"সকলো ৰাইজৰ পৰা মই এনে সহাঁৰিৰেই আশা কৰিছো"- বিশ্বজিৎ বৰা 2


আগলৈ তেওঁ কয় যে, “চলিচত্ৰ সমাৰোহখনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰা কথাটো ইমান সহজ নাছিল কিয়নো ইয়াত প্ৰায় ১০ খন জনপ্ৰিয় তথা নাম কৰা ছবিয়ে মনোনয়ন লাভ কৰিছিল। গতিকে, মোৰ আশা খীন আছিল। কিন্তু তাৰ পিছতো তেওঁলোকৰ সৈতে প্ৰতিদ্বন্দিতা কৰি “বেলকনিত ভগৱান” ক লৈ মই বঁটা লাভ কৰাটো মোৰ লগতে সমগ্ৰ অসমবাসীৰ বাবেই এক ভাল লগা খবৰ। আৰু, অসমবাসী ৰাইজে আগন্তুক অক্টোবৰ, নৱেম্বৰ মাহলৈ হয়টো এই ছবিখন উপভোগ কৰিবলৈ পাব বুলি মই আশা ৰাখিছো আৰু সকলো ৰাইজৰ পৰা মই এনে সহাঁৰিৰেই আশা কৰিছো।”

"সকলো ৰাইজৰ পৰা মই এনে সহাঁৰিৰেই আশা কৰিছো"- বিশ্বজিৎ বৰা 3


“বেলকনিত ভগবান” ৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্ৰমে য়াহা, কমিনে, মিডনাইটচ চিলড্ৰেন, গেংগচ অৱ ৱাছিপুৰ আদিত অভিনীত হাৰিশ খান্নাই। লগতে ইয়াত আন দুটা চৰিত্ৰত অভিনয় কৰিছে প্ৰণামী ভাৰথী আৰু পৰিনান্ধি জিমা চুলতানাই। ইয়াৰ উপৰিও শুনিবলৈ পোৱা মতে ৰাজীৱ ক্ৰ, শোণিত বৰা, সাংবাদিক ইভা মহন্তৰ লগতে জেষ্ঠ অভিনেতা দীনেশ দাস, জেষ্ঠ অধিবক্তা বিজন মহাজন আৰু জনপ্ৰিয় সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাইও অভিনয় কৰিছে এই ছবিখনত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform