Rupaliparda.com
ইণ্ডাষ্ট্ৰীৰ ভিতৰৰ নহয়; বেডমিন্টন খেলুৱৈৰ প্ৰেমত অভিনেত্ৰী তাপসি পান্নুঃ 1

ইণ্ডাষ্ট্ৰীৰ ভিতৰৰ নহয়; বেডমিন্টন খেলুৱৈৰ প্ৰেমত অভিনেত্ৰী তাপসি পান্নুঃ

তাপসি পান্নু হৈছে এনে এগৰাকী বলীউডৰ অভিনেত্ৰী যিয়ে অভিনয়ৰ সমান্তৰালকৈ মোহাচ্চন্ন কৰি ৰাখে নিজ কথাৰেও। যাৰ স্থিতপ্ৰজ্ঞ চৰিত্ৰ সমূহ যেনেদৰে তেওঁৰ অভিনয়ত দেখিবলৈ পোৱা যায় ঠিক তেনে এগৰাকী ব্যক্তিত্বৰ অধিকাৰী হৈছে তেওঁ নিজেও। শেহতীয়াকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ “প্ৰেম” বিষয়টোৱে লাভ কৰিছে চৰ্চা। বলীউড ক্ষেত্ৰখনত অন্তৰ্ভূক্ত কোনো এগৰাকী তাৰকা অথবা পৰিচালক-প্ৰযোজক নহয়; তাপসি পান্নুৰ প্ৰেম হৈছে ডেনমাৰ্কৰ বেডমিন্টন খেলুৱৈ মেথিয়াস বৌই। এক সাক্ষাৎকাৰ যোগে অভিনেত্ৰী গৰাকীয়ে নিজেই এই কথা স্পষ্ট কৰি দিছিল। ২০১৫ চনৰ ইউৰোপিয়ান গেমছত মেথিয়াসে লাভ কৰিছে গোল্ড এৱাৰ্ড। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে লোৱা সাক্ষাৎকাৰত যেতিয়া তাপসি পান্নুক মেথিয়াস আৰু তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, ইণ্ড্ৰাষ্ট্ৰীটোৰ মাজৰ পৰা তেওঁ কোনো জন ব্যক্তিক ভাল পাবলৈা বিচৰা নাছিল কিয়নো তেওঁ নিজৰ ব্যক্তিগত জীৱন আৰু পেছাগত জীৱনক একলগ কৰিব বিচৰা নাছিল।

ইণ্ডাষ্ট্ৰীৰ ভিতৰৰ নহয়; বেডমিন্টন খেলুৱৈৰ প্ৰেমত অভিনেত্ৰী তাপসি পান্নুঃ 2
SOURCE: DNA INDIA


কিছুদিন পূৰ্বে তাপসি পান্নুয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুকে ধৰি নেপোটিজিমক লৈ বিভিন্ন কথা ব্যক্ত কৰে। তেওঁ কয় যে, “ছবিজগতত বাহিৰা শিল্পীৰ বাবে এজন গ’ডফাদাৰ নোহোৱাকৈ অথবা কাৰো সৈতে ভাল সম্পৰ্ক নথকাকৈ ইয়াত অন্তৰ্ভূক্তি হোৱাটো অকণমান অসম্ভৱ হৈ পৰে। ছবি ক্ষেত্ৰখনত একোজন ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ় দি তুলিবলৈ সময়ৰ প্ৰয়োজন হয় আৰু এই সময়ত কাম পোৱা নাযায়। ছবিক্ষেত্ৰখনত বাহিৰা একোগৰাকী শিল্পীয়ে যিমান সংঘৰ্ষ কৰিব লাগে; সেইটো পৰিমাণত সংঘৰ্ষৰ প্ৰয়োজন নহয় ফিল্ম জগতৰ ভিতৰুৱা শিল্পীৰ বাবে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform