Rupaliparda.com
"গৰু" আৰু দৰ্শকৰ এসোপা আশা- 1

“গৰু” আৰু দৰ্শকৰ এসোপা আশা-

অসমীয়া ছবি “গৰু” আৰু দৰ্শকৰ এসোপা আশা। সন্ত্ৰাসগত তথা ক’ভিডৰ দৰে মাৰাত্মক মহামাৰীয়ে ৰাইজক তুলা-ধুনা কৰাৰ পিছতেই অকণমান ব্যংগাত্মক ৰসেৰে আগবাঢ়ি জীৱনৰ কিছু বাস্তৱ ঘটনাৰ সোঁৱাদ ল’বলৈ বিচাৰে সকলোৱে। আচলতে, এয়া একেবাৰে স্বাভাৱিক; পৰিচালক হিমাংশু প্ৰসাদ দাসৰ দ্বাৰা পৰিচালিত ছবি “গৰু” য়ে সচৰাচৰ “ব্লকব্লাষ্টাৰ ছবিৰ দৰে ডেৰশ-দুশ দৰ্শনীৰে নহয়; আহি আছে মুঠ এহাজাৰটা দৰ্শনীৰে। যাৰ আৰম্ভণি হ’ব চলিত মাহৰ ২২ তাৰিখৰ পৰা ২৬ তাৰিখলৈ গুৱাহাটীস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত। পুৱা ১১ টা, দুপৰীয়া ১ টা আৰু ৩ টা লগতে সন্ধ্যা ৫ আৰু ৭ বজাত প্ৰদৰ্শন কৰা হ’ব এই ছবিখন। এজনী গাই গৰুক উক্ত ছবিখনৰ মূখ্য চৰিত্ৰ ৰূপায়নৰ বাবে গ্ৰহণ কৰিছে পৰিচালক হিমাংশু প্ৰসাদ দাসে। মুঠতে, হিমাংশ প্ৰসাদ দাসৰ নামৰ সৈতে সন্নিৱিষ্ট হৈ থকা ব্যতিক্ৰমী ভাৱটোক এইবাৰো যেন লগতে লৈ ফুৰিছে পৰিচালক গৰাকীয়ে। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ আৰু তাত সন্নিৱিষ্ট গীতসমূহে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে; ক্ৰেয়ন ট্ৰী প্ৰডাকচন বেনাৰত নিৰ্মিত “গৰু” ৰ প্ৰযোজনা কৰিছে গীতা পাঠকে।


ছবিখনৰ আনকেইবাটাও চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে বাহাৰুল ইছলাম, পাকিজা বেগম, প্ৰাঞ্জল শইকীয়া, সিদ্ধাৰ্থ মূখাৰ্জী, অৰুণ নাথ, কমল লোচন, লনিশ্ৰী দাস, চন্দন দাস, অসীম কৃষ্ণ বৰুৱা আৰু প্ৰণামী বৰাই। হুচেইন মহম্মদ ছাহজাহানৰ একে নামৰ কাহিনীৰ আধাৰত নিৰ্মিত “গৰু” ৰ চিত্ৰনাট্য ৰচনা ছাহজাহানৰ, উদয় ভাস্কৰ পাটৰ আৰু হিমাংশু প্ৰসাদ দাসৰ। উল্লেখ্য যে, এই ছবিখনক যদি আপোনালোকেও নিজ অঞ্চলত প্ৰদৰ্শন কৰিব বিচাৰিছে তেতিয়াহ’লে যোগাযোগ কৰিব পাৰে ক্ৰমে ৭০০২৫১০৯৭৬ আৰু ৭০০২২৩৮৮৯৬ নম্বৰত। চচিয়েল মিডিয়াকেই নিজৰ প্ৰচাৰৰ সম্বল ৰূপে গ্ৰহণ কৰা ছবিখনৰ সমগ্ৰ কলা-কুশলীক সঁহাৰিৰ বাবেও শেহতীয়াকৈ আগবাঢ়িছে অসমীয়া চলচিত্ৰ প্ৰেমী জনসাধাৰণো।

"গৰু" আৰু দৰ্শকৰ এসোপা আশা- 2
"গৰু" আৰু দৰ্শকৰ এসোপা আশা- 3


“গৰু” য়ে যে প্ৰত্যেককে উৎসাহিত কৰিছে সেয়া একাষাৰে কৈ দিব পৰা যায়। পৰিচালক হিমাংশু প্ৰসাদ দাসলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform