Rupaliparda.com
সংগীত ক্ষেত্ৰখনলৈ ন-প্ৰতিভা; অদ্বিতি তাচাৰ "জিক-মিক"ঃ সুন্দৰ ভিডিঅ'ৰে "জিক-মিক"- 1

সংগীত ক্ষেত্ৰখনলৈ ন-প্ৰতিভা; অদ্বিতি তাচাৰ “জিক-মিক”ঃ সুন্দৰ ভিডিঅ’ৰে “জিক-মিক”-

এগৰাকী কণমানি শিশুৱে নিজৰ সৈতে কি বিচাৰে বাৰু? সপোন অথবা কল্পনা ৰাজ্যত ঘূৰি ফুৰা এই কণমানি সকলৰ মনত পাৰ্থিৱ কোনো বস্তুৱে মোহৰ সৃষ্টি কৰিব নোৱাৰে। আচলতে, এই শিশু সকলৰ নিস্বাৰ্থ আৰু মৰমিয়াল ভাৱটোৱে প্ৰত্যেককে আকোঁৱালি লোৱাত সক্ষম হয়। এওঁলোক যিমান সৰল সিমানেই সৰল এওঁলোকৰ ভাৱ-ধাৰণাবোৰো; সাধাৰণ মেৰিয়াই লোৱা কাগজৰ নাওঁ দুখনক লৈয়ে যেন তেওঁলোকৰ আপোন পৃথিৱীখন। এই শিশু সকলৰ কোমলতাত যেতিয়া একোটা নিৰ্দিষ্ট প্ৰতিভাই ঠাই বনায়; তেতিয়া প্ৰতিটো সৃষ্টিয়ে হৈ পৰে সুন্দৰ। শেহতীয়াকৈ, মুক্তি লাভ কৰা “জিক মিক” শীৰ্ষক গীতটিত ফুটি উঠিল কণমানি শিশুশিল্পী অদ্বিতি তাচাৰ প্ৰতিভা। মুক্তি লাভৰ পিছতেই গীতটিয়ে লাভ কৰিলে বহুল সমাদৰ। অনন্ত তাচা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত গীতটিৰ ভিডিঅ’সহ মুকলি কৰা হৈছে Dhwani Records নামে ইউটিউব চেনেলটোত। অনন্ত তাচা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এইটো প্ৰথমটো গীত যদিও আহিবলগীয়া সময়ত আৰু অধিক সুন্দৰ গীত তথা ন-ন প্ৰতিভাসম্পন্ন কলা-কুশলীৰ সৈতে ৰাইজৰ কাষ চাপিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰডাকচন হাউচটোৰ সৈতে জড়িত কলা-কুশলীয়ে।


এতিয়া আহো গীতটিৰ ভিডিঅ’ পৰিচালনা দিশটোলৈ। বৰ্তমান নৱাগত পৰিচালকৰ শাৰীত শীৰ্ষত নিজৰ নাম সন্নিৱিষ্ট কৰা প্ৰাঞ্জল গৈয়াৰীৰ পৰিচালনাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে “জিক-মিক”। শিশুৰ মনস্তাত্বিক চিন্তা-ধাৰণাৰ উপস্থাপনৰ লগতে শ্বুটিং লোকেশ্বনৰ যথোপযুক্ত ব্যৱহাৰে গীতটিক আৰু অধিক গ্ৰহণ যোগ্য কৰি তুলিছে। পৰিচালনাৰ দিশটোত তেওঁৰ উপস্থাপন শৈলীয়ে বৰ্তমান সঁচাকৈ আকৰ্ষণ কৰিছে প্ৰত্যেককে। তেওঁৰ বিগত সময়ত মুক্তিপ্ৰাপ্ত কেইবাখনো চুটি ছবিয়ে দৰ্শকক বাৰুকৈয়ে আকৰ্ষণ কৰাৰ সমান্তৰালকৈ তেওঁৰ বিষয়বস্তু সমূহক কেন্দ্ৰ কৰিয়েই পৰিচালক গৰাকীয়ে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে। আহিবলগীয়া সময়ত এন কে প্ৰডাকচনৰ বেনাৰত তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “দ্যা শ্লেমবুক” য়ে লাভ কৰিব মুক্তি; ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰে মুক্তি লাভ কৰিছে। চুটি ছবিৰ পৰা ফালৰি কাটি উক্ত পূৰ্ণদৈৰ্ঘ্যৰ ছবিখনে দৰ্শকৰ কেনে সঁহাৰি লাভ কৰে সেয়া হ’ব লক্ষণীয়।

সংগীত ক্ষেত্ৰখনলৈ ন-প্ৰতিভা; অদ্বিতি তাচাৰ "জিক-মিক"ঃ সুন্দৰ ভিডিঅ'ৰে "জিক-মিক"- 2
সংগীত ক্ষেত্ৰখনলৈ ন-প্ৰতিভা; অদ্বিতি তাচাৰ "জিক-মিক"ঃ সুন্দৰ ভিডিঅ'ৰে "জিক-মিক"- 3


সদ্যমুক্তিপ্ৰাপ্ত “জিক মিক” শীৰ্ষক গীতটিৰ কথা হৈছে কন্ঠশিল্পী অদ্বিতি তাচাৰ পিতৃ অনন্ত তাচাই লগতে গীতটিৰ সুৰ আবিৰ চৌধুৰীৰ। গীতটিক নিজ সুন্দৰ সংগীতেৰে সজাইছে সংগীত ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰা সংগীতশিল্পী পল্লৱ তালুকদাৰে। আনহাতে, গীতটিৰ ভিডিঅ’ৰ দৃশ্যগ্ৰহণ কৰিছে তিৰাপ সীমান্ত মেধিয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform