Rupaliparda.com
"প্ৰযোজক সকলে পূৰ্বৰ দৰে প্ৰয়োজনতকৈ অধিক হাত মেলিবলৈ ভয় কৰিবলৈ লৈছে"- চিৰন্তন মহন্ত 1

“প্ৰযোজক সকলে পূৰ্বৰ দৰে প্ৰয়োজনতকৈ অধিক হাত মেলিবলৈ ভয় কৰিবলৈ লৈছে”- চিৰন্তন মহন্ত

কেইবাখনো ধাৰাবাহিক তথা অসমীয়া ছবিৰ সৈতে জড়িত এটা নাম হৈছে চিৰন্তন মহন্ত। শেহতীয়াকৈ বহুল সফলতাৰে সমাপ্ত হোৱা ধাৰাবাহিক “নিয়ৰৰ ফুল” ৰ চিত্ৰনাট্যকাৰ ৰূপেও নিজ দায়িত্বভাৰ চম্ভালিছিল চিৰন্তন মহন্তই। কেৱল মাত্ৰ এগৰাকী লিখক হিচাপেই নহয়; উক্ত নামটোৰ সৈতে জড়িত হৈ আছে পৰিচালনাৰ দিশটোও। বহু সময়ত এনেবোৰ প্ৰতিভাই কেমেৰাৰ পিছৰ পৰা কোনো এটা প্ৰকল্প পৰিচালিত কৰি থাকে যদিও এওঁলোক নাথাকিলে কোনো এটা প্ৰকল্প সুকলমে গৈ থকাটোতো এক প্ৰত্যাহ্বান আহি পৰে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা এইগৰাকী চিত্ৰনাট্যকাৰ তথা পৰিচালক চিৰন্তন মহন্তৰ সৈতে আমি পাতিছিলো কিছু কথা। মনোৰঞ্জন ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এটা সপোন আছিল যদিও মাজতে বেলেগ এটা কামৰ বাবে এই সপোনটোৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। অৱশেষত বিগত ২০০৮ চনৰ পৰা বৰ্তমানলৈকে এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে এগৰাকী চিত্ৰনাট্যকাৰ তথা পৰিচালক ৰূপে জড়িত হৈ আছো।” ক’ভিড ১৯ ৰ ফলত হোৱা সন্ত্ৰাসগ্ৰস্ত পৰিস্থিতি তথা “লক-ডাউন” ৰ ফলত নিৰ্মাণৰ বিষয়বস্তু সমূহৰ কোনো ধৰণৰ সাল-সলনি হৈছে নেকি বুলি জানিবলৈ বিচৰাত তেওঁ কয় যে, “বিষয়বস্তুতকৈ আমাৰ এই ক্ষেত্ৰখনৰ নিৰ্মাণশৈলীতহে “ক’ভিড ১৯” য়ে বহু সমস্যাৰ সৃষ্টি কৰিছে।”

"প্ৰযোজক সকলে পূৰ্বৰ দৰে প্ৰয়োজনতকৈ অধিক হাত মেলিবলৈ ভয় কৰিবলৈ লৈছে"- চিৰন্তন মহন্ত 2
"প্ৰযোজক সকলে পূৰ্বৰ দৰে প্ৰয়োজনতকৈ অধিক হাত মেলিবলৈ ভয় কৰিবলৈ লৈছে"- চিৰন্তন মহন্ত 3


তেওঁ আগলৈ কয় যে, “ধাৰাবাহিকেই হওঁক অথবা চিনেমাই হওঁক; এই আটাইৰে প্ৰযোজক সকলে পূৰ্বৰ দৰে প্ৰয়োজনতকৈ অধিক হাত মেলিবলৈ ভয় কৰিবলৈ লৈছে, যিটো অৱশ্যে স্বাভাৱিক। বাকী, বিষয়বস্তু সমূহৰো বিশেষ সলনি নোহোৱা যেনেই মোৰ অনু্ভৱ হৈছে।” আগন্তুক প্ৰকল্পৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “আগন্তুক প্ৰকল্প ৰূপে বহুখিনি কাম হাতত লোৱা আছে। তাৰ ভিতৰত বৰ্তমান মোৰ কাহিনী তথা চিত্ৰনাট্যৰে “মায়া… ডা ট্ৰেপ” নামে এখন ৱেৱ চিৰিজৰ শ্বুটিং চলি আছে প্ৰাগ প্লে’ ৰ বাবে। আনহাতে, “নিয়ৰৰ ফুল” ৰ সমাপ্তিৰ পিছত তেওঁলোকৰ ফালৰ পৰা পৰৱৰ্তী সময়ত সম্প্ৰচাৰ হ’বলগীয়া “নেদেখা ফাগুন” ধাৰাবাহিকখনৰ বাবে লিখি আছো। সমান্তৰালকৈ, এখন ৱেব চিৰিজ তথা দুখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ চিত্ৰনাট্যৰ কাম চলি আছে।”

"প্ৰযোজক সকলে পূৰ্বৰ দৰে প্ৰয়োজনতকৈ অধিক হাত মেলিবলৈ ভয় কৰিবলৈ লৈছে"- চিৰন্তন মহন্ত 4


চিৰন্তন মহন্তৰ আগন্তুক প্ৰতিটো পৰিকল্পনাৰ বিষয়ে জানিবলৈ পাই হয়টো আপোনালোকো উৎসাহিত হৈ পৰিছে। তেওঁৰ এই প্ৰতিটো প্ৰকল্পৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰা মইও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform