Rupaliparda.com
নৱপ্ৰজন্মৰ পৰিচালকক সঁহাৰি দিয়াৰ স্বাৰ্থত "NIRI 9"- আহি আছে "Illegal" 1

নৱপ্ৰজন্মৰ পৰিচালকক সঁহাৰি দিয়াৰ স্বাৰ্থত “NIRI 9”- আহি আছে “Illegal”

প্ৰায়ে শুনিবলৈ পাওঁ যে অন্ধকাৰৰ পিছত পোহৰে পাখি মেলে; কথাষাৰৰ ওপৰত শেহতীয়াকৈ বিশ্বাস কৰিবলৈ আচলতে মন গৈছে। বিগত ৮-৯ মাহৰ স্তব্ধতাৰ পিছত অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে কেৱল মাত্ৰ বহু নতুন প্ৰকল্প বুলিয়ে নহয়; উপভোগ কৰিছে বহু নতুন প্ৰতিভাক। এই প্ৰতিভা সমূহকেই আৰু এখোজ আগুৱাই নিয়াৰ স্বাৰ্থত অথবা এওঁলোকক উদ্গনি যোগোৱাৰ স্বাৰ্থত এই ক্ষেত্ৰখনৰ বহু ন-ন প্ৰকল্পৰ শুভাৰম্ভণি ঘটিছে। ইতিমধ্যে আপোনালোকে প্ৰায় প্ৰত্যেকটো দিনত শুনিবলৈ পোৱা শব্দ দুটা হৈছে ক্ৰমে “Illegal” আৰু “NIRI 9″। মাজত মাত্ৰ আৰু কেইদিনমানৰ অপেক্ষা; অহা ২৯ জানুৱাৰী তাৰিখে আপোনালোকৰ দুৱাৰডলিত উপস্থিত হ’বহি ৱেব চিৰিজ “Illegal”। দৰ্শকক আমোদ প্ৰদানৰ অৰ্থে ৱেব চিৰিজখনৰ প্ৰতিটো দিশতেই যে যথোপযুক্ত তথা পুংখানুপুংখ গুৰুত্ব প্ৰদান কৰা হৈছে সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। ইতিমধ্যে এই ৱেব চিৰিজ খনৰ ট্ৰেইলাৰটোৱে ব্যক্ত কৰি পেলাইছে এই আটাইবোৰ; দৰ্শকক উৎসাহিত তথা আকৰ্ষণ কৰিব পৰা কাহিনী, একচন, ড্ৰামা আৰু থ্ৰীলাৰৰ সম্পূৰ্ণ পয়োভৰেৰে নিৰ্মাণ কৰা হৈছে “Illegal”। এগৰাকী পৰিচালকৰ দায়িত্বত থকা সুব্ৰত কাকতিয়ে নিজৰ পৰিচালনাৰ মজবুত দিশটোৰে নিৰ্মাণশৈলীত তেওঁ যথেষ্ট নিজক ঠাই দি উক্ত ৱেব চিৰিজ খন পৰিচালনা কৰিছে। এগৰাকী নৱপ্ৰজন্মৰ পৰিচালক ৰূপে নিজৰ সৰ্বাংগ দিশটো দাঙি ধৰাৰ চেষ্টা কৰিছে সুব্ৰত কাকতিয়ে।

নৱপ্ৰজন্মৰ পৰিচালকক সঁহাৰি দিয়াৰ স্বাৰ্থত "NIRI 9"- আহি আছে "Illegal" 2
নৱপ্ৰজন্মৰ পৰিচালকক সঁহাৰি দিয়াৰ স্বাৰ্থত "NIRI 9"- আহি আছে "Illegal" 3


আনহাতে, আমি যদি “NIRI 9” ৰ প্ৰসংগলৈ আহো তেতিয়াহ’লে এটা কথা ক’বই লাগিব যে উঠি অহা প্ৰজন্মৰ নিৰ্মাতা সকলে নিজ প্ৰতিভা প্ৰদৰ্শনৰ ক্ষেত্ৰত সদায় একোটা প্লেটফৰ্মৰ সন্ধান কৰে আৰু ইয়াৰে ভিতৰত এটা হয় ৰাইজৰ মাজলৈ আহিছে “NIRI 9” এপটো । “Illegal” ৰ পৰা আৰম্ভ কৰা এই যাত্ৰাৰে এপটোত আগন্তুক সময়ত সন্নিৱিষ্ট কৰা হ’ব আন ভিন্ন নৱপ্ৰজন্মৰ সোঁৱাদনুযায়ী প্ৰকল্প। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চিনাকী হ’বলগীয়া এই এপটোত কেৱল মাত্ৰ অসমীয়াই নহয়; থাকিব হিন্দী আৰু বাংলা ভাষাতো ভিন্ন প্ৰকল্প। হৃদয়স্পৰ্শী কাহিনীৰে সৈতে “NIRI 9” য়ে প্ৰতিটো দিনে দৰ্শকক আমোদ প্ৰদানৰ এক বিশ্বাস দিছে। গুগল প্লে ষ্টোৰ তথা এপল ষ্টোৰত ইতিমধ্যে উপলদ্ধ হৈছে এই এপটো; এইখিনিতে উল্লেখ্য যোগ্য যে, থ্ৰীলাৰ ধৰ্মী কাহিনীৰে আহিবলগীয়া ৱেব চিৰিজ “Illegal” ত মূখ্য চৰিত্ৰ ৰূপায়িত অভিনেতা ৰবি শৰ্মাই অইন কোনো ষ্টন্ট মেনৰ অবিহনেই “ফাইটিং” চিকুৱেল সমূহত উপভোগ্য অভিনয় কৰিছে বুলি জানিব পৰা গৈছে।

নৱপ্ৰজন্মৰ পৰিচালকক সঁহাৰি দিয়াৰ স্বাৰ্থত "NIRI 9"- আহি আছে "Illegal" 4


কাৰিকৰী দিশটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া এই ৱেব চিৰিজখনৰ কাহিনী, সংলাপ আৰু পাণ্ডুলিপিৰ দায়িত্বত আছে ৰবি শৰ্মা। দৃশ্যগ্ৰহণ সম্পন্ন কৰিছে জ্ঞান গৌতমে লগতে সহঃ দৃশ্যগ্ৰহণকাৰী হৈছে উত্তম কলিতা। একচন পৰিচালনা কৰিছে দীপক চেট্টীয়ে। ৱেব চিৰিজ খনৰ আন আন কেইবাটাও চৰিত্ৰ ৰূপায়ন কৰিছে বিভূতি ভূষণ হাজৰিকা, ৰঞ্জীৱ লাল বৰুৱা, ৰিতীষা খাউণ্ড, অৰ্জুন, সোণমনি শৰ্মা, সিদ্ধাৰ্থজ্যোতি মূখাৰ্জীকে ধৰি কেইবাগৰাকীও ন-পূৰণি অভিনেতা অভিনেত্ৰীয়ে। হেমন্ত গগৈৰ সহযোগী পৰিচালনাৰ লগতে ইয়াত সহঃ পৰিচালনাৰ দায়িত্বত আছে সমীৰণ দাস, নিতু খনিকৰ, জ্যোতিষ্মান চেতিয়া, পুনম খনিকৰ, অংশু প্ৰতীম শইকীয়া, সন্ধ্যা ৰাণী হাজৰিকা, দেশ অধিকাৰী অধিকাৰী। ৰূপসজ্জা বিজিয়েতাৰ আৰু সাজসজ্জা কমলৰ। চিৰিজ খনৰ সামগ্ৰিক ব্যৱস্থাপনা অৰ্ণৱ হাজৰিকাৰ। প্ৰডাকচন মেনেজাৰৰ দায়িত্বত আছে প্ৰশান্ত শালৈ আৰু শব্দ প্ৰযোজনা অৰ্ণৱ বৰাৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform