অসমীয়া চিনেমাৰ নতুন জাগৰণৰ প্ৰতি লক্ষ্য ৰাখি লগতে অসমীয়া জনসাধাৰণক অসমীয়া চিনেমাৰ প্ৰতি আকৃষ্ট কৰিবলৈ আহি আছে “ৰাইনো এক্সপ্ৰেছ”।
জনসাধাৰণৰ সোৱাদনুযায়ী চিনেমা যোগান ধৰাক লৈ এতিয়া আগবাঢ়িছে “ৰাফ এণ্ড টাফ”, “ধম ধমা ধম” ৰ পৰিচালক মণি সিনহা। “ৰাইনো এক্সপ্ৰেছক” লৈ আশাবাদী পৰিচালক গৰাকীয়ে দৰ্শক আগ্ৰহী কৰাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিছে। দৃশ্যগ্ৰহণৰ প্ৰায় শেষ হৈ উঠা ছবিখনৰ সম্প্ৰতি পিছৰ পৰ্যায়ৰ কাম চলি আছে।
একছন লগতে কমেডি সমৃদ্ধ বোলছবিখনত অভিনয় কৰিছে অমৃতা গগৈ,বিবেক বৰা,উদয় দুৱৰা,সিদ্ধাৰ্থ শৰ্মা, জিং বৰুৱা আদিয়ে। বলীউডৰ ছবিৰ নিচিনা দৰ্শকক আকৰ্ষণ কৰিব পৰা শক্তি অসমীয়া ছবিত থাকিলেই ইয়াৰ উন্নতি হ’ব বুলিও উল্লেখ কৰে পৰিচালক সিনহাই। চলিত বৰ্ষৰ শাৰদীয় বতৰত ছবিখনে মুক্তি পোৱাৰ সম্ভাৱনায় আছে।
You may also like
অৱনী ৰঞ্জন পাঠকৰ চিনেমা –উৎপল মেনা
অৱনী ৰঞ্জন পাঠক– সংগীতৰ মানুহ। শ্ৰব্য সংকলন– “মামন”, দুৰদৰ্শনৰ ধাৰাবাহিক– “জোৱাই”, “সংসাৰ” আদিৰ সংগীত পৰিচিলক অৱনী ৰঞ্জন পাঠকে সুৰ ৰচনা কৰা কেইটামাণ গীত– “বৰষা ৰাতি নিবিড় মায়া সানি…”...
অসমীয়া চিনেমা ২০২৩: আশাৰ বছৰ –উৎপল মেনা
“স্থানীয় বজাৰ” সফলতাক বাদ দি চিনেমাৰ দৰে খৰচী মাধ্যম এটাৰ কৰ্ম ধাৰাবাহিকতা ৰক্ষা কৰা সম্ভৱ নহয়। এই যে সম্ভৱ নহয়, সেই বাবেই “বজাৰ কেন্দ্ৰীক চিনেচিন্ত”ৰ গুৰুত্ব বাঢ়িছে। ইয়াৰ মাজতে “স্থানীয়...
সংগীত নাটক অকাদেমী বঁটা ঘোষণা
ঘোষণা কৰা হ’ল সংগীত নাটক অকাদেমী ২০২২- ২৩ বৰ্ষৰ বটা সমূহ। অসমৰ বহু কেইগৰাকী সাংস্কৃতিক সাধকে এই সন্মান লাভ কৰিছে। বিশিষ্ট নাট্যকাৰ দুলাল ৰয়লৈ সংগীত নাটক অকাদেমী ফেল’ৰ সন্মান প্ৰদান কৰা হৈছে । ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ...
উপমাৰ সিপাৰে… –উৎপল মেনা
“উপমাৰ সিপাৰে…” –মুকলি হ’ল। সুৰৰ ডেউকাত ভাল লগা, মৰম লগা আৰু এবোজা শব্দ লৈ শ্ৰোতাৰ ওচৰ পালে আৰু এটা “ভাল লগা” গীত, তৰালিৰ গীত,তৰালি শৰ্মাই “সুৰ-সংগীত অলংকাৰ”...
সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– ‘সত্য- দ্য ট্ৰুথ’। বিষয়বস্তু কেন্দ্ৰীক চিনচিন্তা। চৰ্চাৰ কাৰণ বিষয়বস্তু। পুৰুষৰ সৈতে পুৰুষৰ প্ৰেম কাহিনী। নহয়, কেৱল শৰীৰ প্ৰেম নহয়, প্ৰেমৰ মানসিক অনুভৱ। ‘পুৰুষ...
Article 370’s Explosive Debut: Yami Gautam’s Film Ignites Box Office with ₹5.7 Crore Opening
A Cinematic Dissection of a Political Milestone: Audiences Embrace Article 370 In an impressive opening day feat, Yami Gautam’s latest film “Article 370” soared at the box office with a robust...
Add comment