Rupaliparda.com
আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আনুষ্ঠানিক বঁটাপ্ৰাপ্ত অসমীয়া জিম অংকন ডেকাঃ 1

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আনুষ্ঠানিক বঁটাপ্ৰাপ্ত অসমীয়া জিম অংকন ডেকাঃ

মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান সমূহৰ ভিতৰত প্ৰতিভাৱান এগৰাকী হৈছে জিম অংকন ডেকা। আৱাহন-ৰামধেনু যুগৰ বিশিষ্ট সাহিত্যিক তথা গৱেষক লগতে শিক্ষাবিদ ভবানন্দ ডেকাৰ পুত্ৰ জিম অংকনে ১৯৯৯ চনত নিজ ১৯ বছৰ বয়সতে নিৰ্মাণ কৰি উলিয়াইছিল তেওঁৰ প্ৰথম অসমীয়া এলবাম “তুমি কোৱা কথাবোৰ”। ইয়াৰ উপৰিও, কম বয়সতে তেওঁৰ তিনি গৰাকী বন্ধুৰ সৈতে “প্ৰহৰ” শীৰ্ষক এটি বেণ্ড খুলি লোৱা উক্ত উদীয়মান শিল্পী গৰাকীয়ে ২১ বছৰ বয়সত গুৱাহাটীত নিজাববীয়াকৈ খুলি লৈছিল এটি ষ্টুডিঅ’; যাৰ নাম আছিল “লা জিয়াজ”। কেৱল মাত্ৰ সংগীতেই নহয়; অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত কোনো ব্যক্তি অথবা বিষয়বস্তুক কেন্দ্ৰ কৰি জিম অংকন ডেকাই নিৰ্মাণ কৰি উলিয়াইছিল ডকু-ফিছাৰ ছবি। “অসম সাহিত্য সভা”,”শ্ৰী মন্ত শংকৰদেৱ”, তথা “ভূপেন হাজৰিকা” ক কেন্দ্ৰ কৰিয়েই তেওঁ নিৰ্মাণ কৰি উলিয়াইছিল ছবিসমূহ। জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰা জিম অংকনৰ তথ্যচিত্ৰ “শ্ৰী মন্ত শংকৰদেৱ” হৈছে প্ৰথমখন অসমীয়া ছবি যাক বিদেশত ৰাজহুৱা ভাৱে প্ৰদৰ্শিত কৰা হৈছিল।

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আনুষ্ঠানিক বঁটাপ্ৰাপ্ত  অসমীয়া জিম অংকন ডেকাঃ 2


ড° ভূপেন হাজৰিকাৰ প্ৰেৰণা লৈ এই শিল্পী গৰাকীয়ে ২০০৪ চনত এটি গোৱালপৰীয়া লোক গীতৰ মুক্তি কৰি ২০০৬ চনত বাংগালুৰুত স্থায়ীভাৱে আন এক ষ্টুডিঅ’ ও সংগীত গৱেষণা কেন্দ্ৰ “ইষ্টাৰ্ণ ফেয়াৰ মিউজিক ফাউণ্ডেছন” ৰ জন্ম দিয়ে আৰু তাৰ পিছৰ পৰাই তেওঁ অসমীয়া, হিন্দী, ইংৰাজীকে আদি কৰি আন কেইবাটাও ভাষা ক্ৰমে বাংলা, মিজো, নগা আদি ভাষাত সংগীত চৰ্চা কৰে। দিল্লীত দলবদ্ধ ধৰ্ষণৰ বলি হোৱা ছোৱালীজনীৰ ঘটনা টোক কেন্দ্ৰ কৰি জিম অংকনে প্ৰস্তুত কৰি উলিয়াইছিল এটি দ্বি-ভাষিক (অসমীয়া-হিন্দী) গীত।

“আৱাজ- স্পীক আপ এগেইনষ্ট ছেক্সুৱেল ভাইলেঞ্চ” শীৰ্ষক গীতটিৰ বাবে তেওঁক ২০১৪ চনত Hollywood Shorts Reel-14, Noida International Film Festival, Global Music Awards আদি অনুষ্ঠান ও সমাৰোহত প্ৰদান কৰা হৈছিল বঁটা। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আনুষ্ঠানিক বঁটাৰে সন্মান লাভ কৰা জিম অংকন আছিল প্ৰথম গৰাকী অসমীয়া।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform