Rupaliparda.com
অসম তথা অসমবাসীক লৈ সৃষ্টি "ৰজনজনাই"- 1

অসম তথা অসমবাসীক লৈ সৃষ্টি “ৰজনজনাই”-

আমি প্ৰত্যেকগৰাকী অসমবাসীয়ে এই সোণৰ অসম খনক লৈ গৌৰম্বিত; নহয়নে? ইয়াত অসমীয়া, হিন্দী, মুছলমান আদি ভিন্ন ভাষাৰ লোক থাকে যদিও আমি প্ৰায়ে অসমবাসী বুলি নিজক চিনাকী দি ভাল পাওঁ।নিৰৱিচ্চিন্ন ভাৱে বৈ থকা ব্ৰহ্মপুত্ৰখনকে আৰম্ভ কৰি চুকে-কোণে লুকাই থকা প্ৰতিভাই অসমখনক সকলোৰে সমুখত আৰু অধিক সুন্দৰ কৰি তোলে। অসমখনত থকা প্ৰতিভাই সদায় নিজ জন্মভূমি খনক ৰাষ্ট্ৰীয় তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ চেষ্টা কৰে; সেয়া লাগিলে মনোৰঞ্জন দিশটোৰ পৰাই হওঁক অথবা বৈজ্ঞানিক তথা সাহিত্যিক দিশৰ পৰাই নহওঁক কিয়! মুঠতে জাকত জিলিকা এই অসমখনক বুকুত বান্ধি জীয়াই থকাৰ অপাৰ ইচ্ছা সামৰি ৰাখে প্ৰতিজন অসমবাসীয়ে। ঠিক তেনেকৈ, অসমখনক যেতিয়া আমি একোটা গীতত অথবা এখন চিনেমাৰ এটি দৃশ্যত হ’লেও উপভোগৰ সুবিধা পাওঁ তেতিয়াই আমি উৎসাহিত হৈ পৰো। ঠিক তেনে এক গীতৰ সৈতেই আহি আছে একাংশ নৱপ্ৰজন্ম। “ৰজনজনাই” শীৰ্ষক এই নতুন গীতটিৰ সৈতে আহি আছে এওঁলোক। গীতটিৰ জৰিয়তে এই নৱপ্ৰজন্মৰ দলটোৱে সমগ্ৰ অসমখনৰ স্থিতি আৰু ইয়াত থকা কিছুমান শিল্প-কলা তথা প্ৰাচীন বস্তুবোৰক উপস্থাপনৰ চেষ্টা কৰিছে।

অসম তথা অসমবাসীক লৈ সৃষ্টি "ৰজনজনাই"- 2


বানকাঁহী, বানবাটিৰ পৰা আৰম্ভ কৰি অসমীয়াৰ আৱেগ সদৃশ তামোল-পাণ তথা শিৱসাগৰস্থিত ৰংঘৰ, কাৰেংঘৰ, শিৱদৌলৰ পৰা মাজুলীৰ সত্ৰ, তাত মুখা বনোৱা শিল্পৰ সৈতে জড়িত প্ৰকল্পসমূহৰ পুংখানুপুংখ উপস্থাপনৰ চেষ্টা কৰা হৈছে। ইয়াৰ উপৰিও সত্ৰীয়া সংস্কৃতি তথা শুৱালকুছিৰ শিপিনী সকলৰ জীৱনৰ কিছু কিছু মূহুূৰ্তকো উক্ত গীতটিৰ ভিডিঅ’টোৰ যোগেৰে ৰাইজক দেখুওৱাৰ চেষ্টা কৰা হৈছে। নিহাৰ কাশ্যপৰ কন্ঠৰে গীতটিত কথা দিছে পাপলু চেতিয়াই লগতে গীতটিৰ সংগীত ব্যৱস্থাপনা আৰু শব্দ সংমিশ্ৰণ কৰিছে প্ৰণয় দত্তই। সংগীত প্ৰযোজনা নিহাৰ কাশ্যপৰ নিজৰেই আৰু গীতটিক বাণীবদ্ধ কৰা হৈছে legacy ষ্টুডিঅ’ত। সমান্তৰালকৈ, গীতটিৰ ভিডিঅ’ পৰিচালনা দেৱাশীষ ডেকাৰ আৰু দৃশ্যগ্ৰহণৰ দায়িত্বত আছে গুঞ্জন কাশ্যপ। গীতটিৰ সম্পাদনা ৰামজ্যোতি কৃষ্ণচৰণৰ।

অসম তথা অসমবাসীক লৈ সৃষ্টি "ৰজনজনাই"- 3


গীতটিক লৈ বৰ্তমান উৎসাহিত অসমীয়া শ্ৰোতা। ৰূপালীপৰ্দাৰ তৰফৰ পৰাওঁ আমি এওঁলোকলৈ যাঁচিছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform