Rupaliparda.com
"…সেইটো গীতেই মোৰ বাবে সফল অথবা সুন্দৰ"- নিহাৰ কাশ্যপ 1

“…সেইটো গীতেই মোৰ বাবে সফল অথবা সুন্দৰ”- নিহাৰ কাশ্যপ

অসমীয়া সংগীত ক্ষেত্ৰখনত বৰ্তমান ইটোৰ পিছত সিটোকৈ উল্লেখনীয় কাম কৰাৰ বাবে আগবাঢ়িছে নৱপ্ৰজন্ম; কিবা এটা নতুন কৰাৰ উৎসাহত বৰ্তমান উৎসাহী প্ৰতিজন। আমি কিছুদিন পূৰ্বে এটি গীতৰ বিষয়ে আপোনালোকক জনাইছিলো, গীতটিৰ নাম হৈছে “ৰজনজনাই”। অসমীয়াৰ স্বাভিমান স্বৰূপ প্ৰতিটো বস্তুকেই গীতটিত সন্নিৱিষ্ট কৰাৰ চেষ্টা কৰিছে নৱপ্ৰজন্মই। গীতটিত কন্ঠদান কৰিবলৈ আগবাঢ়িছে নৱপ্ৰজন্মৰে এগৰাকী কন্ঠশিল্পী নিহাৰ কাশ্যপে; অসমবাসীৰ বাবে কিবা এটা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা এইগৰাকী কন্ঠশিল্পীয়ে চচিয়েল মিডিয়া যোগেই কিছু গীতৰ আভাস দি জনসাধাৰণক নিজৰ প্ৰতি আকৰ্ষিত কৰা দেখিবলৈ পোৱা যায়। ৰূপালীপৰ্দাই তেওঁৰ এই নতুন কামটোক সঁহাৰি জনাই তেওঁৰ বিষয়ে কিছু জানিবলৈও প্ৰয়াস কৰিছিল। সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত নিহাৰ কাশ্যপে কৈছিল যে, “সাংগীতিক পৰিৱেশ এটাৰ লগতেই সৰুৰ পৰা ডাঙৰ হৈছিলো। কিন্তু এই ক্ষেত্ৰত মোৰ মাৰ অৱদান আছিল যথেষ্ট কিয়নো মোৰ মা আছিল এগৰাকী বৰগীতৰ অনাঁতাৰ শিল্পী। গতিকে, তেওঁৰ পৰাই আৰম্ভ হৈছিল মোৰ সংগীত কেৰিয়াৰটোৰ যাত্ৰা; মা থকা বাবেই হয়টো মই সংগীতক বহুত ওচৰৰ পৰা জীয়াব পাৰিছিলো।” এটি গীতক কেতিয়া সফল আৰু কেতিয়া বিফল বুলি ক’ব পৰা যায় বুলি প্ৰশ্ন কৰাত তেওঁ কয়, “আচলতে এটা সংগীতৰ ক্ষেত্ৰত সফল/বিফল বুলি একোৱে নাথাকে।”

"…সেইটো গীতেই মোৰ বাবে সফল অথবা সুন্দৰ"- নিহাৰ কাশ্যপ 2
"…সেইটো গীতেই মোৰ বাবে সফল অথবা সুন্দৰ"- নিহাৰ কাশ্যপ 3


আগলৈ তেওঁ কয় যে, “যিটো গীত শুনি মোৰ মনটো ভাল লাগে সেইটো গীতেই মোৰ বাবে সফল অথবা সুন্দৰ। অইনৰ ক্ষেত্ৰত তেনেবোৰ পচন্দ ভিন্ন হ’ব পাৰে; সৰুৰ পৰা মই জয়ন্ত হাজৰিকা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু তাৰ পিছত মই পাপন দা, জুবিন দা, John Mayer, Bob Dylan ৰ গীত শুনি ডাঙৰ হৈছো গতিকে এওঁলোক আটাইৰে গীতবোৰ মোৰ বাবে পচন্দৰ আৰু তেওঁলোকৰ গীত সমূহ মোৰ বাবে সফল।” তেওঁৰ আগন্তুক প্ৰকল্প সমূহৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মোৰ আগন্তুক পৰিকল্পনা বুলি ক’বলৈ গ’লে কিছু কিছু বিষয়ত ভাবি থৈছো। কিন্তু প্ৰথমতে মই এই ক্ষেত্ৰখনত শিকিবলৈ আৰু বাকী আছে। মোৰ সংগীতেৰে অসম খনক অইনৰ আগত চিনাকী কৰি দিয়াৰ এক ইচ্ছা মই বহুদিনৰ পৰাই মনত পুঁহি ৰাখিছো। নিজৰ সুৰ, কন্ঠ আদি সমূহকো দিনক দিনে এক উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ ইচ্ছা মোৰ আছে।”

"…সেইটো গীতেই মোৰ বাবে সফল অথবা সুন্দৰ"- নিহাৰ কাশ্যপ 4


নৱপ্ৰজন্মৰ চিন্তা-ধাৰাৰ লগতে তেওঁলোকৰ প্ৰতিভা সমূহে অসমবাসীক গৌৰম্বিত কৰিছে। নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। তেনেক্ষেত্ৰত নিহাৰ কাশ্যপৰ আহিবলগীয়া প্ৰকল্পবোৰেও যে শ্ৰোতাক মুগ্ধ কৰিবলৈ সক্ষম হ’ব বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও তেওঁৰ এই নতুন প্ৰচেষ্টাক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform