Rupaliparda.com
"এতিয়া এনে লাগিছে যে কংগ্ৰেছে মোক নেতা বনাইহে এৰিব"- কংগনা ৰাণাওঁট 1

“এতিয়া এনে লাগিছে যে কংগ্ৰেছে মোক নেতা বনাইহে এৰিব”- কংগনা ৰাণাওঁট

বলীউড অভিনেত্ৰী কংগনা ৰাণাওঁটে পূৰ্বৰে পৰাই কৃষি আন্দোলনক লৈ নিজ ক্ষোভ প্ৰকাশ কৰি কৃষক সকলক লৈ বিভিন্ন ধৰণৰ কটু বাক্য ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ এই বিষয়ক লৈ কেইবাগৰাকীও কংগ্ৰেছী নেতাই কংগনাক কৃষক সকলৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনায় আৰু যদিহে অভিনেত্ৰী গৰাকীয়ে ক্ষমা নোখোজে তেতিয়াহ’লে তেওঁৰ আহিবলগীয়া ছবিৰ শ্বুটিং কৰিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে। মধ্যপ্ৰদেশৰ বেতুল জিলাত চলি থকা “ধাকড়” ৰ শ্বুটিং সন্দৰ্ভত তাত থকা কংগ্ৰেছী নেতাসকলে কংগনাৰ ব্যৱহাৰৰ বাবে তাত শ্বুটিং কৰিবলৈ দিয়া নহ’ব বুলি প্ৰকাশ কৰে। এই বিষয়ত কংগনাইও নিজ উত্তৰ দিয়ে; তেওঁ কয় যে, “মোৰ নেতাগিৰিত কোনো আগ্ৰহ নাই; কিন্তু এতিয়া এনে লাগিছে যে কংগ্ৰেছে মোক নেতা বনাইহে এৰিব।”

"এতিয়া এনে লাগিছে যে কংগ্ৰেছে মোক নেতা বনাইহে এৰিব"- কংগনা ৰাণাওঁট 2
"এতিয়া এনে লাগিছে যে কংগ্ৰেছে মোক নেতা বনাইহে এৰিব"- কংগনা ৰাণাওঁট 3


একোটা টুইটৰ মাজত তেওঁ শেহতীয়াকৈ দাবী কৰিছে যে গোটেই বিশ্বত তেওঁৰ সমান কোনো এগৰাকী অভিনেত্ৰী নাই আৰু যদিহে কোনোৱে এই বিষয়ত তৰ্ক কৰিবলৈ বিচাৰে তেতিয়াহ’লে অভিনেত্ৰী কংগনা ৰাণাওঁট একেবাৰে প্ৰস্তুত। এইখিনি কথাক লৈয়ে তেওঁ দুখন “থলাইবী” ৰ ফটো আৰু এখন “ধাকঢ়” ৰ ফটো শ্বেয়াৰ কৰে। মুঠতে, বৰ্তমান টুইটাৰত অভিনেত্ৰী গৰাকীয়ে এয়াই দাবী কৰিছে যে এই গ্ৰহত তেওঁৰ দৰে কৰ্মপৰায়ণ, নিষ্ঠাবান আৰু চৰিত্ৰৰ সৈতে খেলিব পৰা অভিনেত্ৰী আৰু দ্বিতীয় গৰাকী নাই। যদিহে আছে তেতিয়াহ’লে তেওঁ নিজৰ এনে অহংকাৰ ত্যাগ কৰিব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform