Rupaliparda.com
সন্দীপ নাহৰৰ মৃত্যুত শোকগ্ৰস্ত অক্ষয় কুমাৰ- 1

সন্দীপ নাহৰৰ মৃত্যুত শোকগ্ৰস্ত অক্ষয় কুমাৰ-

বলীউডত আত্মহত্যাৰ ঘটনাবোৰ যেন এতিয়াও মাৰ যোৱা নাই। ইজনৰ পিছত সিজনৰ মৃত্যুৰ খবৰে এতিয়ালৈও ইণ্ডাষ্ট্ৰীটোত এক গভীৰ শোকৰ সৃষ্টি কৰি আহিছে। শেহতীয়াকৈ ছবিসমূহত সহকাৰী অভিনেতাৰ চৰিত্ৰ ৰূপায়ন কৰা সন্দীপ নাহৰৰ আত্মহত্যাৰ ঘটনাই সকলোকে আচৰিত কৰি তোলা দেখিবলৈ পোৱা গৈছে। “কেশৰী” ছবিখনত সন্দীপৰ সৈতে কাম কৰা অক্ষয় কুমাৰেও চচিয়েল মিডিয়া যোগে অভিনেতাগৰাকীৰ আত্মহত্যাক লৈ শোক ব্যক্ত কৰে। সন্দীপে সোমবাৰৰ দিনটোত আত্মহত্যা কৰে, ৩২ বছৰ বয়সৰ এইগৰাকী অভিনেতাই আত্মহত্যাৰ পূৰ্বে ফেচবুকত এক ভিডিঅ’ পোষ্ট কৰি তেওঁৰ আত্মহত্যা কৰাৰ আঁৰৰ কিছুমান কথা ব্যক্ত কৰে। নিজৰ বিবাহ জীৱন অতি কষ্টদায়ক হোৱাৰ লগতে সন্দীপৰ পত্নীয়ে তেওঁক প্ৰতিটো সময়ত মানসিক কষ্ট দিয়া বুলিও ব্যক্ত কৰে অভিনেতা গৰাকীয়ে ভিডিঅ’টোত। অইনৰ সৈতে সম্পৰ্ক থকা বুলি মিছা আৰোপ লগাই সন্দীপৰ পত্নীয়ে প্ৰতিটো সময়ত অভিনেতাগৰাকীক আৰক্ষীৰ ওচৰত গটাম বুলিও ভাবুকি প্ৰদান কৰে। তাৰ পিছতেই সংবাদ মাধ্যমযোগে আত্মহত্যাৰ খবৰ আহে সন্দীপ নাহৰৰ।

সন্দীপ নাহৰৰ মৃত্যুত শোকগ্ৰস্ত অক্ষয় কুমাৰ- 2
https://twitter.com/akshaykumar/status/1361610934851039236?s=20


অভিনেতা গৰাকীৰ মৃত্যুক লৈ অক্ষয় কুমাৰে এক পোষ্ট কৰি কয় যে, “সন্দীপ নাহৰৰ আত্মহত্যা খবৰে সকলোকে শোকগ্ৰস্ত কৰি তুলিছে। এজন হাঁহিমুখীয়া ন-জোৱান, যি খোৱাক লৈ নিষ্ঠাৱান। জীৱনবোৰ সঁচাকৈ অপ্ৰত্যাশিত; কেতিয়াবা যদি নিৰাশ হয় তেতিয়াহ’লে আপোনালোকে সহায় বিচাৰিবলৈ সংকোচ নকৰিব। আত্মাৰ বাবে শান্তি।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform