Rupaliparda.com
নৱপ্ৰজন্মৰ পৰিচালক বিনীত ঝাৰ নতুন চুটি ছবি "ছবি"- 1

নৱপ্ৰজন্মৰ পৰিচালক বিনীত ঝাৰ নতুন চুটি ছবি “ছবি”-

চুটি ছবিৰ এক পৰিক্ৰমা এতিয়াও মাৰ যোৱা নাই; আমি বিগত বৰ্ষত ইমানেই অধিক সুন্দৰ চুটি ছবিসমূহৰ উপভোগ কৰিলো যে বৰ্তমানেও আমি এই চুটি ছবিসমূহৰ সোঁৱাদ সামৰিব পৰা নাই; ৰোমান্টিক, থ্ৰীলাৰ, বিজ্ঞানভিত্তিক আদি প্ৰায় প্ৰতিটো বিভাগৰেই একোখন সুন্দৰ ছবিৰ সফলতা আমি নিজেই দেখিছো। সঁচা কথা ক’বলৈ গ’লে, চুটি ছবিৰ প্ৰথা যদিও আগৰে পৰা চলি আহিছে; তথাপিও দৰ্শকৰ মনত চুটি ছবি উপভোগৰ যেন এক অভ্যাসৰ সৃষ্টি হৈ পৰিছে “লক-ডাউন” ৰ স্তব্ধতাৰ পিছৰ পৰাহে। আগন্তুক সময়ত আন কেইবাখনো উল্লেখনীয় চুটি ছবিৰ সৈতে আহিবলৈ সাজু হৈছে নৱপ্ৰজন্মৰ পৰিচালক সকল। আকৌ কিছু নতুন কাহিনী, নতুন বিষয়বস্তুৰ সৈতে তেওঁলোক কাষ চাপিব আপোনালোকৰ। “Miss Match” নামে এখন চুটি ছবিৰ হয়টো আপোনালোকেও নাম শুনিছে; বিনীত ঝাৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত উক্ত চুটি ছবিখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহতো লাভ কৰিছে সফলতা। বিগত দিনৰ স্তব্ধতাৰ পিছত আকৌ এবাৰ মনোৰঞ্জন ক্ষেত্ৰখনে দেখিছে নতুনৰ মুখ; নিত্য-নতুন পৰিকল্পনাৰ খবৰ আমি ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছো ।

https://fb.watch/3eljmiStyG/

নৱপ্ৰজন্মৰ পৰিচালক বিনীত ঝাৰ নতুন চুটি ছবি "ছবি"- 2


এইখিনিতে, ৰূপালীপৰ্দাৰ ফালৰ পৰা আপোনালোকক জনাম আন এক ভাল লগা খবৰহে। যেতিয়া এজন মানুহে নিজৰ সপোনক পূৰণ কৰিবলৈ যিকোনো পথত খোজ দিবলৈ ইচ্ছা কৰে অথবা যেতিয়া কোনো এজন মানুহ নিজ প্ৰাপ্যটোক লাভ কৰিবলৈ ভাল-বেয়াৰ চিন্তা নকৰি যিকোনো কামেই কৰি পেলায় তেতিয়া তেনে মানুহক বাৰু কি কোৱা হয়?এনে এক বিষয়বস্তুক লৈয়ে আহিবলগীয়া সময়ৰ এখন চুটি ছবিৰ হৈছে “ছবি”। বিনীত ঝাৰ পৰিচালনাৰে ইয়াত কাহিনী লিখিছে অচিন্ত কাশ্যপে; আনহাতে চুটি ছবিখনত অভিনয়ো কৰিছে অচিন্ত কাশ্যপে নিজেই। চন্দ্ৰ কুমাৰ দাসৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সংগীত কৰিছে মনদ্বীপ তাৰোয়ে; লগতে চাউণ্ড ডিজাইন আৰু শব্দ সংমিশ্ৰণ কৰিছে হিৰু পৱনে। অংগনা প্ৰীতিৰ সাজসজ্জাৰে ছবিখনৰ সহঃ পৰিচালনাৰ দায়িত্বত আছে ডৰিনা ভূঞা।

নৱপ্ৰজন্মৰ পৰিচালক বিনীত ঝাৰ নতুন চুটি ছবি "ছবি"- 3


চুটি ছবিসমূহক লৈ নৱপ্ৰজন্মৰ পৰিচালকৰ সক্ৰিয়তাই উৎসাহিত কৰিছে প্ৰত্যেককে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো এওঁলোক সকলোকে শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform