Rupaliparda.com
Nexster Studios ৰ অন্যতম নিবেদন "শিপা"; কি কাহিনীৰে নিৰ্মিত ৱেব চিৰিজখন? 1

Nexster Studios ৰ অন্যতম নিবেদন “শিপা”; কি কাহিনীৰে নিৰ্মিত ৱেব চিৰিজখন?

বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ বাবে কেইবাটাও নতুন সুযোগৰ আৰম্ভণি হোৱা দেখিবলৈ পোৱা গৈছে। সঁচাকৈ ক’বলৈ গ’লে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত ডিজিটেল প্লেটফৰ্মে আচলতে ভালেকেইটা নতুন তথা ভিন্ন বিষয়বস্তুৰ পৰিকল্পনা কৰাৰ লগতে নৱপ্ৰজন্মৰ প্ৰতিভা বিকাশ কৰা স্বাৰ্থত ন-ন সুযোগ সমূহ মোকলাই দিছে। আমি ইতিমধ্যে আপোনালোকক আহিবলগীয়া সময়ত মুক্তিপাবলগীয়া অন্যতম OTT প্লেটফৰ্ম Nexster Studios ৰ বিষয়ে কিছু কথা জনাইছো। এই প্লেটফৰ্মটোত আহিবলগীয়া কেইবাখনো উল্লেখনীয় প্ৰকল্পই ইতিমধ্যে চচিয়েল মিডিয়াত খলকনি সৃষ্টি কৰাত সক্ষম হৈ পৰিছে। উক্ত প্লেটফৰ্মটোতেই আহিবলগীয়া সময়ত মুক্তিপাবলগীয়া এখন ৱেব চিৰিজৰ নাম হৈছে “শিপা”; ইতিমধ্যে ৱেব চিৰিজখনৰ ২৮ দিনীয়া শ্বুটিং চিড্যুলৰ সমাপ্তি ঘটিছে। থ্ৰীলাৰ ধৰ্মী এক হৃদয়স্পৰ্শী কাহিনী অন্তৰ্ভূক্তি কৰা হৈছে এই ৱেব চিৰিজখনত। কথাতেই কয়, “অভাৱেই সৃষ্টিৰ মূল”; বিগত বৰ্ষত মনোৰঞ্জন ক্ষেত্ৰখনত পৰা লক-ডাউনৰ বহুল প্ৰভাৱৰ পিছত শেহতীয়াকৈ ইমানেই নতুন কিছু পৰিকল্পনা লৈ আজিৰ যুৱপ্ৰজন্ম আহিছে যে তাক দেখি উৎসাহিত হৈ পৰিছে অসমীয়া প্ৰতিজন মনোৰঞ্জনপ্ৰেমী দৰ্শক। প্ৰতিজন অপেক্ষাৰত হৈ পৰিছে আটাইবোৰ প্ৰকল্প উপভোগ কৰিবলৈ।

Nexster Studios ৰ অন্যতম নিবেদন "শিপা"; কি কাহিনীৰে নিৰ্মিত ৱেব চিৰিজখন? 2


এতিয়া আমি আহো “শিপা” ৰ কাহিনীলৈ; এক মানসিক বেমাৰৰ কাহিনীক অন্তৰ্ভূক্ত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে এই ৱেব চিৰিজ খন; ২০১৫ চনত এখন কিতাপ উলিওৱা হৈছিল যাৰ নাম আছিল “শিপা”। কিন্তু এই কিতাপখন বৰ্তমানলৈ যিয়ে পঢ়িছে সেই পঢ়ুৱৈ গৰাকী জীয়াই থকা নাই; গতিকে সেই কিতাপখন অসম চৰকাৰে উক্ত চনটোতেই বন্ধ কৰি পেলালে যদিও এতিয়াও অসমৰ চোকে-কোণে ক’ৰবাত এই কিতাপ খন দুই -এজন পঢ়ূৱৈয়ে পঢ়ি আছে। কিতাপখন কেনেকৈ তেওঁলোকৰ কাষ চাপে অথবা তেওঁলোকে কিতাপ খন কেনেদৰে পঢ়িবলৈ সক্ষম হয় এই আটাইবোৰ উৎসক লৈ অজ্ঞাত সকলো। ঘটনাক্ৰমে পিছলৈ কিতাপ খন কোনখন লাইব্ৰেৰী অথবা পুথিভঁৰালত আছে তাৰ এক সুক্ষ্ম আভাস লাভ কৰিবলৈ সক্ষম হয় দুগৰাকী ছাত্ৰৰ লগতে এগৰাকীয়ে ছাত্ৰীয়ে। পিছলৈ, উক্ত ছাত্ৰ-ছাত্ৰী তিনিগৰাকীৰ সৈতে কি ঘটিব অথবা পৰিস্থিতিটোৰ সৈতে তেওঁলোকে কেনেদৰে মোকাবিলা কৰে সেই আটাইবোৰ আপোনালোকে জানিবলৈ পাব এই ৱেব চিৰিজখনত।


ৰাজা চৰণ সিঙৰ পৰিচালনাৰে নিৰ্মিত এই ৱেব চিৰিজখনত অভিনয় কৰিছে ৰাজু ৰয়, চিন্ময় কটকী, সুৰুজ কলিতা, হেমাগ্নি কাশ্যপ, শংকু বৰমুদৈৰ লগতে আন কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। তেওঁলোকৰ এই প্ৰচেষ্টাক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform