Rupaliparda.com
বুঢ়া তামোলৰ সোঁৱাদেৰে ঋতৃষা শৰ্মাৰ নতুন গীত "বুঢ়া তামোলৰ পাগ"- 1

বুঢ়া তামোলৰ সোঁৱাদেৰে ঋতৃষা শৰ্মাৰ নতুন গীত “বুঢ়া তামোলৰ পাগ”-

“বুঢ়া তামোলৰ পাগ”; শব্দটোৱে এক নতুন আলোড়ণ তথা ব্যতিক্ৰমী এক সোঁৱাদৰ সৃষ্টি কৰা নাইনে? শব্দটো শুনাৰ লগে লগে আইতা-কঁকাৰ ওঁঠৰ দুনয়নেৰে বাগৰি অহা ৰঙাকণলৈ মনত পৰা নাইনে? অথবা আমি একেই সহজেই দেখিবলৈ পোৱা একেবাৰে সুলভ দৃশ্যটো হৈছে চূণে-পানে লৈ তামোলখন খুন্দনিত খুন্দি আইতাই নিজৰ তামোলৰ এভাগ লাহেকৈ মুখত গুঁজি আধা ভাগ ককালৈ ঠেলি দিয়া। আস; এয়া পঢ়ি থকাৰ মাজতেই যে আপোনালোক সেই সময়কণলৈ ঘূৰি গৈ এটি হাঁহিৰে বৰ্তমানৰ সময়ভাগলৈ উভতি আহিছে, এই হাঁহিটোৱে অৱশ্যে ঋতৃষা শৰ্মা নতুন গীত “বুঢ়া তামোলৰ পাগ” ত অংকুৰিত কৰিছে সফলতা। গীতটিত প্ৰেম আছে, আদৰ আছে আৰু দুগৰাকী প্ৰেমাস্পদৰ মাজৰ সন্মান আছে; এই আটাইবোৰেৰে নিৰ্মিত গীতটিয়ে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। “জুনুকা” ৰ পিছত ঋতৃষা শৰ্মাৰ সংগীত কেৰিয়াৰৰ দ্বিতীয়টো সফল গীত “বুঢ়া তোমালৰ পাগ” হ’ব বুলি গীতটিৰ মুক্তি অনুষ্ঠানত একেষাৰে কয় দিয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ কথাটোক সঁচালৈ প্ৰতিফলিত কৰি ৰাইজেও এতিয়া নিজ নিজ প্লে-লিষ্টত ৰিপিড’ মোডত লগাইছে “বুঢ়া তোমালৰ পাগ”। বিগত বহু দিনৰ পৰা চচিয়েল মিডিয়াত একোখন পোষ্টাৰেৰে গীতটিক লৈ জনসাধাৰণৰ মাজত হেঁপাহৰ সৃষ্টি কৰি ৰখা ঋতৃষা শৰ্মাৰ এই গীতটিৰ কেৱল মাত্ৰ অডিঅ’ বুলিয়েই নহয়; গীতটিৰ ভিডিঅ’টিয়ো জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।


গীতটিত কথা ৰাহুল গৌতম শৰ্মাৰ লগতে ইয়াত সুৰ আৰু সংগীতৰ দায়িত্বত আছে পল্লৱ-প্ৰণৱ (পল্লৱ তালুকদাৰ, প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা)। আনহাতে, গীতটিত শব্দ সংমিশ্ৰণ কৌস্তভ শইকীয়াৰ আৰু গীতাৰ দিশাংকন বৰুৱাৰ তথা বাঁহী বজাইছে লক্ষীনন্দন লাহনে। গীতটিৰ ভিডিঅ’ত ঋতৃষাৰ সৈতে অভিনয় কৰিছে মিন্তু বৰুৱা, অপৰ্ণা দত্ত চৌধুৰী আৰু কৌশিক ভৰদ্বাজে। ৰুহুল বৰভূঞাৰ কাহিনী আৰু ভিডিঅ’ পৰিচালনাৰে দৃশ্যগ্ৰহণৰ দায়িত্বত আছে ৰিপুঞ্জয় নিৰ্মলা। চিনেমেটোগ্ৰাফী ভাস্বত ভূঞা আৰু সহঃ চিনেমেটোগ্ৰাফী সুপ্ৰান্ত হাজৰিকাৰ। সম্পাদনা, ৰং আৰু ভি.এফ.এক্স কুলজিৎ তালুকদাৰৰ, প্ৰডাকচন মেনেজমেন্ট ধৃতিৰাজ মোহনৰ লগতে প্ৰমো’চন অভিজিৎ লস্কৰৰ।

বুঢ়া তামোলৰ সোঁৱাদেৰে ঋতৃষা শৰ্মাৰ নতুন গীত "বুঢ়া তামোলৰ পাগ"- 2
বুঢ়া তামোলৰ সোঁৱাদেৰে ঋতৃষা শৰ্মাৰ নতুন গীত "বুঢ়া তামোলৰ পাগ"- 3


আহিবলগীয়া সময়ত আকৌ কিছু এনে নতুন গীতৰ আশা কৰিছে ঋতৃষা শৰ্মাৰ অনুৰাগীয়ে। লগতে, তেওঁৰ এই নতুন গীতটিক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform