Rupaliparda.com
"আহিনৰ আবেলি" ৰ সৈতে এইবাৰ অনুৰাগীৰ কাষ চাপিব উৎপল দাসঃ 1

“আহিনৰ আবেলি” ৰ সৈতে এইবাৰ অনুৰাগীৰ কাষ চাপিব উৎপল দাসঃ

আকৌ আন এখন ধাৰাবাহিকৰ সৈতে অনুৰাগীৰ কাষ চাপিবলৈ সাজু হৈছে অভিনেতা উৎপল দাস; “আঁউসীৰ জোনাক” ৰ সফল সমাপ্তিৰ পিছত পুনৰ বাৰ জনসাধাৰণৰ সমুখলৈ অহা সম্পূৰ্ণ পৰিকল্পনা হাতত লৈছে অভিনেতা গৰাকীয়ে। ২০২১ চনৰ আৰম্ভণিৰ সমান্তৰালকৈ উৎপল দাসেও জনাইছে তেওঁৰ আহিবলগীয়া ধাৰাবাহিকখনৰ বিষয়ে। “আহিনৰ আবেলি” শীৰ্ষক এখন ধাৰাবাহিকৰ সৈতে জনসাধাৰণৰ কাষ চাপিব অভিনেতা উৎপল দাস। ইতিমধ্যে ধাৰাবাহিক খনৰ এটা ট্ৰেইলাৰ ৰাইজৰ আগত দাঙি ধৰা হৈছে। অহা মাৰ্চ মাহৰ এক তাৰিখৰ পতা ৰং চেনেলযোগে সম্প্ৰচাৰ কৰা হ’ব ধাৰাবাহিকখন। প্ৰায়ে ইনষ্টাগ্ৰামত সক্ৰিয় এইগৰাকী অভিনেতাই জীৱনক লৈ বহু ধনাত্মক বাৰ্তাৰে অনুৰাগীক উৎসাহিত কৰা দেখিবলৈ পোৱা যায়। অসমীয়া ভিচিডি “ৰিঙা ৰিঙা মন” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা উৎপল দাস বৰ্তমান সময়ৰ এগৰাকী উল্লেখনীয় অসমীয়া অভিনেতা। কেইবাখনো অসমীয়া ভিচিডিত একেলেথাৰিয়ে অভিনয় কৰা উৎপল দাসে কোৱাৰেন্টাইনৰ সময়ছোৱাতো বিভিন্ন ধনাত্মক বাৰ্তা প্ৰদানেৰে অনুৰাগীৰ কাষ চাপিছিল।

"আহিনৰ আবেলি" ৰ সৈতে এইবাৰ অনুৰাগীৰ কাষ চাপিব উৎপল দাসঃ 2


উৎপল দাসৰ অসমীয়া প্ৰথমখন ছবি আছিল “ধন কুবেৰৰৰ ধন”; ইয়াৰ পিছতেই তেওঁ জনপ্ৰিয় পৰিচালক মুনীন বৰুৱাৰ সৈতেও কাম কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, একাংশ ভিচিডি আৰু অসমীয়া ছবিত অভিনীত উৎপল দাসে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে। বিগত বৰ্ষৰ ৰং চেনেলত সম্প্ৰচাৰিত “আঁউসীৰ জোনাক” শীৰ্ষক ধাৰাবাহিক খনত অভিনেত্ৰী স্নিগ্ধাৰ সৈতে উৎপল দাসৰ যুঁটিটোক পচন্দও কৰিছিল সকলোৱে। “বৃন্দাবন থিয়েটাৰ” ৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত হৈছিল অভিনেতা উৎপল দাস।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform