Rupaliparda.com
"মানুহৰ বুকুৱে বুকুৱে যিবোৰ সুৰ, যিবোৰ কথাই,যিবোৰ গানে থিতাপি লয়, শিপাই যায় বা শিপাই থাকে, আমাৰ মতে সেইয়াই সংগীত"-পাপলু চেতিয়া 1

“মানুহৰ বুকুৱে বুকুৱে যিবোৰ সুৰ, যিবোৰ কথাই,যিবোৰ গানে থিতাপি লয়, শিপাই যায় বা শিপাই থাকে, আমাৰ মতে সেইয়াই সংগীত”-পাপলু চেতিয়া

অসমীয়া সংগীত ক্ষেত্ৰখন ঠন ধৰি উঠিছে বুলি আমি এনেই আচলতে কৈ নিদিওঁ, আমি প্ৰতিটো দিনত ইয়াৰ কিছুমান এনে উদাহৰণ পাইছো যিয়ে আমাক এই বাক্যশাৰী ক’বলৈ বাধ্য কৰোবাইছে। কিবা এটা গীত এনেই নিৰ্মাণ কৰি উলিওৱাতকৈ গীত এটিৰ কথা সমূহক শ্ৰোতা-দৰ্শকৰ মন মগজুলৈ টানি নিয়া নৱপ্ৰজন্মই কেইগৰাকীমান যুৱকে শেহতীয়াকৈ একাংশক নতুনকৈ প্ৰেমত পেলাইছে অসমীয়া সংগীতৰ। শব্দবোৰ গুঁঠি গুঁঠি অনুভূতিবোৰ চেপি বাহিৰলৈ উলিয়াই অনা এগৰাকী নৱপ্ৰজন্মৰ যুৱকৰ নাম হৈছে পাপলু চেতিয়া। নামটোক লৈ আপোনালোক বৰ্তমানেও অধিক হাৰত পৰিচিত নহ’লেও নামটোৰ আঁৰত সৃষ্টি হোৱা একোটা সংগীতক অৱশ্যে আপোনালোকে নুই কৰিব নোৱাৰিব। পেছাত ৰেডিঅ’ গপছপ ৯৪.৩ এফ.এমৰ কৰ্মকতা পাপলু চেতিয়াৰ কন্ঠৰ সমান্তৰালকৈ তেওঁৰ শব্দৰ অনুৰাগীও এতিয়া বহু শ্ৰোতা-দৰ্শক; বাণিজ্যিক গীতৰ সৃষ্টিৰ পৰা কিছু ফালৰি কাটি যেতিয়া একোজন শ্ৰোতাই সংযোগ স্থাপন কৰিব পৰা বিধৰ একোটা গীতৰ যেতিয়া সৃষ্টি হয় তেতিয়া আচলতে গীতটি ইউটিউবৰ ভিউৱাৰচৰ অংকৰ সফলতাতকৈ অধিক সফলকাম হৈ পৰে ৰাইজৰ চকুত। ইতিমধ্যে মৌন ওঁঠত, চাকনৈয়া, তোৰহে জিৰণি নাই, স্পৰ্শ আদিকে ধৰি আচুৰ্য্য বৰপাত্ৰৰ “ফাগুন এজাক সুৰীয়া বতাহৰ” সদ্যমুক্তিপ্ৰাপ্ত দুটা গীত ক্ৰমে “দূৰণিবটীয়া চিঠি” আৰু “ৰ’দে অঁকা বাটে” ৰ কথাৰ উপৰিও সদ্যমুক্তিপ্ৰাপ্ত প্ৰৱীণ বৰাৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “ভালপাব খোজো আকৌ এবাৰ” ত কথা দিয়া পাপলু চেতিয়াৰ কথাই এতিয়া সুৰীয়া সুৰৰ সৃষ্টি কৰিছে অনুৰাগীৰ হৃদয়ত।

"মানুহৰ বুকুৱে বুকুৱে যিবোৰ সুৰ, যিবোৰ কথাই,যিবোৰ গানে থিতাপি লয়, শিপাই যায় বা শিপাই থাকে, আমাৰ মতে সেইয়াই সংগীত"-পাপলু চেতিয়া 2


ৰূপালীপৰ্দাৰ ফালৰ পৰা পাপলু চেতিয়াৰ সৈতে পাতিছিলো কিছু চমু কথা বতৰা। প্ৰথমতে, পাপলু চেতিয়াৰ মতে সংগীতৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে ; “সংগীতৰ সংজ্ঞা দিব পৰা আমি নহয়; মানুহৰ বুকুৱে বুকুৱে যিবোৰ সুৰ, যিবোৰ কথাই, যিবোৰ যিবোৰ গানে থিতাপি লয়, শিপাই যায় বা শিপাই থাকে, আমাৰ মতে সেইয়াই সংগীত।” এগৰাকী “শিল্পী” বুলিলে তেওঁনো কি বুজে তাক জানিবলৈ বিচৰাত পাপলুয়ে কয় যে, “শিল্পীৰ কথা নকওঁ, শিল্পৰ কথা ক’ম। মুচি এজন হওঁক বা ফুুটপাথত গোমধান পুৰি থকা লোকজন হওঁক বা খেতিয়ক জন হওঁক, তেঁওলোকৰো কিন্তু সেইয়া নিজৰ নিজৰ শিল্পহে। গতিকে, আমি শিল্পীতকৈ শিল্পতোৰ প্ৰতিহে বেছি আকৰ্ষিত।” পাপলু চেতিয়াৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তক পৰিকল্পনা বুলি ক’লে আচলতে, কাইলৈ কি হয় কাইলৈহে জানিম। আজিয়েই একো ক’ব নোৱাৰো। পৰিকল্পনাবিহীনভাৱে চলি আছোঁ, গতিকে আগন্তুক পৰিকল্পনা বিষয়ে নোৱাৰিম ক’ব।”

"মানুহৰ বুকুৱে বুকুৱে যিবোৰ সুৰ, যিবোৰ কথাই,যিবোৰ গানে থিতাপি লয়, শিপাই যায় বা শিপাই থাকে, আমাৰ মতে সেইয়াই সংগীত"-পাপলু চেতিয়া 3


ৰূপালীপৰ্দাৰ ফালৰ পৰা মই ৰীমা দত্তই লোৱা সাক্ষাৎকাৰ সমূহৰ ভিতৰত আটাইতকৈ সৰু আৰু পোনপটীয়া উত্তৰৰ পাপলু চেতিয়াৰ এই সাক্ষাৎকাৰেই আছিল অৱশ্যে প্ৰথম। তেওঁৰ পৰিকল্পনাবিহীন পৰিকল্পনা সমূহৰ সফলতাক কামনা কৰি তেওঁলৈ জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform