Rupaliparda.com
ইমেজিক্স ক্ৰিয়েটিভ ষ্টুডিঅ'ৰ সৌজন্যত আৰু জে বি প্ৰডাকচনৰ সহযোগত আয়োজন চিত্ৰনাট্য লিখন প্ৰতিযোগিতাঃ 1

ইমেজিক্স ক্ৰিয়েটিভ ষ্টুডিঅ’ৰ সৌজন্যত আৰু জে বি প্ৰডাকচনৰ সহযোগত আয়োজন চিত্ৰনাট্য লিখন প্ৰতিযোগিতাঃ

শেহতীয়াকৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত একাংশ নৱপ্ৰজন্মৰ বিশেষ ৰাপ পৰিলক্ষিত হৈছে; যাৰ ফলত আমি প্ৰত্যেকদিনাই একোটা গ্ৰহণযোগ্য প্ৰকল্পৰ উপভোগ কৰিবলৈ সক্ষম হৈছো। আচলতে, এই প্ৰতিভা সমূহক উদ্গনি দিবলৈ আন একাংশইও চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে। তেওঁলোকৰ প্ৰতিভাক আৰু এখন বহল মঞ্চলৈ লৈ অনাৰ স্বাৰ্থত এই প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা গৈছে একাংশক। আমি বিগত বৰ্ষত নৱপ্ৰজন্মৰ ভালেখিনি সৃষ্টিক উপভোগ কৰাৰ সমান্তৰালকৈ সেই সৃষ্টি সমূহৰ সৈতে সংযোগ কৰিবলৈও সক্ষম হৈছো। গতিকে, আহিবলগীয়া সময়ত এই প্ৰতিভাসমূহৰ হাত ধৰি আৰু আগুৱাই লৈ গ’লে হয়টো সম্প্ৰতি সময়তকৈ অধিক সুন্দৰ প্ৰকল্প সমূহৰ উপভোগ কৰিবলৈ পাম। শেহতীয়াকৈ, এনেবোৰ কথাকেই মনলৈ আনি ইমেজিক্স ক্ৰিয়েটিভ ষ্টুডিঅ’ৰ সৌজন্যত আৰু জে বি প্ৰডাকচনৰ সহযোগত আয়োজন কৰা হৈছে এখন প্ৰতিযোগিতাৰ। চিত্ৰনাট্য লিখন প্ৰতিযোগিতা আয়োজন কৰা হৈছে মুঠ দুটা পৰ্যায়ত; প্ৰথম পৰ্যায়ত প্ৰতিযোগী সমূহক দিয়া হ’ব Story আৰু Synopsis লিখিবলৈ। আনহাতে, ইয়াৰ দ্বিতীয়টো পৰ্যায়ত তেওঁলোকক চিত্ৰনাট্য লিখিবলৈ দিয়া হ’ব।

ইমেজিক্স ক্ৰিয়েটিভ ষ্টুডিঅ'ৰ সৌজন্যত আৰু জে বি প্ৰডাকচনৰ সহযোগত আয়োজন চিত্ৰনাট্য লিখন প্ৰতিযোগিতাঃ 2


প্ৰথম পৰ্যায়ত বিচাৰকৰ দ্বাৰা নিৰ্বাচিত বিশেষ প্ৰতিযোগিসকলেহে দ্বিতীয় পৰ্যায়ত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব । এইখিনিতে আন এক উল্লেখযোগ্য কথা এয়াও যে, উক্ত প্ৰতিযোগিতাখনৰ চিত্ৰনাট্য সমূহৰ ভিতৰত বিচাৰকে বিশেষ ভাৱে নিৰ্বাচন কৰি উলিওৱা চিত্ৰনাট্যৰ ওপৰত জে. বি. প্ৰডাকচনৰ বেনাৰত চলচ্চিত্ৰ নিৰ্মাণ হোৱাৰ লগতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিযোগীৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তক পুৰস্কাৰ প্ৰদান কৰা হ’ব আৰু লগতে সকলো অংশগ্ৰহণকাৰীকে মানপত্ৰ প্ৰদান কৰা হ’ব; য’ত প্ৰতিযোগীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ যোগদান কৰিব পাৰিব। গতিকে ইচ্ছুক অংশগ্ৰহণকাৰীসকলে তলৰ ৱেবছাইটত গৈ প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ ভলদৰে পঢ়ি আগন্তুক ৩০ এপ্ৰিল, ২০২১ ৰ ভিতৰত প্ৰথম পৰ্যায়ৰ তেওঁলোকৰ লেখাসমূহ জে.বি প্ৰডাকচনৰ ৱেবচাইটত পঠিয়ালে হ’ব।

ইমেজিক্স ক্ৰিয়েটিভ ষ্টুডিঅ'ৰ সৌজন্যত আৰু জে বি প্ৰডাকচনৰ সহযোগত আয়োজন চিত্ৰনাট্য লিখন প্ৰতিযোগিতাঃ 3


তলত Imagix Creative Studio ৱেবচাইটৰ সমূহ তথ্য দিয়া হ’লঃ
www.imagixcreativestudio.com/submissions
বিনীত
জে. বি. প্ৰডাকচন
ইমেজিক্স ক্ৰিয়েটিভ ষ্টুডিঅ’
ফোন নম্বৰ-
৯১০১৫১২০৪২
৯৭০৬১০৬১০১
৭০০২৩৩২৯৩৭

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform