সম্প্ৰতি যতীন বৰাৰ সমান্তৰালকৈ অসমীয়া চিনেমাক লৈ সষ্টম হৈ পৰিছে অভিনেতা ৰবি শৰ্মাও। অসমীয়া চিনেমাক যোৰ কৰি ৰাইজৰ মন-মগজুত ভৰাই দিব লগা হৈছিল যদিও বৰ্তমান ই কিছু পৰিমাণে হ’লেও নিজ বাটৰ ডাঁৱৰ আঁতৰাই আগবাঢ়িব লৈছে। তেনেক্ষেত্ৰত বোলছবি জগতখনৰ সৰহ সংখ্যক অভিনেতা-অভিনেত্ৰীৰ যোগদান মন কৰিবলগীয়া । সাঁচতীয়া ধন ব্যয় কৰি হ’লেও অসমীয়া ৰাইজৰ হৃদয়ত বৈ থকা অসমীয়া চিনেমাৰ আন্তৰিকতাৰ ধাৰাটো বোঁৱাই নিবলৈ পাৰ্যমানে যত্ন কৰা দেখা যায় এওঁলোকক। দুই কুৰিতকৈও অধিক চিনেমাত সুন্দৰ অভিনয় প্ৰদৰ্শন কৰা ৰবি শৰ্মা এতিয়া ব্যস্ত হৈ পৰিছে “ৰঘুপতি” ক লৈ। অসমীয়া চিনেমাক হিট লিষ্টত ৰখাৰ বাবে “নতুন ফাণ্ডা” কিছুমানৰ সহায় লৈ আগবাঢ়িছে অভিনেতা গৰাকী। তেওঁৰ মতে চিত্ৰনাট্য-সংলাপ অথবা পৰিচালনা আদিবোৰ তেওঁৰ বাবে নতুন নহয়। তেওঁ অভিনেতা আছিল যদিও পৰ্দাৰ পিছফালৰ বস্তুবোৰকো তেওঁ পুংখানুপংখভাৱে লক্ষ্য কৰি গৈছিল। সাধাৰণ জনৰ ৰুচিনুযায়ী আৰু বাণিজ্যিক চিন্তাধাৰাৰে চিনেমাখনক সফল কৰিব বিচাৰিছে তেওঁ। “ৰঘুপতি” য়ে যাতে সকলো পৰ্যায়ৰ দৰ্শকক আকৰ্ষিত কৰিব পাৰে তাক লৈ চেষ্টা কৰিছে সুদৰ্শন অভিনেতা ৰবি শৰ্মাই। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা শ্বুটিং আৰম্ভ হোৱাৰ পৰিকল্পনা কৰা হৈছে যদিও অত্যাধিক গৰম হ’লে শ্বুটিং কিছুদিনৰ বাবে পিছুৱাই নিব পাৰে অভিনতা গৰাকীয়ে।
You may also like
|| ইতি তোমাৰ: চিনে চৰ্চা || –উৎপল মেনা
“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী সংংবাদকৰ্মীৰ প্ৰশ্নৰ...
এটা নিৰ্জন দুপৰীয়া –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– “এটা নিৰ্জন দুপৰীয়া”।খঞ্জন কিশোৰ নাথৰ পৰিচালনা। সেই সময়ত “দৈনিক অসম”ত “শিল্পকথা” লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া...
দৰথীৰ বিষয়ে –উৎপল মেনা
“বৰনদী ভটিয়াই”– আমাৰ বাবে আছিল surprise, চিনে আশ্চর্য। ২০১৯ চনৰ ৩ মে’ তাৰিখে চিত্ৰগৃহলৈ আহিছিল– এই অসমীয়া চিনেমা খন। অনুপম কৌশিক বৰাৰ পৰিচালনা। চিনে আশ্চর্য আমাৰ বাবে এই কাৰণেই আছিল–...
উপমাৰ সিপাৰে… –উৎপল মেনা
“উপমাৰ সিপাৰে…” –মুকলি হ’ল। সুৰৰ ডেউকাত ভাল লগা, মৰম লগা আৰু এবোজা শব্দ লৈ শ্ৰোতাৰ ওচৰ পালে আৰু এটা “ভাল লগা” গীত, তৰালিৰ গীত,তৰালি শৰ্মাই “সুৰ-সংগীত অলংকাৰ”...
ইতি তোমাৰ: ২৯ মাৰ্চত –উৎপল মেনা
“ইতি তোমাৰ” –চুই যোৱা নাম। এখন অসমীয়া চিনেমাৰ। নতুন চিনেমা। নতুন পৰিচালক। নতুন চিনেচিন্তাৰ ইংগিত। পৰিচালক: পাৰ্ভেজ আহমেদ। ৰেড ৰিভাৰ ফাণ্ড আৰু মনচুন স্ক্ৰিপ্তৰ বেনাৰত নিৰ্মাণৰত চিনেমা খনৰ কাৰ্য্যবাহী...
Triumphant Trio: Sunsilk Serum Mega Miss North East 2024 Winners Shine Bright
Meghalaya’s Ridamaya Passah to represent India at Top Model of Universe competition in Turkey. Manipur’s Monica Konjengbam to represent India at Miss Continental World competition in Thailand Guwahati; March 4, 2024:...
Add comment