Rupaliparda.com
ফাগুনৰ বতৰতেই আকৌ এক সুন্দৰ গীত "তোমাক ভাল পাওঁ বাবেই"- 1

ফাগুনৰ বতৰতেই আকৌ এক সুন্দৰ গীত “তোমাক ভাল পাওঁ বাবেই”-

অসমীয়া সংগীত ক্ষেত্ৰখন নৱপ্ৰজন্মৰ শিক্ষিত একাংশৰ হাতত বুলি বৰ্তমান বহুতে নিজ মত ব্যক্ত কৰিছে। আচলতে কথাষাৰ অমান্যও কৰিব পৰা নাযায়; যিটো হাৰত কিছুমান গীতৰ সৃষ্টি হৈছে সেই সমূহে বাৰুকৈয়ে আপ্লুত কৰিছে প্ৰত্যেককে। গীত সমূহৰ সুৰ সংগীতৰ সমান্তৰালকৈ ইয়াত থকা কথা সমূহেও জনসাধাৰণক অধিক আকৰ্ষণ কৰিব পৰা ক্ষমতা ৰখা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ৰ গুৰুত্বপূৰ্ণ কথাটো এয়ে যে এতিয়া হাজাৰজন কন্ঠশিল্পীৰ আগমনৰ মাজত কিছু এনেও আছে; যাৰ সংগীতক লৈ সংগীত প্ৰেমী শ্ৰোতাই সংগীত ক্ষেত্ৰখনৰ ভৱিষ্যত পৰিকল্পনা কৰিব পাৰে। পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটোৱেই হৈছে “প্ৰেম”। প্ৰেমে আমাক সুন্দৰ কৰি তোলাৰ উপৰিও আমাৰ কেওঁদিশে চলি ফুৰি থকা প্ৰতিটো বস্তুক সুন্দৰ কৰি তোলে। সেইবাবেই হয়টো তেওঁ লগত থাকিলেই এই পৃথিৱীখন সুন্দৰ হৈ পৰে; প্ৰেমক লৈ আজিকোপতি সৃষ্টি হৈছে বহু সংগীতৰ। প্ৰেমৰ এনে বহু গীত আছে যিয়ে আমাৰ মনলৈ প্ৰশান্তি আনে। শেহতীয়াকৈ নৱপ্ৰজন্মৰ কন্ঠ আৰু সুৰেৰে মুক্তি লাভ কৰিছে আন এটি প্ৰেমৰ গীত তোমাক ভাল পাওঁ বাবেই”।


প্ৰিয়জনৰ সৈতে ভগাই লোৱা এটা আবেলিত শুনিবলৈ গীতটিক মুকলি কৰি দিয়া হৈছে AC multimedia নামে এক ইউটিউব চেনেলত। গীতটিত কথা দিয়াৰ লগতে ইয়াত সুৰ দিছে মৃগাংক মৌচম আৰু শিৱানন্দ বৰুৱাই। গীতটিত কন্ঠদান কৰিছে সুমন কাশ্যপে লগতে ইয়াত সংগীত শিৱানন্দ বৰুৱাৰ। অশান্ত সাধাৰণজন ও অশান্ত হৃদয়ৰ মাজত এক প্ৰেমময় বাৰ্তা কঢ়িয়াই আনে এই ফাগুনৰ বতাহ জাকে। পলাশৰ ৰঙেৰে উপচি পৰে এই অভিমানী ভালপোৱা বোৰ। ফাগুন বুলিলেই যে সাঁৱতি ধৰা হৃদয়বোৰত অহৰহ বাজে প্ৰেমৰ গান; মুঠৰ ওপৰত ফাগুন বুলিলেই নাচে মনবোৰ, হৃদয়বোৰ। সকলোৰে বাবে যেন আপোন এই মাহটো; শুকান হ’লেও মলয়া বতাহ জাকৰ নাচোনত নাচি থাকে হিয়াবোৰ। ফাগুন বুলি কোৱাৰ পিছতেই এতিয়া ইটোৰ পিছত সিটোকৈ মুক্তি লাভ কৰিছে সুন্দৰ প্ৰেমৰ গীত।

ফাগুনৰ বতৰতেই আকৌ এক সুন্দৰ গীত "তোমাক ভাল পাওঁ বাবেই"- 2


প্ৰকল্পবোৰ সুন্দৰ হোৱাৰ আঁৰতেই আজিৰ নৱপ্ৰজন্ম। ৰূপালীপৰ্দাই প্ৰত্যেকদিনাই তেওঁলোকৰ চেষ্টাক সঁহাৰি জনাই আাহিছে আৰু আগলৈও তেওঁলোকৰ এনে শুভকামনা জ্ঞাপন কৰিছে ৰূপালীপৰ্দাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform