Rupaliparda.com
গৰিমা শইকীয়া গাৰ্গে কৰিলে "গৰু" ৰ প্ৰশংসাঃ 1

গৰিমা শইকীয়া গাৰ্গে কৰিলে “গৰু” ৰ প্ৰশংসাঃ

অসমীয়া ছবি “গৰু” ৰ জনপ্ৰিয়তা বৰ্তমানেও অব্যাহত আছে। ইজনৰ পিছত সিজন দৰ্শকে ইয়াৰ কাহিনীৰ আঁৰৰ সফলতা বাখ্যা কৰাৰ লগতে একোটাকৈ পোষ্ট চচিয়েল মিডিয়া যোগে দিয়া দেখিবলৈ পোৱা গৈছে। যোৱা ১৯ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ছবিগৃহত চলি থকা “গৰু” খন উপভোগৰ বাবে এতিয়াও বিভিন্ন জন দৰ্শকে আন একাংশ দৰ্শকৰ সমুখত আহ্বান কৰিছে। শেহতীয়াকৈ গৰিমা শইকীয়া গাৰ্গেও “গৰু” ছবিখনৰ কাহিনীৰ প্ৰশংসা কৰাৰ লগতে ইনষ্টাগ্ৰাম যোগে দিয়া এক পোষ্টৰ দ্বাৰা ছবিখন উপভোগৰ বাবেও আহ্বান কৰে। পৰিচালক হিমাংশু প্ৰসাদ দাসৰ উক্ত ছবিখনৰ ক্ষেত্ৰত সকলো প্ৰচেষ্টা সাৰ্থক হৈছে বুলি কোৱাৰ লগতে তেওঁ কয় যে হিমাংশু প্ৰসাদৰ দায়িত্ব পূৰ্বতকৈ আৰু অধিক বৃদ্ধি হৈছে কিয়নো “গৰু” ৰ পিছত ৰাইজৰ মাজত হিমাংশুক লৈ ন-আশাৰ সৃষ্টি হৈছে।


গৰিমা শইকীয়া গাৰ্গে কয় যে, ” এই যে “গৰু” খন … সাংঘাটিক এখন হাস্যধৰ্মী ?? উমম্ এখন ব্যংগধৰ্মী ?? ওহু,,এখন মনোৰঞ্জন ধৰ্মী ?? নে এখন উচ্চ মানদণ্ডৰ কলাসন্মত ছবি ?? কি ? মোৰ মতে “গৰু” খন এই আটাইবোৰৰ এক সমাহাৰ । হিমাংশু প্ৰসাদ দাসৰ পৰিকল্পনা আৰু পৰিচালনাৰে বছৰটোৰ আৰম্ভণিতে এক সুন্দৰ সৃষ্টিকৰ্ম হৈ “গৰু” আমাৰ বাবে আশাৰ নতুন ৰেঙনি হৈ আহিছে । সাম্প্ৰতিক সময়ক আৰু পৰিস্থিতিৰ লগতে মানুহৰ মানসিকতাক ইয়াতকৈ ভালকৈ আৰু নিখুঁত কৈ হয়তো ডাঙি ধৰিব পৰা নাযাব তাকো মনোৰঞ্জনৰ সকলো সমল সামৰি । ইমান সাধাৰণ এটা কথাৰ পৰা আৰম্ভ কৰি আমাৰ সমাজখনক আৰু আজিৰ সময়ক ছবিখনৰ মাজেৰে উপলব্ধি কৰাৰ যেন অন্য এক অৱকাশ.. “সত্য কথাটো হʼল মৰমেৰে বান্ধিবলৈ যিমান টান ঘৃনাৰে বেছি সহজ”

গৰিমা শইকীয়া গাৰ্গে কৰিলে "গৰু" ৰ প্ৰশংসাঃ 2

হিমাংশুৰ চৰিত্ৰ গঠন আৰু কাহিনীৰ কথন প্ৰক্ৰিয়া আমাৰ সদায়ে প্ৰিয়.. সেয়া নাটকতে হওঁক বা ছবিতে হওঁক । গৰু ও তাৰ ব্যতিক্ৰম নহয়। শিল্পী সকলৰ অভিনয় ইমান সুন্দৰ যে এই বিষয়ে লিখিবলৈ যোৱাটোহে আমাৰ ধৃষ্টতা হʼব । অৰূপৰ সংগীতে ছবিখনক অন্য এক মাত্ৰা প্ৰদান কৰিছে। শেষলৈকে ছবিখনৰ সতে দৰ্শকক বান্ধি ৰখাত সংগীতে সাংঘাটিক কাম কৰিছে । চিত্ৰগ্ৰহণৰ কামো অপূৰ্ব । বাকী ল’কেশ্যন, কলা নিৰ্দেশনা, কষ্টিউম, মেক-আপ্, পোহৰ,শব্দ সকলো কামেই সুন্দৰ হৈছে । এখন ভাল আৰু পৰিপক্ক চিত্ৰনাট্যৰ ভূমিকা এখন ভাল ছবিৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই কথা কম সময়ৰ সামান্য অভিজ্ঞতাৰে অলপ হলেও বুজি উঠিছো। এই ছবিখন এখন ভাল চিত্ৰনাট্যৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মাণ হৈছে বুলি চাই থাকোতে উপলব্ধি কৰিব পাৰি । হিমাংশু ৰ সকলো প্ৰচেষ্টা সাৰ্থক হৈছে । তেওঁৰ দ্বায়িত্ব আৰু বাঢ়িল.. কাৰণ আগলৈ আমি সকলোৱে ইয়াতকৈও আৰু বেছি ভাল কাম আশা কৰিম তেওঁৰ পৰা। এখন ভাল অসমীয়া ছবি অসমীয়া ৰাইজেও দৰ্শক হিচাবে আদৰ কৰাটো আমি বিচাৰোঁ । যোৱা ১৯ তাৰিখৰ পৰা “গৰু” ছবিগৃহ সমূহত চলি আছে । সকলোৱে আহি ছবিখন চাওক .. এখন ভাল ছবি চোৱাৰ অভিজ্ঞতা লৈয়েই উভটি যাব পাৰিব ঘৰলৈ । গেৰাণ্টি আছে ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform