Rupaliparda.com
"প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো"- ৰাজকুমাৰ 1

“প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো”- ৰাজকুমাৰ

যেতিয়া একোজন প্ৰতিভা দৃঢ় হয় তেতিয়া তেওঁ নিজ গন্তব্যস্থান অনায়সে লাভ কৰাত সক্ষম হয়। আমি আচলতে এনে বহু উদাহৰণ দেখিছো। নিজৰ প্ৰতিভাৰ প্ৰতিটো দিশক পুংখানুপুংখভাৱে ১০০ শতাংশ প্ৰদান কৰাৰ উপৰিও সামাজিক কামৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বজালীত জন্ম লাভ কৰা এগৰাকী অসমীয়া অভিনেতাৰ নাম হৈছে ৰাজকুমাৰ। সৰুৰে পৰা অভিনয়ৰ সৈতে জড়িত ৰাজকুমাৰে বৰ্তমানলৈ ভাগ্যদেৱী থিয়েটাৰৰ পৰা আৰম্ভণি কৰি কহিনুৰ, বৰদৈছিলা, ৰাজমুকুট, সূৰ্য্য, ইতিহাস আদি কেইবাটাও থিয়েটাৰ গোষ্ঠীৰ সৈতে তেওঁ জড়িত হৈ নিজ অভিনয়ৰ মজবুত দিশটো জনসাধাৰণক দেখুৱাই আহিছে। আহিবলগীয়া সময়ত তেওঁক অসমীয়া ছবি “যোদ্ধা” তো এটি অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা যাব। শেহতীয়াকৈ এই গৰাকী অভিনেতাৰ সৈতে তেওঁৰ অভিনয়ৰ যাত্ৰাটোৰ লগতেই ৰূপালীপৰ্দাৰ তৰফৰ পৰাও পাতিছিলো অইন কিছু কথা-বতৰা। অভিনয়ৰ দিশটোত তেওঁৰ আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাতে ৰাজকুমাৰে কয় যে, “পঞ্চম শ্ৰেণীত থাকোতেই মই নাট্যমণ্ডল নামে এটা অপেছাদাৰী নাট্যগোষ্ঠীৰ সৈতে “বিশ্বাস” নামে প্ৰথমখন নাটক কৰিছিলো। অভিনয় জীৱনৰ পাতনি মেলিছিলো সেইটো সময়ৰ পৰাই; তেনেকৈয়ে তেওঁলোকৰ ফালৰ পৰা প্ৰতিবছৰে হোৱা একোখন শিশু নাটত মই অভিনয় কৰিছিলো। তাৰ সমান্তৰালকৈ মই সত্ৰীয়া, মডাৰ্ণ তথা সমৰ কলাৰ সৈতে জড়িত হৈ আছিলো; আনহাতে নাটকৰ বিভিন্ন কৰ্মশালা সমূহত মই অংশগ্ৰহণ কৰা চেষ্টা কৰিছিলো। পিছলৈ ভাগ্যদেৱী থিয়েটাৰৰ সৈতে জড়িত হ’লো; ৯ টা বছৰে মই বিভিন্ন থিয়েটাৰ গোষ্ঠী সমূহৰ সৈতে জড়িত হৈ আছো। কেমেৰাৰ সমুখলৈ অহা মোৰ প্ৰথমখন ভিডিঅ’ চিডিৰ নাম আছিল “ৰিঙা ৰিঙা মন”। জানমণি, অঞ্জনা আদিকে ধৰি প্ৰায় দুই কুৰিৰো অধিক ভিডিঅ’ চিডিত মই অভিনয় কৰিছো।”

"প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো"- ৰাজকুমাৰ 2
"প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো"- ৰাজকুমাৰ 3


আগলৈ তেওঁ কয় যে, “শেহতীয়াকৈ মই ব্যস্ত হৈ আছো “যোদ্ধা” নামে ছবিখনৰ সৈতে। আৰু কেইটামান প্ৰকল্প আছে, ৰাইজক সময়ত জনাই যাম।” ৰাজকুমাৰৰ মুখেৰে “যোদ্ধা” ছবিখনৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “যোদ্ধা বুলি ক’লে ইংৰাজী সেইটো হ’ব Fighter। কিন্তু আমাৰ ছবিখনৰ এই “যোদ্ধা” গৰাকী কোনো ৰণক্ষেত্ৰৰ যোদ্ধা নহয়; তেওঁ হৈছে নিজ ব্যক্তিগত জীৱনত চলি থকা একোখন ৰণৰ যোদ্ধা। আমাৰ প্ৰত্যেকেৰে জীৱনত আচলতে ঘাত-প্ৰতিঘাত আছে; কিন্তু এই ঘাত- প্ৰতিঘাত সমূহ থাকিলেও যেতিয়া আমি ধনাত্মক মনোভাৱেৰে আগবাঢ়ি গৈ নিজ লক্ষ্যস্থান পাবলৈ চেষ্টা কৰো তেতিয়াই আমি নিজৰ মাজত একোগৰাকী “যোদ্ধা” ক জন্ম দিবলৈ সক্ষম হওঁ। এই ছবিখনত বিশেষকৈ নৱপ্ৰজন্মৰ বাবে এক বাৰ্তা আছে; সম্প্ৰতি সময়ছোৱাত আমি বহু হতাশগ্ৰস্ত নৱপ্ৰজন্ম দেখিছো কিন্তু এই হতাশাক নিজৰ মজবুত দিশ বুলি জ্ঞান কৰি পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব পৰা যায় তেনে এক বাৰ্তা দিয়া হৈছে “যোদ্ধা” ছবিখনত।” যোদ্ধা” ৰ বাদেও অইন প্ৰকল্পৰ কথা জানিবলৈ বিচৰাত তেওঁ কয় যে, “যোদ্ধা” ৰ লগতে আন দুখন ছবিৰ কথা আলোচনা হৈ আছে। সময়ত ৰাইজক নিশ্চয় জনাম। লগতে, মই কিছুমান কৰ্মৰ সৈতেও জড়িত। প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো আৰু আগলৈও ৰাখিম।”

"প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো"- ৰাজকুমাৰ 4


উল্লেখ্য যে, সমৰ কলাত ব্লেক ব্লেটপ্ৰাপ্ত ৰাজকুমাৰ সামাজিক কৰ্মৰ সৈতেও জড়িত। তেওঁ লক-ডাউনৰ সময়ছোৱাত ৫০০ তকৈ অধিক পৰিয়ালক আৱশ্যকীয় সা-সামগ্ৰী প্ৰদানৰ লগতে ৰাজকুমাৰে তেওঁৰ জন্মঅঞ্চলৰ লগতে আন ঠাইৰ কেইবাটাও পৰিয়ালৰ দায়িত্ব নিজ মূৰ পাতি লৈছিল। ৰাজকুমাৰৰ এনে দায়িত্ব অথবা কৰ্মসমূহৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform