Rupaliparda.com
জোনাকে জিলিকোৱা সংসাৰত নষ্ট পুত্ৰই নমালে কাল নিশা! কি আছে "মায়া বাইদেউ" তঃ 1

জোনাকে জিলিকোৱা সংসাৰত নষ্ট পুত্ৰই নমালে কাল নিশা! কি আছে “মায়া বাইদেউ” তঃ

মধ্যবিত্ত পৰিয়াল বুলিলেই সপোন আৰু আশাৰে পৰিপূৰ্ণ কেইবাখনো মুখবোৰ মনলৈ আহে; নহয়নে? য’ত নিশা পৰিয়ালটোৰ সুখবোৰ জিলিকি থাকে ঘৰৰ ছালেৰে নিগৰি অহা জোনাকৰ পোহৰৰ সৈতে। বহু আশাৰে পৰিপূৰ্ণ দীঘলীয়া শাৰীটোৰ ইটোৰ পিছত সিটো সম্পূৰ্ণ কৰিবলৈ প্ৰায় এবছৰীয়া সময় লাগিলেও অলপ কমতেই সুখী হৈ থকাৰ চেষ্টা কৰে তেওঁলোকে। কিন্তু কেতিয়াবা এনে মধ্যবিত্ত পৰিয়ালৰে এজনৰ আঁকোৰ-গোজ অথবা অবুজন স্বভাৱে বিপদত পেলাই দিয়ে উক্ত পৰিয়ালটোক। আমি এনে বহু খবৰ সংবাদ মাধ্যমযোগে পঢ়িছো অথচ দেখিবলৈ পাইছো; শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত চুটি ছবি “মায়া বাইদেউ” তো সংযোজিত কৰা হৈছে এনেই এক কাহিনী। ইউটিউব চেনেল K.C Digital Films ত মুকলি হোৱা এইখন হৈছে তেওঁলোকৰ দ্বিতীয়খন চুটি ছবি; কাদম্বৰী ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত “Arranged” ৰ সফলতাৰ পিছত আচলতে “মায়া বাইদেউ” ৰ বাবে উৎসাহিত হৈ পৰিছিল বহু দৰ্শক। “Toronto Lift-Off Film Festival”, “9th Delhi Short International Film Festival”, “7th Goa Short Film Festival”, “11th Dada Saheb Phalke Film Festival”, আৰু “9th Kolkata Short International Film Festival” দৰে কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহত মনোনয়ন প্ৰাপ্ত “মায়া বাইদেউ” ৰ কাহিনী, পৰিচালনা আৰু সম্পাদনা পৰিচালক সমুজ্জল কাশ্যপৰ।


মূল চৰিত্ৰ মায়া দাসে তেওঁৰ তিনিজনীয়া পৰিয়াল অৰ্থাৎ তেওঁৰ স্বামী আৰু পুত্ৰৰ সৈতে টকাৰ অভাৱ থকা স্বত্বেও এক সুখী জীৱন নিৰ্বাহ কৰে। তেওঁৰ স্বামী এগৰাকী বিশ্বাসী ঘৰৰ ৰং কৰা মানুহ; জীৱনৰ বহু সময় তেওঁ মানুহৰ ঘৰে ঘৰে ৰং কৰি অৰ্থ উপাৰ্জন কৰি আহিছে যদিও বৰ্তমানলৈ নিজ পুত্ৰক কোনো ধৰণৰ অভাৱ দিবলৈ বিচৰা নাই। কিন্তু, তেওঁলোকৰ পুত্ৰ সামান্য অমনোযোগিতা আৰু নষ্ট স্বভাৱে তেওঁলোকৰ জীৱনলৈ কেনেদৰে কালনিশা নমাই আনে সেয়া আপোনালোকে ১৫ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখন উপভোগ কৰিলেই বুজি উঠিব। চুটি ছবিখন পৰিচালনাৰ দ্বাৰা সমুজ্জল কাশ্যপে সম্প্ৰতি সময়ছোৱাৰ একাংশ নৱপ্ৰজন্মৰ এটা নগ্ন দিশক উপস্থাপনৰ চেষ্টা কৰিছে। ছবিখনৰ দৃশ্যগ্ৰহণ তথা সম্পাদনাৰ ফালটো মজবুত হোৱা বাবে আচলতে ছবিখনক লৈ দৰ্শকৰ ইচ্ছা পৰিলক্ষিত হৈছে। আনহাতে, অভিনয় ক্ষেত্ৰতো মূল চৰিত্ৰ ৰূপায়িত তিনিওগৰাকী অভিনেতা-অভিনেত্ৰীৰ অভিনয়ো লেখত ল’বলগীয়া।

জোনাকে জিলিকোৱা সংসাৰত নষ্ট পুত্ৰই নমালে কাল নিশা! কি আছে "মায়া বাইদেউ" তঃ 2

ইয়াত অভিনয় কৰিছে সত্যেন দাস, প্ৰাজনা শৰ্মা, জিন্তু বৈশ্য, আৰ্হি বেজবৰুৱা, ৰূপম ৰিয়ান ডেকা, ৰাজা বৰুৱাৰ লগতে আন কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে ৰাজা বৰুৱাৰ লগতে সমুজ্জল কাশ্যপে। চুটি ছবিখনৰ বেকগ্ৰাউণ্ড স্কৰৰ দায়িত্বত আছে ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত অসম সন্তান হৰ্জিৎ দিয়াজ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform