Rupaliparda.com
সনু সোদে তৈয়াৰ কৰিব ব্লাড বেংক; দূৰ্লভ ৰক্তৰো থাকিব উপলদ্ধতাঃ 1

সনু সোদে তৈয়াৰ কৰিব ব্লাড বেংক; দূৰ্লভ ৰক্তৰো থাকিব উপলদ্ধতাঃ

“লক-ডাউন” ৰ প্ৰথমটো ভাগৰ পৰা চৰ্চা লাভ কৰিছে এগৰাকী বলীউড অভিনেতাই। অভিনেতা গৰাকীয়ে কেইবাজনো মজদুৰক বিনা টকা-পইচাৰে নিজ নিজ ঘৰলৈ উভতাই পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। য’ত একাংশ মজদুৰে লক-ডাউনৰ ফলত নিজৰ আগন্তুক জীৱনক লৈ শংকিত হৈ আছিল সেইটো সময়তে বলীউড অভিনেতা সনু সোদ তেওঁলোকৰ মাজত ভগৱান হৈ থিয় দিছিল বুলি মন্তব্য কৰিছিল মজদুৰ সকলে নিজেই। নিজ বাসগৃহলৈ উভতি যোৱাৰ পিছত একাংশ মজদুৰে ভিন্ন ভিন্ন ধৰণে নিজৰ মৰম ব্যক্ত কৰিছে অভিনেতা গৰাকীৰ প্ৰতি। একাংশই য’ত নিজ সন্তানৰ নাম অভিনেতা গৰাকীৰ নামেৰে ৰাখিছে তাতেই আকৌ একাংশই অভিনেতা গৰাকীক পুনৰ বাৰ লগ পোৱাৰ আশ্বাস বিচাৰিছে। মুঠতে, সনু সোদৰ মহানুভৱতাই বাৰুকৈয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকক। এক কথাত ক’বলৈ গ’লে, এয়া নকৰিবওঁনো কিয়? “লক-ডাউন” ৰ ফলত বহু মজদুৰ খোজ কাঢ়ি গৈয়ে নিজ গন্তব্য স্থানলৈ আগবাঢ়িছিল আৰু তেনে এক সময়ত সনু সোদৰ এই সহায়ে তেওঁলোকৰ বাবে আশাৰ কিৰণ হৈ নামিছিল।

সনু সোদে তৈয়াৰ কৰিব ব্লাড বেংক; দূৰ্লভ ৰক্তৰো থাকিব উপলদ্ধতাঃ 2
KUNG-FU YOGA, SONU SOOD, 2017. ©WELL GO USA


এইবাৰ সনু সোদে “ব্লাড বেংক” নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁ এক ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, “দেশত ১২ হাজাৰ এনে ৰোগী থাকে যিয়ে ৰক্ত নোপোৱাৰ বাবে মৃত্যুক আঁকোৱালি ল’বলগীয়াত পৰে। আপোনাৰ ২০ মিনিটে একোজন ব্যক্তিক জীয়াই তুলিব পাৰে। কাৰোবাৰ জীৱন বচাবলৈ আপুনি ডাক্তৰ নহ’লেও হ’ব। ৰিপোৰ্টনুসৰি, সনু সোদে “সনু ফৌৰ ইউ” নামে এক এপৰ মুকলি কৰিব; যাৰ দ্বাৰা ৰক্তদানকাৰী সকলৰ সৈতে নিজাববীয়াকৈ ৰোগী সকলৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। এই ব্লাড বেংকটোৰ জৰিয়তে দূৰ্লভ ব্লাড সমূহৰ উপলদ্ধতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform