Rupaliparda.com
টেকনলজিৰ সৈতে অংগৰাগ পাপন মহন্তঃ ইনষ্টাগ্ৰাম ফিল্টাৰ ব্যৱহৃত তেওঁৰ নতুন গীত- 1

টেকনলজিৰ সৈতে অংগৰাগ পাপন মহন্তঃ ইনষ্টাগ্ৰাম ফিল্টাৰ ব্যৱহৃত তেওঁৰ নতুন গীত-

লক-ডাউনৰ সময়তে নিৰ্মাণ কৰা এটি গীতক শেহতীয়াকৈ ইনষ্টাগ্ৰামত অনুৰাগীৰ মাজত মুকলি কৰি দিয়ে অংগৰাগ পাপন মহন্তই। ফোনৰ সহায়ত শ্বুটিঙৰ দ্বাৰা ইনষ্টাগ্ৰামতেই থকা বিভিন্ন ফিল্টাৰ ব্যৱহাৰ কৰি এই নতুন গীতটিক ৰাইজৰ মাজত উলিয়াই দিয়ে পাপনে। তেওঁ শেহতীয়াকৈ ইনষ্টাগ্ৰাম যোগে #askmeanything নামে এক প্ৰশ্ন-উত্তৰ শিতান আৰম্ভ কৰিছিল। কিন্তু আটাইবোৰ প্ৰশ্নৰ উত্তৰ নিজ ইনষ্টাগ্ৰাম ষ্টৰী যোগে দিবলৈ নোৱাৰাত অংগৰাগ পাপন মহন্তই এটি ভিডিঅ’ যোগেৰে প্ৰশ্ন সমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰে। তেওঁৰ অনুৰাগী এগৰাকীয়ে তেওঁৰ “মাহেকত আমদানি কিমান হয়” বুলি প্ৰশ্ন কৰে তেতিয়া তাৰ ওপৰত কন্ঠশিল্পী গৰাকীয়ে কয় যে, “টকা কিমান পাওঁ সেয়া আচলতে ডাঙৰ কথা নহয়; নিজে কষ্ট কৰি কিমান আৰ্জিব পাৰা, খৰচ কৰিব পাৰা সেয়া আটাইবোৰ নিজৰ ওপৰত কথা।” ইয়াৰ লগতে, অংগৰাগৰ আহিবলগীয়া অসমীয়া গীতৰ বিষয়ে জানিবলৈ বিচৰাত অংগৰাগে কয় যে, “অতি সোনকালে অসমীয়া গীতে মুক্তি লাভ কৰিব।” আহিবলগীয়া সময়ত প্ৰতিটো মাহত একোটাকৈ অসমীয়া গীতে মুক্তি লাভ কৰিব বুলি জানিবলৈ দিয়ে অংগৰাগ পাপন মহন্তই।

টেকনলজিৰ সৈতে অংগৰাগ পাপন মহন্তঃ ইনষ্টাগ্ৰাম ফিল্টাৰ ব্যৱহৃত তেওঁৰ নতুন গীত- 2


বিগত বৰ্ষত লক-ডাউনৰ মাজত নিজ ইউটিউব চেনেলত সক্ৰিয় হৈ থকা অংগৰাগৰ কন্ঠৰে মুক্তি লাভ কৰা প্ৰতিটো গীতেই জনসাধাৰণৰ সমাদৰো লাভ কৰিছিল; “নীলাঞ্জনা” ৰ পৰা আৰম্ভ কৰি “নীৰৱতাৰ দাও গান” আৰু সদ্যমুক্তিপ্ৰাপ্ত “তোমাৰ কথা” গীতটিক লৈ সংগীত প্ৰেমী শ্ৰোতাৰো বহুল হেঁপাহ দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform