Rupaliparda.com
শ্বাহৰুখ খানৰ "পঠান" ৰ একচন দৃশ্য ভাইৰেলঃ 1

শ্বাহৰুখ খানৰ “পঠান” ৰ একচন দৃশ্য ভাইৰেলঃ

শ্বাহৰুখ খান বৰ্তমান ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি “পঠান” ক লৈ। ছবিখনৰ শ্বুটিঙৰ বাবে শ্বাহৰুখ খান বৰ্তমান আছে ডুবাইত। য়শৰাজৰ বেনাৰত নিৰ্মিত এই ছবিখনত শ্বাহৰুখ খানৰ সৈতে অভিনয় কৰিছে দীপিকা পাডুকন আৰু জন আব্ৰাহামে। ডুবাইত ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দে একচন দৃশ্যসমূহ শ্বুট কৰি থকা দেখিবলৈ পোৱা গ’ল। শেহতীয়াকৈ এই একচন দৃশ্যৰ মাজৰেই এটি দৃশ্য ভাইৰেল হৈছে চচিয়েল মিডিয়াত। ছবিখনৰ এই ভাইৰেল দৃশ্যটোত শ্বাহৰুখ খানে এখন গাড়ীৰ ওপৰত উঠি নিজ একচন প্ৰদৰ্শন কৰি আছিল। বিগত এক দীঘলীয়া সময়ৰ অন্তত যেতিয়া শ্বাহৰুখ খানক দৰ্শকে এনেধৰণে দেখিবলৈ পালে তেতিয়া আচলতে দৰ্শকো উৎসাহিত হৈ পৰিছে । খবৰনুসৰি, আহিবলগীয়া “পঠান” ছবিখনত জন আব্ৰাহামে ৰূপায়ন কৰিব খলনায়কৰ চৰিত্ৰ। “ধুম” ছবিখনত খলনায়কৰ চৰিত্ৰ ৰূপায়নেৰে দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা জন আব্ৰাহামক এইবাৰো দেখিবলৈ পোৱা যাব এক নতুন ৰূপত। জন আব্ৰাহামক এই ছবিখনৰ বাবে নতুন ব্যতিক্ৰমী লুক দিয়া হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ ৰিপোৰ্টনুসৰি, জন আব্ৰাহামেও নিজৰ এই আহিবলগীয়া চৰিত্ৰটোক লৈ খুবেই উৎসাহী হৈ পৰিছে। “বাটলা হাউচ”, “সত্যমেৱ জয়তে” তথা “পোখৰেণ” ৰ দৰে ছবিৰ পিছত জন আব্ৰাহামৰ অভিনয় চাবলৈ আচলতে উৎসাহী অনুৰাগীও।

শ্বাহৰুখ খানৰ "পঠান" ৰ একচন দৃশ্য ভাইৰেলঃ 2
SOURCE: GOOGLE

বিগত বহু দিনৰ পিছত ডাঙৰ পৰ্দালৈ অহা শ্বাহৰুখ খান লগতে জন আব্ৰাহামৰ যুঁটিটোক চাবলৈ অপেক্ষাৰত দৰ্শকবৃন্দ। ছবিখনৰ আন এক উল্লেখনীয় কথা এয়ে যে, “পঠান” ছবিখনত শ্বাহৰুখ তথা জনৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী দীপিকা পাডুকনকো। ২৭০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই ছবিখন কিন্তু মুক্তি লাভ নকৰে ২০২১ চনত। এই ডাঙৰ ছবিখনক মুকলি কৰি দিবলৈ চলিত বৰ্ষৰ এটাও শুক্ৰবাৰ বাকী ৰোৱা নাই। ছবিখনত শ্বাহৰুখ খানক দেখিবলৈ পোৱা যাব দ্বৈত চৰিত্ৰত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform