Rupaliparda.com
হিমাংশু প্ৰসাদ দাসৰ থিয়েটাৰী চং "ঘণ্টা" ক লৈ জনসাধাৰণৰ উৎসাহঃ 1

হিমাংশু প্ৰসাদ দাসৰ থিয়েটাৰী চং “ঘণ্টা” ক লৈ জনসাধাৰণৰ উৎসাহঃ

“আমিটো জনতা মস্ত ফটুৱা; আম কিনো আমি বাৰে বাৰে টেঙা”; কথাষাৰ কৈ দিয়াৰ লগে লগে হয়টো আপোনালোকেও বাক্যশাৰীক হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। নহয়নে? আচলতে, শেহতীয়াকৈ আৰম্ভ হৈছে নিৰ্বাচনী প্ৰক্ৰিয়া; ৰাজ্যৰ ভিন্ন ঠাইত একোটা ৰাজনৈতিক দলে বজাইছে নিজ নিজ নিৰ্বাচনী ৰণডংকা। দিল্লীৰ পৰা আহিও একোজন বিধায়কক লৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা হৈছে; কিন্তু একাংশ নেতাৰ ভেকো-ভাওঁনাই শেহতীয়াকৈ অতিস্ত্ব কৰি তুলিছে সাধাৰণ ৰাইজক। প্ৰতিশ্ৰুতি, সমস্যা সমূহৰ নিৰ্মূলকৰণ তথা নিৰ্বাচনৰ বাবদ দিয়া অহৰহ টোপেও যেন এতিয়া একাংশৰ হৃদয় গলাব পৰা নাই। এনে কিছু কথাক বাখ্যা কৰিয়েই অসমীয়া জনপ্ৰিয় শিল্পী হিমাংশু প্ৰসাদ দাসে নিৰ্মাণ কৰি উলিয়াইছে আন এটি থিয়েটাৰী চং “ঘণ্টা”। গীতটিয়ে সম্প্ৰতি সময়ছোৱাৰ একাংশ সাধাৰণজনৰ মানসিক অৱস্থাক প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। গীতটিত কথা হিমাংশু প্ৰসাদ দাসৰ নিজৰেই আনহাতে ইয়াত সুৰ কৰিছে হিমাংশু প্ৰসাদৰ সৈতে কুশল মিৰ্জাই। গীতটিৰ ভিডিঅ’ৰ দৃশ্যগ্ৰহণ হাৰ্দিক কাশ্যপ আৰু ধৃতিমান বড়োৰ লগতে সম্পাদনা হাৰ্দিকৰ। মুক্তিপ্ৰাপ্ত এই গীতটিয়ে ইতিমধ্যে প্ৰতিজন সজাগ তথা সচেতন জনতাৰ হৃদয়স্পৰ্শ কৰাৰ লগতে গীতটিয়ে লাভ কৰা ধনাত্মক কমেন্ট সমূহো আচলতে মন কৰিবলগীয়া।

ইয়াৰ পূৰ্বেও অৰ্থাৎ বিগত “লক-ডাউন” ৰ সময়ছোৱাত “হাবু-ডুবু” তথা “ভাগ্য” নামে দুটাকৈ থিয়েটাৰী চং প্ৰস্তুত কৰি ৰাইজক আকৰ্ষণ কৰিছিল এইগৰাকী শিল্পী হিমাংশু প্ৰসাদ দাসে। আচলতে, থিয়েটাৰী চং সমূহে ৰাইজক আকৰ্ষণ কৰা আন এক সুকীয়া কাৰণো আছে। এই গীত সমূহ ৰাইজে প্ৰথম শুনিব লাগিব, বুজিব লাগিব আৰু তাৰ পিছতহে এই গীতসমূহ সকলোৰে বোধগম্য হ’ব। থিয়েটাৰী চং সমূহত ব্যংগত্মক সোঁৱাদেৰে জনসাধাৰণক একোটা পৰিস্থিতিৰ আভাষ দিবলৈ প্ৰয়াস কৰা হয়। ইয়াত সুৰ-সংগীতৰ পৰিৱৰ্তে অধিক গুৰুত্ব প্ৰদান কৰা হয় ইয়াৰ কথাত। উক্ত ধাৰাৰ গীতসমূহত বেণ্ড পাৰ্টীৰ শিল্পীসকলে যিসমূহ বাদ্যযন্ত্ৰৰ ব্যৱহাৰ কৰে ইয়াতো কেৱল তাৰেই ব্যৱহাৰ কৰা হৈছে; ইয়াত কোনোধৰণৰ ইলেকট্ৰনিক বাদ্যযন্ত্ৰৰ ব্যৱহাৰ কৰা নহয়।হিমাংশু প্ৰসাদ দাসৰ সৃষ্টি সমূহক লৈ অনুৰাগী উৎসাহিত হৈ থকা দেখা যায়; গতিকে এই গীতটিৰ ক্ষেত্ৰতো ৰাইজৰ মাজত অনুৰূপ প্ৰতিক্ৰিয়াই দেখিবলৈ পোৱা গ’ল।

হিমাংশু প্ৰসাদ দাসৰ থিয়েটাৰী চং "ঘণ্টা" ক লৈ জনসাধাৰণৰ উৎসাহঃ 2

হিমাংশু প্ৰসাদ আন সৃষ্টি সমূহৰ দৰেই এইবাৰৰ এই গীতটিৰ বাবে তেওঁক জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform