Rupaliparda.com
অভিশ্ৰুতি বেজবৰুৱাৰ "কেৰুমণি থুৰীয়া" আৰু এবছৰঃ 1

অভিশ্ৰুতি বেজবৰুৱাৰ “কেৰুমণি থুৰীয়া” আৰু এবছৰঃ

অসমীয়াৰ মৰম তথা আৱেগৰ বিহুটোৰ বাবে এতিয়া প্ৰস্তুত হৈছে অসমীয়া প্ৰতিজন কন্ঠশিল্পী তথা সংগীতশিল্পী সকল। নিজা নিজা প্ৰস্তুতিৰে বৰ্তমান সাদৰৰ বিহুটোক আদৰিবলৈ ৰৈছে শিল্পী সমূহ; বিগত বৰ্ষৰ তুলনাত এইবাৰৰ ৰঙালীক লৈ উৎসাহিত আচলতে প্ৰতিজন অসমীয়া। বিগত বৰ্ষত “লক-ডাউন” ৰ ফলত স্তব্ধ হৈ পৰা উছাহৰ বাবে সংগীতশিল্পী সকল মানসিকভাৱে ভাঙি পৰাও দেখিবলৈ পোৱা গৈছিল। কিন্তু, এইবাৰ তেনে নহয়! স্বাস্থ্য তথা বিত্তমন্ত্ৰীৰ এইবাৰ বিহু কালছোৱাত “লক-ডাউন” নহয় বুলি কৰা সমূহীয়া ঘোষণাৰ পিছতে আনন্দৰ জোৱাৰ উঠিছে এতিয়া সৰ্বত্ৰে; কিন্তু এইখিনিতে আপোনালোকক আন এক প্ৰসংগলৈহে টানি নিবলৈ বিচাৰিছো। বিগত বৰ্ষৰ বিহুৰ প্ৰাকক্ষণত মুক্তি লাভ কৰা একোটা বিহুগীতৰ তালিকাত আটাইতকৈ জনপ্ৰিয় হৈ উঠা বিহুগীতটো আছিল কন্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “কেৰুমণি থুৰীয়া”। জনসাধাৰণক আমোদ প্ৰদানৰ স্বাৰ্থত “লক-ডাউন” ৰ মাজতেই মুকলি কৰি দিয়া এই বিহুগীতটিৰ ওপৰত আকৌ এবাৰ চকু ফুৰাই চাওঁচোন আহক। গীতটিত কথা দিয়াৰ সমান্তৰালকৈ ইয়াত সুৰ কৰিছে দিগন্ত বৰদলৈয়ে লগতে গীতটিৰ সংগীত প্ৰযোজনা পৰাণ বৰকটকী (জজ) ৰ।


শব্দ সংমিশ্ৰণ ইবচন লাল বৰুৱাৰ লগতে গীতটিত ভিডিঅ’ পৰিচালনা সমুজ্জল কাশ্যপৰ। আনহাতে, ভিডিঅ’ দৃশ্যগ্ৰহণ নগেন বৈশ্যৰ লগতে গীতটিত অভিশ্ৰুতি বেজবৰুৱাৰ সৈতে কন্ঠত সহযোগ কৰিছে কৃষ্ণাৰাজে। ভিডিঅ’ত অভিনয় কৰিছে উৎপল দাস আৰু অভিশ্ৰুতিয়ে নিজেই। শ্ৰোতাৰ সমুখত গীতটিক ৰোমন্থন কৰোৱাবলৈ আকৌ এবাৰ কন্ঠশিল্পী অভিশ্ৰুতিয়ে চচিয়েল মিডিয়াত পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে স্বীকৃতিপ্ৰাপ্ত তৃতীয় লিংগৰ সামাজিক অন্তৰ্ভূক্তিৰ এক বিষয়বস্তুক লৈ নিৰ্মিত অভিশ্ৰুতিৰ “ওৰে ৰাতি” গীতটিক লৈ জনসাধাৰণৰ মাজতো এক বিশেষ উছাহ দেখিবলৈ পোৱা গৈছিল। বিষয়বস্তুৰ গভীৰতাৰ বাবে অৱশ্যে তেওঁৰ এই গীতটিয়ে সৰ্বত্ৰে লাভ কৰিছে চৰ্চা লগতে কন্ঠশিল্পী গৰাকীৰ এই প্ৰচেষ্টাক আদৰি লৈছিল সকলোৱে। এই গীতটিত কন্ঠদান কৰাৰ উপৰিও পোন প্ৰথমবাৰৰ বাবে ইয়াত সুৰো কৰিছিল কন্ঠশিল্পী গৰাকীয়ে নিজেই।

অভিশ্ৰুতি বেজবৰুৱাৰ "কেৰুমণি থুৰীয়া" আৰু এবছৰঃ 2


সমাগত বিহুটোক লৈ এইবাৰ কন্ঠশিল্পী গৰাকীৰ প্ৰচেষ্টা কেনেধৰণৰ সেয়াহে আগন্তুক সময়ত হ’ব লক্ষণীয়। লগতে,এই লেখাটোৰ জৰিয়তে কন্ঠশিল্পী গৰাকীৰ আগন্তুক প্ৰতিটো প্ৰকল্পৰ বাবে জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform