Rupaliparda.com
"সফলতা/বিফলতাবোৰ মাত্ৰ শ্ৰোতাৰ ইচ্ছাৰ হিচাপ"- ৰূপান্তৰ 1

“সফলতা/বিফলতাবোৰ মাত্ৰ শ্ৰোতাৰ ইচ্ছাৰ হিচাপ”- ৰূপান্তৰ

অসমীয়া সংগীত ক্ষেত্ৰখনত শেহতীয়াকৈ অন্তৰ্ভূক্ত হোৱা নাম ৰূপান্তৰ; তেওঁৰ কৰ্ম অথবা সৃষ্টিয়ে ইতিমধ্যে তেওঁৰ বাবে অনুৰাগীৰ শাৰীখন দীঘলীয়া কৰি তুলিছে। মুঠতে; নৱপ্ৰজন্মৰ সৃষ্টিত অংকুৰিত নতুনত্ব আৰু ব্যতিক্ৰমী প্ৰচেষ্টাত এতিয়া আপ্লুত শ্ৰোতা-দৰ্শক। ৰূপান্তৰৰ কেইবাটাও গীত বৰ্তমান উপলদ্ধ ইউটিউবত; আপোনালোকক এই লেখাটোৰ সৈতে তেওঁৰ সৃষ্টিসমূহৰ কিছু আভাষ দি যাবলৈ চেষ্টা কৰিম। এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ সৈতে আমি ৰূপালীপৰ্দাৰ ফালৰ পাতিছিলো কিছু কথা; ৰূপান্তৰৰ সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “আৰম্ভণি মই অকণমান দেৰিকৈ কৰিছিলো যদিও এই ক্ষেত্ৰখনক লৈ আগ্ৰহ মোৰ সৰুৰ পৰা আছিল। প্ৰথম অৱস্থাৰ পৰাই মোৰ বেছিকৈ ৰাপ আছিল ইলেক্ট্ৰনিক ডেন্স মিউজিক অৰ্থাৎ EDM ৰ প্ৰতিহে। গতিকে ২০১৩ চনৰ পৰা নিজাববীয়াকৈ ইন্টাৰনেটত কিছু বস্তুৰ অধ্যয়ন কৰি মই সংগীত প্ৰযোজনাৰ কিছু কথা শিকিবলৈ চেষ্টা কৰিছিলো। তাৰ পিছত, এই বস্তুটোক আৰু অকণমান বহল পৰিসৰত জ্ঞান অৰ্জনৰ বাবে ২০১৭ চনত মই সংগীত প্ৰযোজনা আৰু ডিজে বিষয়ত পুনেস্থিত Project 91 S&A DJ Academy ৰ পৰা এবছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিছিলো। এই পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পিছতেই অৱশ্যে মই মোৰ প্ৰথমটো গীত ২০১৯ চনত মুকলি কৰি দিছিলো। এই গীতটিৰ নাম হৈছে “দেৱগ্ৰাম”; গতিকে যদিহে পেছাগত ভাৱে এই ক্ষেত্ৰখনত জড়িত হোৱাৰ কথা ক’ব লাগে তেতিয়াহ’লে সেয়া হ’ব ২০১৯ চনৰ পৰা।” এটা গীতৰ সফলতা/বিফলতা তথা কোনটো উপাদানৰ ওপৰত তেওঁ অধিক গুৰুত্ব দিয়ে বুলি প্ৰশ্ন কৰাত ৰূপান্তৰে কয় যে,


“গীতৰ প্ৰথম সফলতাই শ্ৰোতাৰ হৃদয়ত স্থান লাভ কৰা। সোঁতৰ বিপৰীতে নতুনত্ব আনি আপুনি যদি সৰুকৈ হ’লেও শ্ৰোতাক দিব পাৰিছে আৰু সেয়া যদি তেওঁলোকে আঁকোৱালি লৈছে তেতিয়াহ’লে মোৰ মনত সেয়াই এটা গীতৰ সফলতা। আচলতে, সংগীতৰ বিফলতা নাথাকে; সকলো গীতেই কলা। এই সফলতা/বিফলতাবোৰ মাত্ৰ শ্ৰোতাৰ ইচ্ছাৰ হিচাপ। আনহাতে, এটা গীতত মই প্ৰথমে সংগীত অথবা সুৰটোৰ ওপৰত গুৰুত্ব দিয়ো; আপোনালোকে কেতিয়াবা মন কৰেনে যে আমি কেতিয়াবা কোনো কথা নোহোৱা স্বত্বেও এটা সুৰ শুনিয়ে আমোদ লাভ কৰো। সুৰটোকে লৈয়ে মনৰ ভিতৰৰ অনুভৱ ব্যক্ত কৰিব পাৰো; আৰু সেয়াই হৈছে সফলতা। কিন্তু, আমাৰ অসমীয়া সংগীত ক্ষেত্ৰখনত এনে এক ধাৰাৰ সূচনা হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব অথবা তেনে সুৰ শুনিয়েই মগ্ন হোৱা শ্ৰোতাৰ সংখ্যাও কম। আচলতে, আমাৰ “জীৱনটোৱে হৈছে সংগীত”। আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “নতুন প্ৰকল্প কিছু আছে। বিশেষকৈ, অসমত EDM গীতৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছো। অৱশ্যে, বৰ্তমানলৈ কেইবাটাও এনে সংগীতৰ সৃষ্টি হৈছে আৰু শ্ৰোতাই ইয়াক আঁকোৱালিও লৈছে; আনহাতে, থলুৱা গীত আৰু EDM ৰ সংমিশ্ৰণেৰে কিছু গীত মুক্তিৰ পৰিকল্পনা আছে। এনে গীত সমূহে শ্ৰোতা-দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিব নে নাই তাকেই চাবলৈ মই এটা গীত “উৰি যাওঁ” ক মুকলি কৰি দিছিলো; য’ত মই ৰাইজৰ সমাদৰ লাভ
কৰিবলৈ সক্ষম হৈছো।”

"সফলতা/বিফলতাবোৰ মাত্ৰ শ্ৰোতাৰ ইচ্ছাৰ হিচাপ"- ৰূপান্তৰ 2
"সফলতা/বিফলতাবোৰ মাত্ৰ শ্ৰোতাৰ ইচ্ছাৰ হিচাপ"- ৰূপান্তৰ 3


তেওঁ আগলৈ কয় যে, “আগন্তুক সময়ত, এনে ফিউজন কৰাৰ কথা ভাবিছো। ৰাইজে এই নতুন সৃষ্টি সমূহ তথা মোক আঁকোৱালি ল’ব বুলি মোৰ বিশ্বাস।” নৱপ্ৰজন্মৰ এই গৰাকী প্ৰতিভাক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform