Rupaliparda.com
৫১ সংখ্যক দাদা চাহেব ফাল্কে পুৰস্কাৰ ৰজনীকান্তলৈঃ 1

৫১ সংখ্যক দাদা চাহেব ফাল্কে পুৰস্কাৰ ৰজনীকান্তলৈঃ

দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা তথা চুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগীলৈ সু-খবৰ। ৫১ সংখ্যক দাদা চাহেব ফাল্কে পুৰস্কাৰ লাভ কৰিব এইবাৰ অভিনেতা গৰাকী ৰজনীকান্তে; মন্ত্ৰী প্ৰকাশ জাৱেদকাৰে শেহতীয়াকৈ এই কথা জানিবলৈ দিয়ে। তেওঁ প্ৰকাশ কৰে যে,” মই এই কথাষাৰ ক’বলৈ বৰ সুখী অনুভৱ কৰিছো যে এইবাৰ ৫১ সংখ্যক দাদা চাহেব ফাল্কে বঁটা লাভ কৰিব ভাৰতীয় ছবিৰ ইতিহাসৰ আটাইতকৈ জনপ্ৰিয় অভিনেতা ৰজনীকান্তে,সঁচাকৈ এয়া তেওঁৰ অনুৰাগীলৈ সুখবৰ। এগৰাকী অভিনেতা, নিৰ্মাতা ৰূপে তথা এগৰাকী স্ক্ৰীণৰাইটাৰ ৰূপে তেওঁৰ যোগদান মনকৰিবলগীয়া।” ১৯৫০ চনত জন্মগ্ৰহণ কৰা ৰজনীকান্ত সমগ্ৰ ভাৰতৰ এগৰাকী জনপ্ৰিয় অভিনেতা। তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি “অপূৰ্ব ৰাগাংগল” ৰ দ্বাৰা। ভাৰত চৰকাৰৰ দ্বাৰা ২০০০ চনত পদ্মভূষণ লাভ কৰা এই গৰাকী অভিনেতাই ২০১৬ চনত লাভ কৰে পদ্ম বিভূষণ এৱাৰ্ড। ৰজনীকান্তৰ ছবিৰ বিষয়ে ক’বলৈ গ’লে দক্ষিণ ভাৰতত ই এক উৎসৱৰ দৰেই উদযাপন কৰা হয়। তেওঁৰ ছবিৰ মুক্তিৰ লগে লগে অফিচ সমূহৰ কৰ্মচাৰীক ‘পেইড লিভ” প্ৰদান কৰা হয় বুলিও জানিব পৰা গৈছিল। বিগত বৰ্ষৰ এইটো সময়তে ডিস্কভাৰীৰ জনপ্ৰিয় টিভি শ্ব’ “Into The Wild” ত অতিথি হৈ অহা ৰজনীকান্তই কৈছিল যে তেওঁৰ গোটেই জীৱনটোৱে আচলতে চমৎকাৰেৰে পৰিপূৰ্ণ।

৫১ সংখ্যক দাদা চাহেব ফাল্কে পুৰস্কাৰ ৰজনীকান্তলৈঃ 2
৫১ সংখ্যক দাদা চাহেব ফাল্কে পুৰস্কাৰ ৰজনীকান্তলৈঃ 3


তেওঁ কৈছিল যে, “মোৰ গোটেই জীৱনটো চমৎকাৰেৰে পৰিপূৰ্ণ। যদি উদাহৰণ হিচাপে মই কওঁ তেতিয়াহ’লে ক’ব লাগিব যে মই কেতিয়াও এনে চেনেলৰ এনেকুৱা ধৰণৰ টিভি শ্ব’ ত আহিম বুলি ভৱা নাছিলো।” ইয়াৰ উপৰিও তেওঁ কয় যে, ” কিন্তু মই যেতিয়া নিজ কাম শেষ কৰি লওঁ তেতিয়া মই পাহৰি যাওঁ যে, মই ৰজনীকান্ত হওঁ। ইয়াৰ পিছত কেতিয়াবা মই শিৱাজীৰাজ হৈ পৰো। সেইটো কেৱল মাত্ৰ মোৰ কামৰ অংশ; যেতিয়া মোক কোনোবাই আহি কয় যে, আপুনি ৰজনীকান্ত হয়। তেতিয়াহে মোৰ মনত পৰে যে হা… মই ৰজনীকান্ত।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform