Rupaliparda.com
Nipon Goswami

এটা নক্ষত্ৰৰ নামঃনিপন গোস্বামী

নিপন গোস্বামী কেৱল মাত্ৰ এটা নামেই নহয়; অসমীয়া চলচিত্ৰ জগতৰ এটা দশকক চিনাকী কৰোৱা এজন সফল অভিনেতা। বৰ্তমান জি.এন.আৰ.চি ত চিকিৎসাধীন হৈ থকা অভিনেতা গৰাকী যাতে সোনকালেই সুস্থ হৈ উঠে তাৰেই প্ৰাৰ্থনা কৰিছে এতিয়া সমগ্ৰ অসমবাসীয়ে।

১৯৫৭ চনত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত “পিয়লি ফুকন” আছিল নিপন গোস্বামীৰ জীৱনৰ প্ৰথমখন বোলছবি; য’ত তেও এগৰাকী শিশুৰ চৰিত্ৰত আছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান তেজপুৰত জন্মগ্ৰহণ কৰা গোস্বামীয়ে সৰুৰ পৰাই পাইছিল এক সাংস্কৃতিক পৰিৱেশ। নিপন গোস্বামীক এজন চুপাৰষ্টাৰৰ শাৰীত থিয় কৰাইছিল ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত বোলছবি “ড° বেজবৰুৱা” ই। প্ৰায় ১০০ খন বোলছবি আৰু প্ৰায় ৫০ খন চুটি ছবিত অভিনয় কৰা অভিনেতা গৰাকী ধাৰাবাহিকত কাম কৰিবলৈও পিছ হুহকা নাছিল। তেওঁক “ঋতু আহে ঋতু যায়” নামে ধাৰাবাহিকত দেখিবলৈ পোৱা গৈছিল। ইয়াৰ উপৰিও তেওঁ কহিনুৰ, আৱাহনকে ধৰি হেঙুল,শকুন্তলা আদি থিয়েটাৰ গোষ্ঠীৰ লগতো কাম কৰিছিল। তেওঁ কামত সৰু-বৰ বাচনি কৰা নাছিল বাবেই তেওঁক অসমৰ আটাইতকৈ বেছি অভিনয় কৰা এজন সফল অভিনেতা বুলি ক’লেও অতিৰঞ্জিত কৰা নহ’ব।

অসমীয়া বোলছবিক এক উচ্ছ পৰ্যায়লৈ লৈ যোৱা চেষ্টা কৰিছিল অভিনেতা গৰাকীয়ে। হিৰ’, ভিলেইন,দেউতা, ককা আদি ভিন্ন চৰিত্ৰতেই দেখা পোৱা গৈছিল তেওঁক। উল্লেখ্য যে, ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা পৰিচালিত “কালসন্ধ্যা” আৰু কল্পনা লাজমিৰ দ্বাৰা পৰিচালিত “দমন” নামৰ হিন্দী বোলছবিতো ভূমুকি মাৰিছিল অভিনেতা নিপন গোস্বামী।

এক কথাত ক’বলৈ হ’লে নিপন গোস্বামী আছিল অসমীয়া বোলছবি জগতৰ উজ্জ্বল নক্ষত্ৰ। যাৰ উজ্জ্বলতা কোনোদিন মাৰ যাব নোৱাৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform