Rupaliparda.com
মানস ৰৱীন, প্ৰিয়ংকা ভৰালী আৰু তৰুণ তন্ময়ৰ যুঁটিৰে প্ৰকল্প "পখিলা ২০২১"- 1

মানস ৰৱীন, প্ৰিয়ংকা ভৰালী আৰু তৰুণ তন্ময়ৰ যুঁটিৰে প্ৰকল্প “পখিলা ২০২১”-

আকৌ তিনিগৰাকী জনপ্ৰিয় কন্ঠশিল্পীৰ যুঁটীয়া প্ৰকল্পৰে মুক্তি লাভ কৰা এটি প্ৰকল্প; মুক্তিৰ পিছতেই শ্ৰোতাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে প্ৰকল্পটোৱে। সংগীতশিল্পী মানস ৰবীনৰ দ্বাৰা নিবেদিত নতুন প্ৰকল্প “পখিলা ২০২১” ৰ গীতত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু তৰুণ তন্ময়ে। গীতটিৰ এক সৰু ভিডিঅ’ আপলোড কৰি কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে শ্ৰোতাক জানিবলৈ দিয়ে এই কথা। আহিবলগীয়া গীতটিত কথা আৰু সুৰ মানস ৰবীনৰ নিজৰেই; আনহাতে লিৰিকেল ভিডিঅ’ৰ দায়িত্বত আছে সঞ্জীৱ কলিতা। বিগত বহু সময়ৰ পিছত মানস ৰবীনৰ এটা নতুন গীত অনুৰাগীয়ে শুনিবলৈ পাব। “ক’ৰোণা ভাইৰাছ” ৰ লগতে বানপানীৰ কালছোৱাত যথেষ্ট সংখ্যক লোকক সক্ৰিয়তাৰে সহায় আগবঢ়োৱা মানস ৰবীনৰ অনুৰাগীৰ শাৰীটো আমি কোনোপধ্যেই নুই কৰিব নোৱাৰো। ১৯৯৯ চনত মানস ৰবীনে লাভ কৰিছিল “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছৰ ফিল্ম এৱাৰ্ড”। ১৯৯৫ চনত মুক্তিপ্ৰাপ্ত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ পেলোৱা মানস ৰৱীন পিছলৈ “এন কে প্ৰডাকচন” ৰ সৈতে জড়িত হৈ পৰে। উক্ত প্ৰডাকচন হাউচটোৰ প

ৰাই তেওঁ সংগীত জীৱনৰ কিছু নতুন মূৰ লাভ কৰিবলৈ সক্ষম হয়। মানস ৰৱীন আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ যি যুগলবন্দী; সেয়া অসমীয়া সংগীত প্ৰেমী ৰাইজৰ বাবে খুব সুন্দৰ অনুভৱ আছিল বুলি ক’ব পৰা যায়।

মানস ৰৱীন, প্ৰিয়ংকা ভৰালী আৰু তৰুণ তন্ময়ৰ যুঁটিৰে প্ৰকল্প "পখিলা ২০২১"- 2


সমান্তৰালকৈ তৰুণ তন্ময়ৰ কন্ঠৰে বৰ্তমানলৈ মুক্তিপ্ৰাপ্ত গীতসমূহত ৰাইজৰ সঁহাৰিৰ দিশটো আমি দেখি আহিছো; তেওঁৰ কন্ঠৰ বাবেই তেওঁৰ অনুৰাগী শ্ৰোতা। শেহতীয়াকৈ প্ৰিয়ংকা ভৰালীয়ে “এচেৰেঙা ৰ’দালী” তৰফৰ পৰা ২০২০ বৰ্ষটোৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰিছিল। কন্ঠশিল্পী গৰাকীয়ে নিজৰ পুৰষ্কাৰৰ এখন ফটো চচিয়েল মিডিয়া যোগে আপলোড কৰে আৰু এই প্ৰাপ্তিৰ বাবে নিজৰ সুখানূভূতিও ব্যক্ত কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform