Rupaliparda.com
আশুতোষ মহাদেৱ ফুকনৰ প্ৰেমৰ গীত "মনোমুগ্ধ"- 1

আশুতোষ মহাদেৱ ফুকনৰ প্ৰেমৰ গীত “মনোমুগ্ধ”-

ফাগুনৰ বতৰে মেলানি মাগি আগবাঢ়ি গ’লেও এই ফাগুনৰ এক সুন্দৰ অনুভৱে আমাক প্ৰতিদিনেই শিহৰিত কৰি ৰাখে। শুকান হৃদয়ত প্ৰেমৰ গীতাৰ খন বজাই অহা এই ফাগুন মাহটো। অশান্ত সাধাৰণজন আৰু অশান্ত হৃদয়ৰ মাজত এক প্ৰেমময় বাৰ্তা কঢ়িয়াই আনে এই ফাগুনৰ বতাহ জাকে। পলাশৰ ৰঙেৰে উপচি পৰে এই অভিমানী ভালপোৱা বোৰ। ফাগুন বুলিলেই যে সাঁৱতি ধৰা হৃদয়বোৰত অহৰহ বাজে প্ৰেমৰ গান; মুঠৰ ওপৰত ফাগুন বুলিলেই নাচে মনবোৰ, হৃদয়বোৰ। সকলোৰে বাবে যেন আপোন এই মাহটো; শুকান হ’লেও মলয়া বতাহ জাকৰ নাচোনত নাচি থাকে হিয়াবোৰ। ফাগুনৰ শেষত আপোনালোকলৈ আনিছো আন এটি ফাগুনৰ গীত। একাংশ শ্ৰোতা-দৰ্শকৰ পৰা যদিও আঁতৰি আছে গীতটিয়ে শুনোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গীতটিৰ নাম হৈছে “মনোমুগ্ধ”। সম্প্ৰতি সময়ছোৱাত এনে একাংশ নৱপ্ৰজন্ম সমুখলৈ আহিছে; যাৰ দ্বাৰা সৃষ্ট একোটা গীতে সাধাৰণ শ্ৰোতা-দৰ্শককে আৰম্ভ কৰি প্ৰতিষ্ঠিত এগৰাকী সংগীত শিল্পীৰ হৃদয়তো সৃষ্টি কৰে খলকনিৰ। গীতটিক লৈ ধনাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেওঁলোকেও।


সদ্যমুক্তিপ্ৰাপ্ত “মনোমুগ্ধ” গীতটিত কন্ঠদান কৰাৰ উপৰিও ইয়াৰ কথা, সুৰ আৰু সংগীতৰ দায়িত্বত আছে আশুতোষ মহাদেৱ ফুকন নিজেই। গীতাৰ বজাইছে ভাস্কৰ শইকীয়াই লগতে ইয়াত বাঁহী ভাস্কৰ জ্যোতি কলিতাৰ; percussion ত আছে মুনমুন দাস, পিয়ান’ ৰ দায়িত্বত আছে শ্যামল ভূঞা। শব্দ-সংমিশ্ৰণৰ দায়িত্বত আছে ক্ৰমে কংকন মেছ আৰু সুমিত বৰা। গীতটিৰ ভিডিঅ’ ৰ দৃশ্যগ্ৰহণ জ্যোতিপন শৰ্মাৰ আৰু ভিডিঅ’ৰ বিষয়বস্তু আৰু পৰিচালনাৰ দায়িত্বত আছে কন্ঠশিল্পী গৰাকী। উল্লেখ্য যে, ২০১৮ চনত আশুতোষৰ প্ৰথমটো গীত “নদী” ক মুকলি কৰা হয় আৰু তাৰ পিছতেই ২০২০ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কন্ঠশিল্পী গৰাকীয়ে মুকলি কৰে তেওঁৰ আন এটা ৰোমান্টিক গীত “চিঞৰি চিঞৰি”। মুক্তি লাভ কৰা উক্ত দুয়োটি গীত “জাক হেৰুৱা পখী” এই এলবামটোতেই অন্তৰ্ভূক্ত। আনহাতে, আকৌ এবাৰ আন এটি গীত “মই” য়েও দৰ্শকৰ মাজত মুক্তি লাভ কৰিছে। সংগীতৰ ক্ষেত্ৰখনত কৰা এনে আৰম্ভণিক লৈ উৎসাহিত আশুতোষ নিজেও। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত অনুৰাগ শইকীয়াও প্ৰশংসা কৰে আশুতোষৰ এই “জাক হেৰোৱা পখী” শীৰ্ষক নতুন গীতটিক।

আশুতোষ মহাদেৱ ফুকনৰ প্ৰেমৰ গীত "মনোমুগ্ধ"- 2

সংগীত ক্ষেত্ৰখনত সন্নিৱিষ্ট হ’বলৈ আশুতোষৰ নিৰৱিচ্চিন্ন প্ৰচেষ্টাই তেওঁক অধিক গ্ৰহণযোগ্য কৰি তুলিছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁলৈ যাঁচিছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform