Rupaliparda.com
চাচপেন্স থ্ৰীলাৰ "Evening Gush" ৰ সৈতে জাহিদ খানঃ 1

চাচপেন্স থ্ৰীলাৰ “Evening Gush” ৰ সৈতে জাহিদ খানঃ

কেইবাখনো চুটি ছবিৰ পৰিচালক শাহিদ খানৰ পৰিচালনাৰে আন এখন চুটি ছবি আপোনালোকৰ কাষ চাপিবলৈ প্ৰস্তুত হৈ উঠিছে। ১৯৯১ চনত অসমৰ এখন সৰু ঠাইত জন্মগ্ৰহণ কৰা জাহিদে এই ক্ষেত্ৰখনত নিজক সুন্দৰ ৰূপত প্ৰতিষ্ঠিত কৰাৰ স্বাৰ্থত অহৰহ প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে। তেওঁৰ দ্বাৰা শেহতীয়াকৈ সম্পূৰ্ণ হৈ উঠা চুটি ছবিখনৰ নাম হৈছে “Evening Gush”। আচলতে, চুটি ছবি বুলি ক’লেই এতিয়া দৰ্শকৰ হৃদয়ত বহুল উৎসাহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। তাতেই আকৌ একোগৰাকী প্ৰশিক্ষিত আৰু জনপ্ৰিয় পৰিচালকৰ আহিবলগীয়া প্ৰকল্পই প্ৰত্যেককে উৎকন্ঠিত কৰি তোলাটো আচলতে তেনেই স্বাভাৱিক; নহয়নে? আহিবলগীয়া চুটি ছবিখনক লৈ উৎসাহিত পৰিচালক গৰাকীয়ে ইয়াত সন্নিৱিষ্ট কৰা কাহিনীভাগ হৈছে চাচপেন্স থ্ৰীলাৰ। গুৱাহাটী মহানগৰীত কৰ্মৰত দুগৰাকী সাধাৰণ ছোৱালীৰ সৈতে ঘটা এক ঘটনাৰ আঁৰ লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে উক্ত চুটি ছবিখন। কেতিয়াবা কোনো সময়ত আমাৰ মনস্তাত্বিক কিছু খেলি-মেলিৰ ফলত আমি আমাৰ সৈতে ঘটি থকা ঘটনাটোক আওঁকান কৰি কল্পনাৰাজ্যত জীয়াই থাকিবলৈ বিচাৰি আৰু যেতিয়াই সেই কল্পনাৰাজ্যৰ পৰা আঁতৰি আমি বাস্তৱ জীৱনত ভৰি দিয়ো তেতিয়া আমাৰ কথাবোৰ বুজিবলৈ, তাৰ ওপৰত নিজ মন্তব্য ব্যক্ত কৰিবলৈ অসুবিধা পাওঁ। উক্ত চুটি ছবিখনৰ সৈতে জড়িত দুই চৰিত্ৰ ক্ৰমে মধুষ্মিতা আৰু নীলাক্ষী ঠাকুৰীয়াৰ সৈতেও এনেই কিছু ঘটনাই ঘটে। ৭ মিনিট ২৩ চেকেণ্ড দৈৰ্ঘ্যৰ এই চুটি ছবিখনক আগন্তুক কিছু দিনৰ ভিতৰতে জনসাধাৰণৰ মাজত উলিয়াই দিয়া হ’ব। ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে সঞ্জনা কোঁচ খান।

চাচপেন্স থ্ৰীলাৰ "Evening Gush" ৰ সৈতে জাহিদ খানঃ 2
চাচপেন্স থ্ৰীলাৰ "Evening Gush" ৰ সৈতে জাহিদ খানঃ 3


পেচাত এগৰাকী শিক্ষয়িত্ৰী সঞ্জনাই বৰ্তমানলৈ শাহিদৰ তিনি নম্বৰ প্ৰকল্পৰ প্ৰযোজনাৰ সৈতে জড়িত হৈছে। চুটি ছবিখনত দুটিয়ে মূখ্য চৰিত্ৰ আছে যি দুটা ৰূপায়ন কৰিছে ক্ৰমে জুৰীণ মহন্ত। এইগৰাকী অভিনেত্ৰী শেহতীয়াকৈ আন এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ সৈতেও জড়িত,হৈছে। আনহাতে, নীলাক্ষী কলিতাক আহিবলগীয়া সময়ত আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে দৰ্শকে দেখিবলৈ পাব। “Evening Gush” ৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে পৰিচালক জাহিদ খান নিজেই। লগতে, দৃশ্যগ্ৰহণ কৰিছে প্ৰীত বৰুৱাই আৰু ৰূপসজ্জা পতিয়সী বৰদলৈৰ। বেকগ্ৰাউণ্ড স্কৰ ভাস্কৰ মেধিৰ, থীম চং ৰূপান্তৰ পূজাৰীৰ। সমান্তৰালকৈ, ছবিখনৰ চাউণ্ড ডিজাইন আৰু মিক্সিং জ্যোতি চেতিয়াৰ; লগতে, সহঃ পৰিচালনা আৰু পোহৰ হীৰু বৰগোঁহাইৰ। ষ্টিল ফটোগ্ৰাফী ৰাকেশ ভৰালীৰ আৰু প্ৰডাকচন কন্ট্ৰোল আমিৰ সাহনাৱাজৰ। ইয়াৰ পূৰ্বেও জাহিদ খানে “লক-ডাউন” ৰ সময়ছোৱাত সুক্ষ্ম কিছু শব্দৰ বহুল ভাৱক ব্যক্ত কৰি আৰম্ভ কৰিছিল এটি অডিঅ’ ব্লগ; যাৰ নাম হৈছে “Inside Out”। জনসাধাৰণৰ স্মৃতিৰ কোঠালিত বহু বস্তুয়ে সন্তপৰ্ণে জিৰণি লয়; ই কেতিয়াবা গভীৰ ভাৱে ভাবিবলৈ বাধ্য কৰে ব্যক্তিবিশেষক। জাহিদ খানৰ উক্ত প্ৰচেষ্টাত এনে এক বিষয়বস্তুৰে সোঁৱাদ লাভ কৰিছিল শ্ৰোতাই।

চাচপেন্স থ্ৰীলাৰ "Evening Gush" ৰ সৈতে জাহিদ খানঃ 4


তেওঁ মুকলি কৰা প্ৰতিটো খণ্ডই সঁহাৰি লাভ কৰিছিল বহুল জনসাধাৰণৰ। তেওঁৰ আহিবলগীয়া প্ৰকল্পটোক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform