Rupaliparda.com
জীৱনৰ ভিন্ন মতাদৰ্শনেৰে "আকৌ নতুন প্ৰভাত হ'ব"- 1

জীৱনৰ ভিন্ন মতাদৰ্শনেৰে “আকৌ নতুন প্ৰভাত হ’ব”-

আমাৰ জীৱনবোৰ আচলতে তেনেই সাধাৰণ; প্ৰতিটো মূহুূৰ্তত আমি আমাৰ লক্ষ্যস্থান পাবলৈ প্ৰয়াস কৰি যাব লাগে। প্ৰচেষ্টাতেই আমাৰ জীৱনবোৰ ভিত্তি কৰে; আমি লক্ষ্যত উপনীত হ’বলৈ হাজাৰটা কাঁইটীয়া বাটে আগবাঢ়ি যাবলগীয়া নহওঁক কিয় আমি যদি আমাৰ লক্ষ্য স্থিৰ ৰাখো তেতিয়াহ’লে কোনোকালেই কোনো বাধা হেঙাৰ হৈ থিয় দিব নোৱাৰে। আচলতে, বহু ব্যক্তিয়ে নিজ নিজ জীৱনটো জটিল বুলি ভাৱে; সুখানুভূতিবোৰ সৰু সৰু বস্তুতেই নিবিচাৰি কেতিয়াবা ডাঙৰ কিবা এটা বিচাৰি আগবাঢ়োতে গোটেই জীৱনটোৱে হেৰুৱাই দিবলগীয়াত পৰে। কিন্তু, একাংশই নিজৰ জীৱনটোৰ সৰু সৰু অনুভৱতেই সুখী হয় জীৱনটো পূৰ্ণৰূপত জীয়াবলৈ চেষ্টা কৰে। আমি জীৱনকেন্দ্ৰিক কেইবাটাও সুন্দৰ প্ৰকল্প উপভোগ কৰিছো, নহয়নে? এইবাৰ এই জীৱন চোৱাৰ ভিন্ন মানসিকতাক লৈ একাংশ নৱপ্ৰজন্মই সৃষ্টি কৰি উলিয়াইছে আন এখন চুটি ছবি “আকৌ নতুন প্ৰভাত হ’ব”। দুগৰাকী বন্ধুৰ নিজ নিজ জীৱনটোক উপভোগ কৰাৰ ভিন্ন ধৰণৰ চিন্তাই ছবিখনৰ কাহিনীভাগ উপভোগ্য কৰি তুলিছে।


উক্ত চুটি ছবিখনত অভিনয় কৰিছে তানিক্সা দাস, মৃন্ময় বড়ো, মানস প্ৰতীম শৰ্মা আৰু অলকেশ কলিতাই। আনহাতে সহঃ অভিনেতাৰ চৰিত্ৰ ৰূপায়ন কৰিছে কুলদ্বীপ পেগু, জিতুমণি হাজৰিকা, ৰাহুল চেত্ৰী আৰু মিন্তু দাসে। আৱহ সংগীত মৃন্ময় কলিতাৰ; চিনেমেটো’গ্ৰাফী ৰাহুল দাসৰ। আনহাতে, চুটি ছবিখনৰ পৰিচালনা, স্ক্ৰীপ্ট আৰু সম্পাদনা মৃন্ময় বড়োৰ। চুটি ছবিখন এক গুৰুত্বপূৰ্ণ বাৰ্তাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে যদিও ইয়াত দৃশ্যগ্ৰহণ তথা সংলাপৰ ক্ষেত্ৰত কিছু জোৰ দিব পৰা গ’লহেঁতেন যেন অনুভৱ হয়। সমান্তৰালকৈ, চুটি ছবিখনে জীৱন কেন্দ্ৰিক কিছু বাৰ্তা প্ৰেৰণ কৰাৰ লগতে সম্প্ৰতি সমাজত সংঘটিত কিছু কলা ঘটনাকো সংযোজন কৰা হৈছে।ৱবিগত বৰ্ষৰ প্ৰায় এইখিনি সময়ৰ পৰাই সমগ্ৰ বিশ্বত স্তব্ধতাই বিৰাজ কৰিছিল। স্তব্ধতা যদিও অইন বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল; তৎস্বত্বেও এই স্তব্ধতাই গ্ৰাস কৰিব পৰা নাছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক। একাংশৰ প্ৰতিভাৰ আৱিৰ্ভাবৰ লগতে বহু নৱপ্ৰজন্মৰ সুন্দৰ কাম সমূহ আমি উপভোগ কৰিবলৈ সক্ষম হৈছিলো। ঠিক সেইখিনি সময়ৰ পৰাই আমি একোখন অসমীয়া চুটি ছবি সমূহৰ মুক্তিক লৈ উৎসাহিত হৈ পৰিছো।

জীৱনৰ ভিন্ন মতাদৰ্শনেৰে "আকৌ নতুন প্ৰভাত হ'ব"- 2


নতুন বিষয়বস্তু সমূহৰ সোঁৱাদ ল’বলৈ উৎকন্ঠিত হৈছো। এই নতুন প্ৰয়াস আৰু প্ৰচেষ্টাৰ বাবেই এওঁলোক আগবাঢ়িবলৈ আমি শুভকামনা জনাইছো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform