Rupaliparda.com
কল্লোল বৰঠাকুৰৰ কন্ঠৰে "শ্বিলঙৰে গধূলি" ৰ নতুন সংস্কৰণঃ 1

কল্লোল বৰঠাকুৰৰ কন্ঠৰে “শ্বিলঙৰে গধূলি” ৰ নতুন সংস্কৰণঃ

কল্লোল বৰঠাকুৰৰ কন্ঠৰে নিগৰিত “শ্বিলঙৰে গধূলি” শীৰ্ষক এই গীতটি প্ৰায় সংগীতপ্ৰেমী শ্ৰোতাৰেই প্ৰিয় গীত; নহয়নে বাৰু? শুনি থাকিলেও আমনি নলগা এই গীতটিক আপোনালোকৰ মাজলৈ আকৌ এবাৰ লৈ আনিছে গীতটিৰ কন্ঠশিল্পী গৰাকীয়ে নিজেই। গীতটিৰ নতুন সংস্কৰণ এটাক তেওঁ পুনৰ বাৰ মুকলি কৰি দিছে তেওঁৰেই ব্যক্তিগত ইউটিউব চেনেলত। গীতটিত কথা ঋষিকেশ পৰাশৰ আৰু সুনীত গগৈৰ; সুৰ কৰিছে ঋষিকেশ পৰাশৰ আৰু কল্লোল বৰঠাকুৰে। সংগীত আৰু মিস্কাৰৰ দায়িত্বত আছে প্ৰণয় দত্ত লগতে মাষ্টাৰিং দিগন্ত বৰদলৈৰ; আনহাতে, এডিশ্বনেল প্ৰগ্ৰামিং পিংকুলৰ। গোলাঘাটৰ লেটেকুজানত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে ১৯৯৯ চনত পোন প্ৰথমবাৰৰ সংগীত জগত খনত খোজ পেলাইছিল। তাৰ পিছৰ পৰাই তেওঁৰ অব্যাহত আছিল এগৰাকী কন্ঠশিল্পী হিচাপে তেওঁৰ সফল যাত্ৰা। “শ্বিলঙৰে গধুলি, নামি আহে কুঁৱলি” শীৰ্ষক গীতটিৰ জনপ্ৰিয়তা নুই কৰিব পৰা নাযায় লগতে অসমীয়া সংগীত ক্ষেত্ৰখনত যদি জনপ্ৰিয় কন্ঠশিল্পীৰ নাম ল’বলগীয়া হয় তেন্তে কল্লোল বৰঠাকুৰৰ নাম লোৱাটো বাহুল্য।


শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে কন্ঠশিল্পী গৰাকীয়ে। যোগদান কৰিয়ে তেওঁ চচিয়েল মিডিয়া যোগে এই খবৰ জনসাধাৰণৰ মাজত ব্যক্ত কৰে। কিন্তু ইয়াৰ পিছতেই আৰম্ভ হৈছিল সমালোচনাৰ, অনুৰাগী অসুখী হৈছিল তেওঁৰ সিদ্ধান্তত তথা ৰাজনৈতিক ক্ষেত্ৰখনত নামি পৰাৰ বাবে। একাংশই তেওঁৰ চচিয়েল মিডিয়া পোষ্টটো পোৱা পিছতেই তেওঁক সমালোচনা কৰাৰ উপৰিও ফেচবুকৰ ফ্ৰেণ্ডলিষ্টৰ পৰা আঁতৰাই দিয়াৰ কথাও প্ৰকাশ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform