Rupaliparda.com
সপোন শইকীয়া আৰু পাপলু চেতিয়াৰ নতুন যুঁটিয়ে দিলে "কেতেকী" ৰ বিষাদৰ গাঁথাঃ 1

সপোন শইকীয়া আৰু পাপলু চেতিয়াৰ নতুন যুঁটিয়ে দিলে “কেতেকী” ৰ বিষাদৰ গাঁথাঃ

“মই কেতেকী”; আৱেগৰ ৰঙালীৰ লগতেই অহা এটি চিনাকী মাত। যি মাতে কঢ়িয়াই আনে ৰঙালী অহাৰ বতৰা; কেতেকীৰ বিননিয়ে মছগুল কৰিবলৈ সক্ষম হোৱা একাংশৰ বাবে “তাই” প্ৰতিদিনেই উৎসাহ। আৱেগৰ তথা চেনেহৰ বিহুটোৰ বতৰা দিবলৈ অহা কেতেকীজনীয়ে কুলিৰ সৈতে কোনোধৰণৰ প্ৰতিদ্বন্দিতা নকৰি নিজেই নিজৰ ধৰণে বিনাই যায়। “কেতেকী” ক লৈ লিখি উলিওৱা অথবা ৰচনা কৰা প্ৰায় প্ৰকল্পবোৰেই আমি উপভোগ কৰিবলৈ অথবা পঢ়িবলৈ পাইছো। শেহতীয়াকৈ এই কেতেকী গৰাকীক কেন্দ্ৰ কৰিয়েই মুক্তিলাভ কৰিছে এটি নতুন গীত “কেতেকী”। গীতটিত কথা নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰা প্ৰতিভা পাপলু চেতিয়াৰ; গীতটিৰ ৰচনাৰ আঁৰত থকা উদ্দেশ্যটো জানিবলৈ বিচৰাত তেওঁ কয় যে, “সৰু থাকোতে আইতাৰ মুখৰ পৰাই সাধু এটা শুনিছিলো; ব’হাগ বিহুত যেতিয়া কুলি আৰু কেতেকী দুয়োজনীয়ে মাতিছিল তেতিয়া মই আইতাক সুধিছিলো যে কুলি জনীয়ে যদি “কু” বুলি মাতে তেতিয়াহ’লে কেতেকী জনীয়েনো কিয় “মই কেতেকী” বুলি মাতে! তেতিয়া আইতাই কৈছিল যে কেতেকীজনীক সৰুতে তাইৰ মাক-দেউতাকে এৰি থৈ গৈছিল আৰু সেইকাৰণে তাই প্ৰতিটো বসন্তত মাক-দেউতাকক বিচাৰিবলৈ আহে। মাক-দেউতাকক বিচাৰি নাপায় বাবেই তাই নিজৰ চিনাকীটো দি মাতে “মই কেতেকী” বুলি। এইখিনি কথা মনলৈ আনিয়ে গীতটি লিখি উলিওৱা হৈছে; ব’হাগ মাহটো উছাহ-উদ্দীপনাৰে পৰিপূৰ্ণ; ব’হাগে উতলা কৰে যদিও কেতেকী জনীয়ে এই ব’হাগত এটা বিষাদ কঢ়িয়াইয়ে উৰি ফুৰে।”


পাপলু চেতিয়াৰ উক্ত গীতটিত কথাৰ বহুল প্ৰশংসা হোৱাৰ সমান্তৰালকৈ গীতটিত কন্ঠদান কৰা প্ৰতিভা গৰাকীকো শ্ৰোতাই নুই কৰিব পৰা নাই। তেওঁৰ নাম হৈছে সপোন শইকীয়া; যোৰহাটত জন্মগ্ৰহণ কৰা সপোনে সৰুৰ পৰাই গীতাৰ বজাবলৈ শিকাৰ লগতে হিন্দুস্তানী গীতৰো শিক্ষা অৰ্জন কৰিছিল। তাৰ পিছত তেওঁ মিউজিক প্ৰডাকচনৰ সৈতে জড়িত হয় অসমীয়া কন্ঠশিল্পী নীল আকাশৰ দুটা গীতৰ লগতে জুবিন গাৰ্গৰ গীতটো সংগীত দিয়ে। ২০১৭ চনত মায়ানগৰীত প্ৰতিষ্ঠা লাভ কৰাৰ মানসেৰে তেওঁ চেন্নাইলৈ গৈ এ.এৰ.ৰহমানৰ “KM Music College” ত চাউণ্ড ইঞ্জিনীয়াৰিং আৰু মিউজিক প্ৰডাকচনৰ ওপৰত শিক্ষা গ্ৰহণ কৰি চেন্নাইতে কিছুদিনলৈ বিভিন্ন সংগীতৰ সৈতে জড়িত কামত ব্যস্ত হৈ থাকে। সপোন শইকীয়া আৰু পাপলু চেতিয়াৰ নতুন যুঁটিটোৱে বৰ্তমান উৎসাহিত কৰিছে সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকক। তেওঁলোকৰ যুঁটিটোৰে এতিয়া আন কেইবাটাও গীতৰ অপেক্ষা কৰিছে বহুজনে। কন্ঠদানৰ সমান্তৰালকৈ গীতটিৰ পৰিচালনা, প্ৰযোজনা আৰু ব্যৱস্থাপনাৰ দায়িত্বতো আছে সপোন শইকীয়া নিজেই।

সপোন শইকীয়া আৰু পাপলু চেতিয়াৰ নতুন যুঁটিয়ে দিলে "কেতেকী" ৰ বিষাদৰ গাঁথাঃ 2


আনহাতে, গীতাৰ বজাইছে কন্দৰ্প কলিতাই। সপোন শইকীয়া আৰু পাপলু চেতিয়াৰ এই নতুন যুঁটিটোৰ সফলতাক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform