Rupaliparda.com
KC Digital Films ৰ বেনাৰত এইবাৰ নতুন গানঃ শংকুৰাজ আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটিৰে "গানে গানে"- 1

KC Digital Films ৰ বেনাৰত এইবাৰ নতুন গানঃ শংকুৰাজ আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটিৰে “গানে গানে”-

“অলকনন্দা”, “জলপ্ৰপাত”, “মৌ পিয়া” আদিৰ লগতে শেহতীয়া আন কেইবাটাও অসমীয়া গীত আৰু লাখ-লাখ শ্ৰোতাৰ আৱেগ সন্মিলিত কন্ঠ। শংকুৰাজ আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটি টোৱে ইমানেই অধিক খলকনিৰ সৃষ্টি কৰিছে যে ইয়াক আকৌ এবাৰ বুজাই কোৱাটোৰ হয়টো প্ৰয়োজন নাই। আমি কেতিয়াবা সংগীতৰ ক্ষেত্ৰ খনক লৈ বৰ আঁকোৰগোজ হৈ পৰো। নহয়নে? ব্যক্তিগত ভাৱে ভালপোৱা এটা গীতক আমি শুবলৈ যাওঁতে, খাওঁতে অথবা অতি ব্যস্ততাৰ সময়তো শুনিবলৈ বিচাৰো; যি গীতে আমাৰ মনত প্ৰশান্তি আনে সি হয় পৰে আপোনতকৈও যেন আপোন। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ শংকুৰাজ, সান্নিধ্য তথা তন্মৰ ক্ষেত্ৰতেই নহওঁক কিয়; ভাল কামৰ চৰ্চা দেৰিকৈ হ’লেও হোৱাটো যে একেবাৰেই স্বাভাৱিক। ঠিক তেনেই এটি গীত হৈছে “অলকানন্দা”; “উভতাই আনিলা, জীয়াই তুলিলা”, “এই ৰিক্ত বুকুতে বাসনা ঢালিলা”। আমাৰ নৱপ্ৰজন্মই প্ৰত্যেকটো সময়ত নিজ নিজ প্ৰতিভা সমূহক এনেদৰেই জনসাধাৰণৰ মাজলৈ লৈ অনা নাই নে? “অলকানন্দা” গীতটিৰ প্ৰতিটো শাৰীয়ে এনেদৰে শিহঁৰিত কৰি তোলে যে আমি ক’ব নোৱাৰাকৈয়ে বাৰম্বাৰ শুনাৰ পিছতো গীতটিৰ প্ৰেমত আকৌ এবাৰ পৰি ৰওঁ। পৰিয়ালৰ কোনো এজনো সদস্য সংগীত ক্ষেত্ৰখনত জড়িত নহ’লেও শংকুৰাজে সৰুৰে পৰা লাভ কৰিবলৈ সক্ষম হৈছিল এক সাংগীতিক পৰিৱেশ। “অলকানন্দা” ৰ সৈতে জড়িত আন এটা উল্লেখনীয় নাম হৈছে মৈত্ৰেয়ী পাটৰ; গীতটিৰ কথা আছিল মৈত্ৰেয়ী পাটৰৰ; যাৰ শব্দৰে মালা গুঠি গীতটিয়ে লাভ কৰিছে পূৰ্ণতা।

KC Digital Films ৰ বেনাৰত এইবাৰ নতুন গানঃ শংকুৰাজ আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটিৰে "গানে গানে"- 2


“জলপ্ৰপ্ৰাত”, “নক্ষত্ৰ” , “মৌ পিয়া” আদিৰ দৰে গীতসমূহ যেতিয়া শ্ৰোতাৰ বাবে প্ৰিয় হৈ পৰে; তেতিয়াই ফুটি উঠে যে সংগীত ক্ষেত্ৰখন এঢাপ এঢাপ আৰু অধিক ওপৰলৈ উঠিব ধৰিছে। গতিকে, এইখিনিতে আপোনালোকলৈ লৈ আনিছো আন এক সুখবৰ ; উক্ত যুঁটিটো অৰ্থাৎ মৈত্ৰেয়ী আৰু শংকুৰাজ আন এটি সুন্দৰ গীতৰ বাবে সাজু হৈ উঠিছে। গীতটিৰ নাম হৈছে “গানে গানে”। কাইলৈ অৰ্থাৎ ১৩ এপ্ৰিলত মুক্তি পাবলগীয়া এই গীতটিৰ কথা মৈত্ৰেয়ীৰ আৰু সুৰ শংকুৰাজৰ। গীতটিত কন্ঠদান কৰিছে ক্ৰমে মৈত্ৰেয়ী আৰু শংকুৰাজে। KC Digital Films ৰ বেনাৰত নিৰ্মিত এই গীত “গানে গান” হৈছে “Arranged” শীৰ্ষক চুটি ছবিখনৰ পিছত তেওঁলোকৰ দ্বিতীয়টো প্ৰচেষ্টা । আনহাতে, গীতাৰ ঋতুৰাজ গগৈৰ আৰু বাঁহী বজাইছে ভাস্কৰ কলিতাই। শব্দ সংমিশ্ৰণ কৰিছে সুমিত বৰুৱাই। গীতটি বাণীবদ্ধ কৰা হৈছে কাইফি হামজা আহমেদৰ দ্বাৰা আৰু বাঁহী ৰেকৰ্ড কৰিছে প্ৰণয় দত্তই। ভিডিঅ’ সহ মুক্তি পাবলগীয়া গীতটিৰ ভিডিঅ’ পৰিচালনা তথা বিষয়বস্তু সমুজ্জল কাশ্যপৰ। ইয়াত অভিনয় কৰিছে কেইবাটাও প্ৰকল্পৰ সৈতে দেখিবলৈ পোৱা জনপ্ৰিয় অভিনেতা অচিন্তৰাজ কাশ্যপ আৰু এগৰাকী মডেল তথা অভিনেত্ৰী কৰিশ্মা হাজৰিকাই; ইতিমধ্যে দুয়ো শিল্পীৰেই অনুৰাগী উৎসাহিত হৈ পৰিছে। সহকাৰী পৰিচালনা প্ৰিয়ংকা কাশ্যপৰ; দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যই; কলা নিৰ্দেশনা জ্যোতি ভট্টাচাৰ্য্যৰ। এৰিয়েল ফটোগ্ৰাফী ৰাজা বৰুৱাৰ আৰু সম্পাদনা সমুজ্জল কাশ্যপ আৰু গৌতম মজুমদাৰৰ। প্ৰডাকচন মেনেজাৰ ৰূপম ৰিয়ান ডেকা আৰু ৰূপসজ্জা পাংকু হাজৰিকাৰ।

KC Digital Films ৰ বেনাৰত এইবাৰ নতুন গানঃ শংকুৰাজ আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটিৰে "গানে গানে"- 3


গীতটিক লৈ অপেক্ষাৰত এতিয়া প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতা দৰ্শক। গীতটিৰ সৈতে জড়িত প্ৰত্যেকজন শিল্পী, কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform