Rupaliparda.com
"Folk Fusion Bihu" লেজাইক লৈ নৱপ্ৰজন্মৰ নিহাৰ কাশ্যপ আৰু জেমি গগৈঃ 1

“Folk Fusion Bihu” লেজাইক লৈ নৱপ্ৰজন্মৰ নিহাৰ কাশ্যপ আৰু জেমি গগৈঃ

আমি প্ৰতিজন অসমীয়া আচলতে বিহু বুলিলেই ক’ব নোৱাৰা হৈ পৰো। অইন কোনো ধৰণৰ অনুষ্ঠানেই নহওঁক কিয়; আমি বিহু গীত এটা শুনিবলৈ ডিমাণ্ড কৰোৱেই। বিহুক লৈ অসমীয়াৰ আদৰেই সুকীয়া, গা সাতখন আঠখন হোৱাৰ সমান্তৰালকৈ বিহু বুলিলে কপৌ ফুলপাহ খোঁপাত মেৰিয়াই নাচিবলৈ যাব ইচ্ছা কৰা নাচনী গৰাকীয়েও উৎসাহিত কৰে সকলোকে। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনো পূৰ্বতকৈ অধিক ঠন ধৰি উঠে; ইটোৰ পিছত সিটোকৈ বিহু গীতৰ মুক্তিয়ে বিহুটোক লৈ জনসাধাৰণৰ মাজত আন এক উৎকন্ঠাৰ সৃষ্টি কৰে। বিহু হৈছে আমাৰ আৱেগ; আৰু এই আৱেগটোক লৈ যেতিয়া নৱপ্ৰজন্মই নিজৰ ইচ্ছা ব্যক্ত কৰে তেতিয়া ই পূৰ্বতকৈ অধিক সন্তোুষ্টি প্ৰদান কৰে। নিহাৰ কাশ্যপ আৰু জেমি গগৈয়ে শেহতীয়াকৈ এটি “Folk Fusion Bihu” ক মুকলি কৰি দিছে ৰাইজৰ মাজত। অৱশ্যে বিহু গীত এটাত যেতিয়া নৱপ্ৰজন্মই নিজৰ প্ৰতিভাখিনিক সাঙুৰি লৈ এটি নতুন প্ৰকল্পৰ সৃষ্টি কৰে তেতিয়া তাক জনসাধাৰণেও আঁকোৱালি ল’বলৈ সক্ষম হৈ পৰে। নিজ মাতৃৰ বাবে সংগীতৰ দিশটোত আগবাঢ়ি যোৱা নিহাৰ কাশ্যপে বৰ্তমান সংগীতৰ দিশটোত নিজ খুঁপনি পুঁতিবলৈ অহৰহ প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে। মাতৃ বৰগীতৰ অনাঁতাৰ শিল্পী হোৱা বাবেই নিহাৰে সৰুৰ পৰা সংগীতৰ সৈতে সম্পৰ্ক গঢ়ি তোলা কথাও ব্যক্ত কৰে।

https://youtu.be/wKJCT0LfIRA

"Folk Fusion Bihu" লেজাইক লৈ নৱপ্ৰজন্মৰ নিহাৰ কাশ্যপ আৰু জেমি গগৈঃ 2


সদ্যমুক্তিপ্ৰাপ্ত এই ফিউজন বিহুটোৰ নাম হৈছে “লেজাই”। গীতটিত কন্ঠদান কৰিছে নিহাৰ কাশ্যপ আৰু জেমি গগৈয়ে। আনহাতে, বিহুগীতটিক গ্ৰহণ কৰা হৈছে প্ৰণৱ দিহিঙীয়া আৰু বীৰেণ ডেকাৰ পৰা। লিড গীতাৰত আছে প্ৰিয়াংকু বৰদলৈ আৰু বেছ গীতাৰ বজাইছে নয়ন কলিতাই; ড্ৰাম বজাইছে বিৰাজ বৈশ্যই। “লেজাই” বিহু গীতটিত সংগীত দিয়াৰ উপৰিও শব্দ সংমিশ্ৰণ কৰিছে প্ৰিয়াংকু বৰদলৈয়ে। ৰূপসজ্জা ৰাতুল কলিতাৰ আৰু সাজসজ্জা নমিতা দাসৰ; ইয়াৰ লগতে, ভিডিঅ’ পৰিচালনা জিৎপ্লাৱনৰ আৰু ভিডিঅ’গ্ৰাফী প্ৰৱীণ বসুমতাৰীৰ। ভিডিঅ’ সম্পাদনা আৰু ৰং জিতু ৰায়ৰ। বিহুটোক আদৰিবলৈ এইবাৰ প্ৰত্যেকেই নিজ নিজ ধৰণেৰে যা-যোগাৰ সমূহ কৰিবলৈ আৰম্ভ কৰিছে; ক’ৰবাত অকণমান বিভীষিকাই গা কৰি উঠিছে যদিও সজাগ-সচেতন হৈ এইবাৰ বিহু উদযাপনত আগভাগ ল’বলৈ চেষ্টা কৰিছে সকলোৱে।

"Folk Fusion Bihu" লেজাইক লৈ নৱপ্ৰজন্মৰ নিহাৰ কাশ্যপ আৰু জেমি গগৈঃ 3

“লেজাই” বৰ্তমান মৰম দিছে অসমীয়া জনসাধাৰণে। বিহুটোৰ জড়িত প্ৰতিজন শিল্পী, কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform